ETV Bharat / state

ৰাজ্যজুৰি চিপিআইএমৰ প্ৰতিবাদ - KMSS

মঙলবাৰৰ দিনটোত প্ৰতিবাদৰ মুখৰ হৈ পৰে সমগ্ৰ ৰাজ্য ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত চিপিআইএম দলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন আৰু EIA 2020 বাতিল, অখিল গগৈৰ মুক্তি, খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষা আদিকে ধৰি বিভিন্ন দাবী উত্থাপন কৰি দলটোৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

CPIM Protest in various place in assam etv bharat news
চিপিআইএমৰ প্ৰতিবাদ
author img

By

Published : Sep 8, 2020, 9:02 PM IST

নিউজ ডেস্ক,8 ছেপ্তেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তত মঙলবাৰে চিপিআইএমে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ অন্যান্য প্ৰান্তৰ দৰে নলবাৰীতো প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে ৷ অসম ৰাজ্যিক চিপিআইএম দলৰ আহ্বানমৰ্মে দলটোৰ নলবাৰী শাখাই চহৰখনৰ মাজমজিয়াত এক প্ৰতিবাদী সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে,জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন আৰু EIA 2020 বাতিল কৰাৰ দাবীৰে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদী দলটোৱে পৰিৱেশ উত্তাল কৰি তোলে ৷

নগাঁও: পৰৱৰ্তী নিৰ্বাচনত বিজেপিক গাদীচ্যুত কৰাৰ আহ্বান চিপিআইএমৰ ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যত আজিও অব্যাহত আছে প্ৰতিবাদ । মঙলবাৰে নগাঁও চহৰত এই আইন বাতিলৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে চিপিআই, চিপিআইএম আৰু আৰচিপিআই-য়ে ৷ নগাঁও কলেজ পইণ্টত দলকেইটা একত্ৰিত হৈ নাগৰিকত্ব সংশোধনী আইনৰ লগতে শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ।

জনীয়া: কলগাছিয়াতো নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত চিপিআই(এম) দলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ দলটোৰ তিতাপানী আৰু কলগাছিয়া আঞ্চলিক কমিটিৰ যৌথ উদ্যোগত অৰ্ধ শতাধিক দলীয় কৰ্মীয়ে ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

ৰাজ্যজুৰি চিপিআইএমৰ প্ৰতিবাদ

বিহপুৰীয়া: লখিমপুৰৰ নাৰায়ণপুৰত বাঁও গণতান্ত্ৰিক ঐক্য মঞ্চই গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ সংগঠনটোৰ শতাধিক সদস্যই কা বাতিল কৰক, EIA 2020 বাতিল কৰক আদি ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ ৷

বিশ্বনাথ: বিশ্বনাথৰ বৰগাঙতো চিপিআইএম দলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন আৰু EIA 2020 বাতিল কৰাৰ দাবীত সাব্যস্ত কৰা হৈছে এই প্ৰতিবাদ ৷

ৰঙাপৰা: নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ বাবে ৰাজ্য চৰকাৰে কাৰাবন্দী কৰি ৰখা নেতাসকলৰ মুক্তিৰ লগতে EIA 2020 বাতিলৰ দাবীত শোণিতপুৰৰ বালিপৰাত চিপিআই(এম) য়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । বালিপৰা চেণ্টাৰত প্ৰতিবাদকাৰীসকলে হাতে হাতে দলীয় ৰঙা পতাকাৰ লগতে ফেষ্টুন-বেনাৰ আদি লৈ দাবীসমূহ উত্থাপন কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.