কামৰূপ মেট্ৰ', 4 নৱেম্বৰ : সমাগত পোহৰৰ উৎসৱ দীপাৱলী ৷ আতচবাজী, ভিন্নৰঙী আলোকেৰে উদ্ভাসিত হোৱা এক উৎসৱ ৷ কিন্তু এইবাৰৰ দীপাৱলীৰ পৰিবেশ কিছু সুকীয়া, ইয়াৰ কাৰণ মহামাৰী কৰ'ণা ৷ কৰ'ণাৰ ফলত সমগ্ৰ দেশত বহু বাধ্যবাধকতাৰ মাজত পালন হৈছে সকলো উৎসৱ ৷
এনে পৰিৱেশৰ মাজতে মহানগৰীৰ নুনমাটিৰ চানেকি হোম ডেকৰে তৈয়াৰ কৰি উলিয়াইছে ভিন্ন আকৃতিৰ, ভিন্ন ৰঙৰ মাটিৰ চাকি ৷ হোম ডেকৰৰ স্বতাধিকাৰী চন্দনা কলিতাই নিজ হাতেৰে টেৰাকটা ডিজাইনেৰে প্ৰস্তুত কৰি উলিয়াইছে মাটিৰ চাকিসমূহ ৷ যোৱা বৰ্ষৰ পৰা হাতত লোৱা এই প্ৰচেষ্টাই ইতিমধ্যে বহুতৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷
কেৱল গুৱাহাটী মহানগৰীতে নহয়, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে অৰ্ডাৰ দিয়ে এই মাটি চাকিৰ ৷ ক'ভিড পৰিস্থিতিৰ মাজতো ঘৰখন চাকিৰে পোহৰাই তোলাৰ উদ্দেশ্যে এই চাকিসমূহ সাজি উলিয়াইছে ৷
লগতে পঢ়ক : দিল্লীত শীতৰ প্ৰকোপঃ তাপমাত্ৰা হয়গৈ ১০.৬ ডিগ্ৰী চেলচিয়াছ