গুৱাহাটী, ৬ মে': মহানগৰীৰ হেঙেৰাবাৰীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ । লগতে ড্ৰাগছসহ আৰক্ষীয়ে আটক কৰে দুজন যুৱকক । দিছপুৰ আৰক্ষীৰ অভিযানত জব্দ এই বৃহৎ পৰিমাণৰ ড্ৰাগছ । হেঙেৰাবাৰীত 14 টা ড্ৰাগছ ভৰ্তি কনটেইনাৰ সহ এখন AS O1 DZ 0616 নম্বৰৰ এখন স্কুটি আৰু দুজন যুৱকক হাতে লোটে আটক কৰে দিছপুৰ আৰক্ষীয়ে ।
জানিব পৰা অনুসৰি ধৃত যুৱক কেইজন মহানগৰী বৰবাৰী নিবাসী বিপুল দাস আৰু ঋতু ৰাজ নেওগ। আৰক্ষীয়ে জানিবলৈ দিয়ে যে, নিয়মীয়া তালাচীত জব্দ কৰে এই বৃহৎ পৰিমাণৰ ড্ৰাগছ ।
উল্লেখ্য যে, মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিনক দিনে ড্ৰাগছ আসক্তিৰ ফালে ঢাল খাইছে যুৱ প্ৰজন্ম । যাৰ বাবে দিনক দিনে বাঢ়িছে অপৰাধ জনীত কাৰ্য । মহানগৰীৰ প্ৰশাসনৰ চকুত ধূলি দি এনে বহু দুষ্কৃতিকাৰীয়ে ড্ৰাগছ সৰবৰাহ কৰি অহাৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । এই ক্ষেত্ৰত আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে যদিও দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহ ঘটনা ।