ETV Bharat / state

গুৱাহাটীত পদে পদে ক’ভিড বিধি উলংঘা

author img

By

Published : May 16, 2021, 4:44 PM IST

গুৱাহাটী মহানগৰীত ক’ভিড বিধি উলংঘা কৰাৰ অভিযোগত যোৱা দহ দিনত ১,২৩০ টা গোচৰ ৰুজু । ৫.৫ লাখ টকাৰ জৰিমনা সংগ্রহ আৰু ১৪৫ খন বাহন জব্দ ।

Covid rules break
গুৱাহাটীত পদে পদে ক’ভিড বিধি উলংঘা

গুৱাহাটী, ১৬ মে’: ৰাজ্যত ক'ভিড পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । ৰাজধানী চহৰ গুৱাহাটীত ক'ভিডৰ ভয়াৱহ সংক্ৰমণ হোৱাত পৰিস্থিতি আৰু অধিক জটিল হৈ পৰিছে । কিন্তু তৎসত্বেও সজাগ-সচেতন হোৱা নাই বহু লোক । ক'ভিডৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে অৰ্ধ লকডাউনকে ধৰি কেতবোৰ কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে যদিও বহু লোকেই ইয়াক উলংঘা কৰা পৰিলক্ষিত হয় ।

উল্লেখ্য যে, গুৱাহাটী মহানগৰীত ক’ভিড বিধি উলংঘা কৰাৰ অভিযোগত মহানগৰ আৰক্ষীয়ে বিগত ১০ দিনত ১,২৩০ টা গোচৰ ৰুজু কৰি ৫.৫ লাখ টকাৰ জৰিমনা সংগ্রহ কৰিছে । লগতে ১৪৫ খন বাহন জব্দ কৰিবলৈ সক্ষম হৈছে ।

Covid rules break
ৰাজ্য চৰকাৰে জাৰি কৰা নীতি–নির্দেশনাক মহামগৰীৰ বহু লোকেই কেৰেপ নকৰে

ক’ভিড-১৯ৰ সংক্রমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা নীতি–নির্দেশনাক মহামগৰীৰ বহু লোকেই কেৰেপ নকৰে । যাৰবাবে আৰক্ষী-প্ৰশাসন কঠোৰ হ'বলৈ বাধ্য হৈছে । ৰাজ্য চৰকাৰৰ নির্দেশ মর্মে মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে যান-বাহনৰ চলাচলৰ ক্ষেত্রত যুগ্ম তাৰিখত যুগ্ম সংখ্যাৰ বাহন আৰু অযুগ্ম তাৰিখত অযুগ্ম সংখ্যাৰ বাহন চলাচল কৰাৰ বাবে নির্দেশনা জাৰি কৰিছে ।

Covid rules break
গুৱাহাটীত পদে পদে ক’ভিড বিধি উলংঘা

উপায়ুক্তগৰাকীয়ে এই নির্দেশনা মানি চলিবলৈ ৰাইজক আহ্বান জনাইছে । কিন্তু একাংশ লোকে এই নির্দেশনা উলংঘা কৰি বিভিন্ন অজুহাত দেখুৱাই ব্যক্তিগত বাহন লৈ যাতায়াত কৰি আহিছে ।

Covid rules break
আৰক্ষী-প্ৰশাসন কঠোৰ হ'বলৈ বাধ্য

ক’ভিড বিধি উলংঘা কৰা লোকৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে অভিযান চলাই বিগত দহ দিনত মুঠ ৪৮৮টা গোচৰ ৰুজু কৰি ৫.৫ লাখ টকা জৰিমনা সংগ্রহ কৰিছে । ইয়াৰে ১৩ মে’ত সর্বাধিক ২ লাখ ২০ হাজাৰ টকাৰ জৰিমনা সংগ্রহ কৰে ।

ইফালে, ক’ভিড বিধি উলংঘা কৰাৰ অপৰাধত মুঠ ১,২৩০টা ন'ন এফ আই আৰ গোচৰ ৰুজু কৰিছে । এতিয়ালৈকে মুঠ ১৪৫ খন বাহন আৰক্ষীয়ে জব্দ কৰিছে । উল্লেখ্য যে, ক'ভিড বিধি উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হ'ব বুলি গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই স্পষ্ট কৰি দিছে ।

লগতে পঢ়ক: আকস্মিকভাৱে স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন বিধায়ক প্ৰদীপ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.