ETV Bharat / state

Assam Sahitya Sabha : সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিৰ বাবে আগতীয়া কছৰৎ

author img

By

Published : Aug 8, 2022, 9:27 PM IST

অসম সাহিত্য সভাৰ সাংগঠনিক নিৰ্বাচন কেতিয়া হ'ব সেয়া এতিয়াও ঠিক হোৱা নাই । কিন্তু তাৰ বহু আগতেই চৰ্চা চলিছে- কোন হ'ব সভাৰ পৰৱৰ্তী সভাপতি (President of Assam Sahitya Sabha) !

Assam Sahitya Sabha
Assam Sahitya Sabha

গুৱাহাটী, ৮ আগষ্ট : অসমৰ জাতীয় অনুষ্ঠান হিচাপে প্ৰতিগৰাকী অসমীয়াৰ মৰম আৰু শ্ৰদ্ধাৰ অনুষ্ঠান অসম সাহিত্য সভাক লৈ আকৌ আৰম্ভ হৈছে বিতৰ্ক । এইবাৰ বিতৰ্ক চলিছে সভাৰ পৰৱৰ্তী সভাপতি কোন হ'ব তাকে লৈ । অতি লক্ষণীয়ভাৱে এইবাৰ সাহিত্য সভাৰ সভাপতিৰ আসনৰ বাবে আনুষ্ঠানিকভাৱে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়ে আগ্ৰহ প্ৰকাশ (Yese Dorje Thongsi interested to be Sahitya Sabha President) কৰাৰ পাছতে সামাজিক মাধ্যমত চলা ব্যাপক চৰ্চাই সাহিত্য সভাৰ ভিতৰ চৰাকো প্ৰভাৱিত কৰিছে ।

কিন্তু সাহিত্য সভাৰ সভাপতিৰ আসনত কোন বহিব তাক যিহেতু সভাৰ শাখাসমূহৰ ভোটাৰ প্ৰতিনিধিয়েহে নিৰ্ধাৰণ কৰিব, সেয়ে সামাজিক মাধ্যমত চলা চৰ্চাই যে বিষয়টোক প্ৰভাৱিত কৰিব নোৱাৰিব সেয়া নিশ্চিত । উল্লেখ্যনীয় যে, অহা বছৰৰ (২০২৩) ২৮ ফেব্ৰুৱাৰীৰ পৰা লখিমপুৰৰ নাৰায়ণপুৰত প্ৰস্তাৱিত সাহিত্য সভাৰ অধিৱেশনৰ আগে আগে নিৰ্বাচিত হ'ব সভাৰ পৰৱৰ্তী সভাপতিগৰাকী (2023 Assam Sahitya Sabha Narayanpur session) ।

গতিকে সেই সময়লৈ সভাৰ হাতত এতিয়াও ছমাহ সময় আছে । সাধাৰণতে এনে ক্ষেত্ৰত ডিচেম্বৰ মাহত সভাৰ সাংগঠনিক নিৰ্বাচন অনুষ্ঠিত হয় আৰু নতুন সভাপতিগৰাকী নিৰ্বাচিত হয় । সভাৰ নাম প্ৰকাশত অনিচ্ছুক এক শীৰ্ষ সূত্ৰৰ মতে, সভাৰ পৰৱৰ্তী সভাপতি কোন হ'ব সেই সন্দৰ্ভত এইবাৰ যথেষ্ট আগতেই অসমবাসীৰ মাজত চৰ্চা আৰম্ভ কৰি দিয়া হৈছে (Early exercise for next president of sahitya sabha) । ইয়াৰ আঁৰতো হয়তো কিবা কৌশল আছে যি সময়ত পৰিষ্কাৰ হৈ পৰিব ।

সূত্ৰটোৰ মতে, এইবাৰ সভাৰ পৰৱৰ্তী সভাপতি আসনৰ বিপৰীতে বিশিষ্ট লেখক, প্ৰকাশক সূৰ্য হাজৰিকা, সভাৰ‌ প্ৰাক্তন প্ৰধান সম্পাদক প্ৰহ্লাদ তাছা আৰু বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱাটো প্ৰায় নিশ্চিত হৈছে । এই তিনিগৰাকী প্ৰাৰ্থীৰ মাজৰ য়েছে দৰজে ঠংচিৰ পক্ষত একাংশ লেখক, প্ৰকাশক, সাংবাদিক সামাজিক মাধ্যমযোগে থিয় দিছে ।

