ETV Bharat / state

পুনৰ ড্ৰাগছ বিৰোধী অভিযান জালুকবাৰী আৰক্ষীৰ

মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে পুণৰ জালুকবাৰী আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলায় । এই অভিযান কালত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰী সহ এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয় জালুকবাৰী আৰক্ষী ।

author img

By

Published : Dec 17, 2020, 7:55 AM IST

Drugs peddler arrested by jalukbari police
ড্ৰাগছ বিৰোধী অভিযান জালুকবাৰী আৰক্ষীৰ

গুৱাহাটী, 17 ডিচেম্বৰ : ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা । কিয়নো মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে পুণৰ জালুকবাৰী আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলায় । এই অভিযান কালত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তিনিটাকৈ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় জালুকবাৰী আৰক্ষী ।

ড্ৰাগছ বিৰোধী অভিযান জালুকবাৰী আৰক্ষীৰ

জালুকবাৰী এচিপি জ্যোতিপ্ৰসাদ পেগু আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন কলিতাৰ নেতৃত্বত বুধবাৰে পুৱাৰে পৰা অভিযান চলাই গ্ৰেপ্তাৰ কৰে তিনি সৰবৰাহকাৰী সহ এগৰাকী মহিলা ৷ ধৃত সৰবৰাহকাৰী কেইটাৰ নাম ক্ৰমে ৰফিক, ৰোহিত শৰ্মা, বছিত আলী আৰু ৰেছমী দেৱী বুলি জানিব পৰা গৈছে ।

আৰক্ষীয়ে সৰবৰাহকাৰী কেইটাৰ পৰা ৭৫ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, খালী কন্টেইনাৰ, ৪ টা মোবাইল ফোন আৰু বহুটো আপত্তিজনক সা-সামগ্ৰী জানিব পৰা গৈছে । বৰ্তমান ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে জালুকবাৰী আৰক্ষীয়ে।

উল্লেখ্য যে, মঙলবাৰেও জালুকবাৰী আৰক্ষীৰ জালত পৰিছিল দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰী ।

লগতে পঢ়ক:ৰাজগড় শাখা সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহ সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.