ETV Bharat / state

প্ৰতিবন্ধী দিৱসৰ দিনাই প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ প্ৰতিবাদী সমদল - মুখ্যমন্ত্ৰী সোণোৱাল

প্ৰতিবন্ধী দিৱসৰ দিনাই গুৱাহাটীত প্ৰতিবন্ধীসকলৰ প্ৰতিবাদ ৷ প্ৰতিবন্ধীসকলৰ বাবে ঘোষণা কৰা বিশেষ আঁচনি সঠিককৈ ৰূপায়ণ নকৰি মাত্ৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ অভিযোগ প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ ৷

differently  able person
differently able person
author img

By

Published : Dec 3, 2020, 9:11 PM IST

গুৱাহাটী, 3 ডিচেম্বৰ : বৃহস্পতিবাৰে দীঘলীপুখুৰীৰ পাৰত অসম প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ উদ্যোগত এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয় ৷ সমদলত অংশ লয় ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক প্ৰতিবন্ধী লোকে ৷ প্ৰতিবাদত অংশ লৈ অসম প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সম্পাদক নৃপেন মালাকাৰৰ অভিযোগ, “সৰ্বানন্দ সোণোৱাল আচলতে এগৰাকী ব্যৰ্থ মুখ্যমন্ত্ৰী ৷ কেৱল প্ৰতিবন্ধীসকলৰ বাবেই নহয় সৰ্বসাধাৰণ লোকৰ হিতৰ বাবে ঘোষণা কৰা আঁচনি ৰূপায়ণত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে সোণোৱাল ৷”

প্ৰতিবন্ধী দিৱসৰ দিনাই প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ প্ৰতিবাদী সমদল

উল্লেখ্য যে, বৃহস্পতিবাৰৰ বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনাই মুখ্যমন্ত্ৰী সোণোৱালে প্ৰতিবন্ধীসকলৰ বাবে মুকলি কৰাৰ কথা আছিল এক বিশেষ গৃহ প্ৰদানৰ অভিলাষী আঁচনি ৷ উক্ত আঁচনিৰ সন্দৰ্ভত ইতিমধ্যে বিভিন্ন মাধ্যমৰ যোগেদি বৃহৎ ধন খৰছ কৰি একাধিকবাৰ বিজ্ঞাপনো প্ৰকাশ কৰিছিল ৰাজ্যৰ জনসংযোগ বিভাগে ৷ কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এই দিনটোতেই এই আঁচনি ঘোষণা কৰাৰ পৰা বিৰত থাকে মুখ্যমন্ত্ৰী সোণোৱাল ৷ যাৰ বাবে ক্ষুন্ন হৈ পৰে ৰাজ্যৰ প্ৰতিবন্ধীসকল ৷

লগতে পঢ়ক : সচিবালয়ৰ সন্মুখত চ্যুকাফাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.