ETV Bharat / state

Exclusive interview with ENT expert: বিশ্ব শ্ৰৱণ দিৱস উপলক্ষে ডাঃ স্বাগতা খান্নাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

বিশ্ব শ্ৰৱণ দিৱস উপলক্ষে বিশিষ্ট ই এন টি বিশেষজ্ঞ ডাঃ স্বাগতা খান্নাৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ । অত্যাধিক শব্দৰ মাজত কাম কৰি থকা লোকৰ মাজত কাণৰ সমস্যা হোৱা দেখা যায় । হেড ফোনৰ অত্যধিক ব্যৱহাৰে কাণৰ বৃহৎ ক্ষতি সাধন কৰে বুলি মন্তব্য ডাঃ খান্নাৰ (Exclusive interview with ENT expert) ।

author img

By

Published : Mar 3, 2023, 8:45 PM IST

Exclusive interview with ENT expert
World Hearing Day 2023
ডাঃ স্বাগতা খান্নাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

গুৱাহাটী, ৩ মাৰ্চ: সমগ্ৰ দেশৰ লগতে অসমতো আজি বিশ্ব শ্ৰৱণ দিৱস পালন কৰা হয় । এই দিৱসটোৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় । বিশ্ব শ্ৰৱণ দিৱস উপলক্ষে গুৱাহাটীৰ বিভিন্ন চিকিৎসালয়ত স্বাস্থ্য শিবিৰৰ লগতে সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হয় (World Hearing Day 2023) ।

গুৱাহাটীৰ স্বাগত হাস্পতালতো বিশ্ব শ্ৰৱণ দিৱস উপলক্ষে বিনামূলীয়া শ্ৰৱণেন্দ্ৰিয় পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয় । বিশ্ব শ্ৰৱণ দিৱস উপলক্ষে ইটিভি ভাৰতৰ তৰফৰ পৰা বিশিষ্ট ই এন টি বিশেষজ্ঞ তথা স্বাগত হাস্পতালৰ সঞ্চালক ডাঃ স্বাগতা খান্নাৰ এক আছুতীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল । সাক্ষাৎকাৰত তেওঁ দিৱসটোৰ তাৎপৰ্য উল্লেখ কৰি কয় যে, প্ৰত্যেক বছৰে ৩ মাৰ্চটো সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিশ্ব শ্ৰৱণ দিৱস হিচাপে পালন কৰি অহা হৈছে । এই বছৰৰ বিষয়বস্তু হৈছে ‘‘ইয়েৰ এণ্ড হিয়েৰিং কেয়াৰ ফৰ অল, লেটচ মেক ইট এ ৰিয়েলিটি ।’’ (Theme of World Hearing Day 2023)

লগতে পঢ়ক: Exclusive interview: অপৰাধ প্ৰৱণতা সন্দৰ্ভত মনোৰোগ বিশেষজ্ঞৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

তেওঁ কয় যে, বৰ্তমান সময়ত বিভিন্ন কাৰণত শ্ৰৱণ শক্তি হ্ৰাস পোৱা দেখা গৈছে । ক্ৰনিক ইনফেক্সনৰ বাবে বহু সময়ত কাণেৰে নুশুনা হয় । সেইদৰে ল’ৰা-ছোৱালীৰ মাজত সকলো সময়তে হেডফোন ব্যৱহাৰ কৰি থকাৰ ফলত শ্ৰৱণ শক্তি হ্ৰাস পোৱা দেখা গৈছে । হেডফোনৰ অত্যাধিক ব্যৱহাৰে কাণৰ বৃহৎ ক্ষতি সাধন কৰে (Exclusive interview with ENT expert) ।

আনহাতে, অত্যাধিক শব্দৰ মাজত কাম কৰি থকা লোকৰ মাজত কাণৰ সমস্যা হোৱা দেখা যায় বুলি তেওঁ সদৰি কৰে । বৰ্তমান সময়ত শব্দ প্ৰদূষণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বহু লোকৰ শ্ৰৱণ শক্তি বাধাগ্ৰস্ত হোৱা বুলি তেওঁ জানিবলৈ দিয়ে । বহু সময়ত ঔষধৰ পাৰ্শ্বক্ৰিয়া হৈয়ো বহু লোকে শ্ৰৱণ শক্তি হেৰুৱাই । সেয়ে মাজে সময়ে কাণৰ পৰীক্ষা কৰাই থকাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে (Effect of using Headphones on ear) ।

লগতে পঢ়ক: New Upa Lokayukta of Assam: উপ লোকায়ুক্ত হিচাপে শপত গ্ৰহণ প্ৰাক্তন ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মাৰ

তেওঁ লগতে কয় যে, কাণৰ খজুৱতিৰ ক্ষেত্রত কাণত যিকোনো বস্তু ব্যৱহাৰ কৰাটো অনুচিত । সাধাৰণতে মানুহে কাণ খজুৱাবলৈ পাখিকে ধৰি বিভিন্ন বস্তু ব্যৱহাৰ কৰে । যিটো বিপদজনক বুলি তেওঁ কয় । তেওঁ কাণৰ সাৱধানতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.