ETV Bharat / state

কলাক্ষেত্ৰত গণশিল্পী খগেন মহন্তৰ অষ্টম মৃত্যু তিথি পালন - Tributes to mass artist Khagen Mahanta

যাৰ সুৰত বসন্ত নামে, ব'হাগে নাচে । পাৰৰ পাখিত লাগি আহে বিহুৰ ওলগ । সেই বিহু সম্ৰাট বিহীন ৮টা বসন্ত । আজি গণশিল্পী খগেন মহন্তৰ অষ্টম মৃত্যু বাৰ্ষিকী । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ কলাক্ষেত্ৰটো গণশিল্পীগৰাকীলৈ জনালে শ্ৰদ্ধাঞ্জলি(Tributes to mass artist Khagen Mahanta) ।

Tributes to mass artist Khagen Mahanta
বিহু সম্ৰাট বিহিন ৮টা ব'হাগ: কলাক্ষেত্ৰত গণশিল্পী খগেন মহন্তৰ অষ্টম মৃত্যু তিথি পালন
author img

By

Published : Jun 12, 2022, 8:32 PM IST

গুৱাহাটী,১২ জুন: অসমৰ লোক সংগীতৰ সাধক, বিহু সম্রাট, গণশিল্পী খগেন মহন্ত অষ্টম মৃত্যু বার্ষিকী । ২০১৪ চনৰ আজিৰ দিনটোতে মৃত্যু হৈছিল বিহু সম্ৰাট খগেন মহন্তৰ(Bihu Emperor Khagen Mahanta died on 12 Jun 2014) । অষ্টম মৃত্যু বাৰ্ষিকীত ৰাজ্যৰ বিভিন্ন অনুষ্ঠানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে গণশিল্পীগৰাকীলৈ(Tributes to mass artist Khagen Mahanta) ।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত গণশিল্পী খগেন মহন্তৰ অষ্টম মৃত্যু বার্ষিকী উপলক্ষে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র আন্তর্জাতিক প্রেক্ষাগৃহ প্ৰাংগণস্থিত ‘গণশিল্পী খগেন মহন্ত উদ্যানত আয়োজন কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতি জিতুল সোণোৱাল, সচিব সুদৰ্শন ঠাকুৰকে আদি কৰি কৰ্মচাৰীসকল ।

কলাক্ষেত্ৰত গণশিল্পী খগেন মহন্তৰ অষ্টম মৃত্যু তিথি পালন

ভাষণ প্ৰসংগত উপসভাপতিগৰাকীয়ে কয় যে, অসমৰ লোক সংগীতৰ ক্ষেত্ৰখনত মহন্তদেৱৰ অৱদান চিৰস্মৰণীয় হৈ থাকিব । তেখেতৰ সৃষ্টিৰাজীক সজীৱ কৰি ৰাখিবৰ বাবে অসম চৰকাৰৰ লগতে কলাক্ষেত্র সমাজে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ভাষণ প্ৰসংগত ব্যক্ত কৰে ।

অনুষ্ঠানত মহাপুৰুষ মাধৱদেৱ বিৰচিত বৰগীত ‘দয়াৰ ঠাকুৰ হৰি' শীৰ্ষক বৰগীতটি পৰিৱেশন কৰে অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযানত অংশগ্ৰহণ কৰা অসমৰ বিভিন্ন জিলাৰ পৰা অহা প্রশিক্ষার্থীসকলে । লগতে গণশিল্পীগৰাকীৰ জনপ্ৰিয় গীতসমূহ পৰিৱেশন কৰি শিল্পীগৰাকীৰ সৃষ্টিৰাজীক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস কৰে ।

লগতে পঢ়ক: বিশ্বত জিলিকিব বীৰ লাচিতৰ মৈদাম

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.