এনে সঁহাৰিলৈ চাই 'ৰংমিলিৰ হাঁহি'ৰ বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়ে মানসিকভাৱে সভাৰ মজিয়াত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন বান্ধিছে । সাহিত্য সভাৰ সূত্ৰ মতে, সাংগঠনিক নিৰ্বাচনৰ যোগেদি যিহেতু সভাপতিৰ নিৰ্বাচন হ'ব সেয়ে তেনে দিশৰ পৰা আগবঢ়াৰ সম্ভাৱনা আছে সভাৰ মজিয়াত দীৰ্ঘদিন ধৰি কাম কৰি অহা প্ৰাক্তন প্ৰধান সম্পাদক প্ৰহ্লাদ তাছাৰহে । আনহাতে, আনগৰাকী প্ৰাৰ্থী সূৰ্য হাজৰিকায়ো যে শাখাসমূহক প্ৰভাৱিত কৰিব সেয়া নিশ্চিত । মন কৰিবলগীয়া যে সময়তকৈ আগতে চৰ্চাৰ মাজলৈ অহা সাহিত্য সভাৰ সভাপতিৰ নিৰ্বাচনক লৈ এইবাৰো আঁৰৰ পৰা পৰিবেশটো প্ৰভাৱিত কৰিবলৈ তৎপৰ হৈ উঠিছে প্ৰাক্তন সভাপতি আৰু বৰ্তমানৰ বিজেপি বিধায়ক পৰমানন্দ ৰাজবংশী (former president of Assam Sahitya Sabha Paramananda Rajbongshi) ।

সভাৰ সূত্ৰ মতে এই পৰ্যন্ত বিধায়ক ৰাজবংশীয়ে আপাততঃ য়েছে দৰজে ঠংচিয়েই সভাপতি হোৱাটো বিচাৰিছে ।‌‌ আঁৰ কাপোৰৰ আঁৰৰ পৰা এই পৰ্যন্ত ৰাজবংশীয়ে বিশিষ্ট সাহিত্যিকগৰাকীৰ পক্ষতে আছে বুলি সভাৰ ভিতৰে-বাহিৰে চৰ্চিত হৈছে যদিও নিৰ্বাচনলৈ যিহেতু সময় আছে, সেয়ে বিষয়টোৱে নতুন মোৰ লোৱাৰো সম্ভাৱনা আছে । বিশেষকৈ সভাত বৰ্তমান উপ-সভাপতিৰ আসনত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালিনী দেৱীয়ে (Mother of CM Himanta Biswa Mrinalini Devi) যদি শেষ মূহুৰ্তত সভাপতিৰ আসনৰ বিপৰীতে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে তেতিয়াহ'লে শাখাসমূহৰ ভোটাৰ তাৰ দ্বাৰাই প্ৰভাৱিত হ'ব ।

এই ক্ষেত্ৰত বিধায়ক পৰমানন্দ ৰাজবংশীয়েই কাৰ্যসিদ্ধিৰ বাবে উঠি-পৰি‌ লাগিব আৰু সেয়া আশাকৰা ধৰণে বাস্তৱায়িত হ'ব । অৰুণাচলৰ বাসিন্দা হ'লেও বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়ে এইবাৰ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰাৰ‌ বাবে আগ্ৰহ প্ৰকাশ কৰা কথাটো আছিল অতি ইতিবাচক কথা । এই আগ্ৰহক সম্বল হিচাবে লৈ অসম সাহিত্য সভাইও উদাৰতা প্ৰদৰ্শনৰ এক সুযোগ পাইছিল ।

কিন্তু এনে পৰিবেশৰ মাজতো সভাৰ মজিয়াত অব্যাহত কুটিল ৰাজনৈতিক কছৰতে সচেতন সাহিত্যপ্ৰেমীক হতাশ কৰিছে । উল্লেখ্য যে, সভাৰ সাংগঠনিক নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।‌‌ অৰ্থাৎ নিৰ্বাচন পৰ্ব আৰম্ভ হোৱা পৰ্যন্ত অব্যাহত থাকিব পৰৱৰ্তী সভাপতিক লৈ অন্তহীন চৰ্চা ।

লগতে পঢ়ক :Jharkhand MLAs cash seizure: হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ ব্যৱসায়ী অশোক ধানুকাক চিআইডিৰ তলব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.