ETV Bharat / state

Earth Hour 2022: আজি নিশা এঘণ্টাৰ বাবে পৰিহাৰ কৰক বৈদ্যুতিক পোহৰ

বিশ্বত আজি নিশ‍া ৮.৩০ বজাৰ পৰা ৯.৩০ বজালৈ বৈদ্যুতিক পোহৰ পৰিহাৰ কৰি ধৰিত্ৰী ঘণ্ট‍া পালন কৰা হ'ব । অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে ৰাজ্যবাসীক নিশা ৮.৩০ বজাৰ পৰা ৯.৩০ বজালৈকে বিদ্যুতৰ ছুইছ বন্ধ কৰি ৰ‍াখিবলৈ আহ্বান জনাইছে (Earth Hour in Assam)।

Earth Hour 2022
আজি নিশা এঘণ্টাৰ বাবে পৰিহাৰ কৰক বৈদ্যুতিক পোহৰ
author img

By

Published : Mar 26, 2022, 6:07 PM IST

গুৱাহাটী, ২৬ মাৰ্চ: আজি সমগ্ৰ বিশ্বই প‍লন কৰিব ধৰিত্ৰী ঘণ্টা । অৰ্থাৎ আজি নিশ‍া ৮.৩০ বজাৰ পৰা ৯.৩০ বজালৈ বৈদ্যুতিক পোহৰ পৰিহাৰ কৰি ধৰিত্ৰী ঘণ্ট‍া পালন কৰা হ'ব । এই সন্দৰ্ভত শনিবাৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে এক বিশেষ জৰুৰী টুইট কৰিছে । টুইট যোগে এ পি ডি চি এলে আজি নিশা ৰাজ্যবাসীক নিশা ৮.৩০ বজাৰ পৰা ৯.৩০ বজালৈকে বিদ্যুতৰ ছুইছ বন্ধ কৰি ৰ‍াখিবলৈ আহ্বান জনাইছে (Earth Hour in Assam)।

WWF-India ৰ সমর্থনত আজি নিশা ৮ বাজি ৩০ মিনিটৰ পৰা ৯ বাজি ৩০ মিনিটলৈকে সমগ্ৰ বিশ্বতে এঘণ্টাৰ বাবে বৈদ্যুতিক পোহৰ পৰিহাৰ কৰি পালন কৰা হ'ব ‘ধৰিত্ৰী ঘণ্টা’। উক্ত সময়খিনিত কেৱল অত্যন্ত প্ৰয়োজনীয় লাইটসমূহহে জ্বলাবলৈহে অনুৰোধ জনাইছে এ পি ডি চি এলে । উল্লেখ্য যে, সমগ্ৰ বিশ্বতে প্ৰতি বছৰে মাৰ্চ মাহৰ শেষৰ ফালে এই ধৰিত্ৰী ঘণ্টা পালন কৰা হয় । এটা ঘণ্টাৰ বাবে ঘৰুৱা লাইটসমূহ বন্ধ কৰি ৰাখি জলবায়ু পৰিৱৰ্তনৰ বিৰোধিতা কৰাৰ বাবে এই আহ্বান ।

২০০৭ চনত অষ্ট্ৰেলিয়াৰ চিডনীত আৰম্ভ হৈছিল এই ধৰিত্ৰী ঘণ্টা । তাৰ পাছতে সেই উদ্দেশ্যক সমৰ্থন জনাই বিশ্বৰ মুঠ ৩৫ খন দেশে ২০০৮ চনৰ ২৯ মাৰ্চ তাৰিখে নিশা ৮ বজাৰ পৰা ৯ বজালৈ এটা ঘণ্টাৰ বাবে বন্ধ ৰাখিছিল বিদ্যুতৰ ছুইছ । যি কথাই প্ৰমাণ কৰিছিল পৃথিৱী ৰক্ষাৰ বাবে বৰ্তমানৰ যুগত মানুহৰ সজাগতা কিমান । এইবাৰো সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো ধৰিত্ৰী ঘণ্টা পালন কৰা হ'ব । সেই উদ্দেশ্যেই আজি অসমতো ধৰিত্ৰী ঘণ্টা সাৰ্থক কৰাৰ বাবে এ পি ডি চি এলে ৰাইজৰ প্ৰতি আহ্বান জনাইছে ।

লগতে পঢ়ক: নীপকোৰ জলবিদ্যুৎ প্ৰকল্পত জল বিস্ফোৰণত নিহত তিনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.