ETV Bharat / state

ভুৱা বাজেট গৃহীত কৰিছে বিজেপি চৰকাৰেঃঅসম প্ৰদেশ কংগ্ৰেছ - সংশোধিত নাগৰিকত্ব আইন

ৰাজ্যত চলি থকা সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলন বন্ধ কৰাৰ উদ্দেশ্যে বিজেপি চৰকাৰে ৰাইজক বিভিন্নধৰণে আভুৱা ভৰাৰ অভিযোগ কৰে অসম প্ৰদেশ কংগ্ৰেছে ৷ দেওবাৰে গুৱাহাটীত সম্পন্ন হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এক সংবাদমেল ৷ সংবাদমেলখনত সোণোৱাল চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দলটোৱে ৷

ভুৱা বাজেট গৃহীত কৰিছে বিজেপি চৰকাৰেঃঅসম প্ৰদেশ কংগ্ৰেছ
গুৱাহাটীত সম্পন্ন হয় অসম প্ৰদেশ কংগ্ৰেছৰ এক সংবাদমেল
author img

By

Published : Dec 22, 2019, 5:35 PM IST

গুৱাহাটী,22 ডিচেম্বৰঃ ভুৱা বাজেট গৃহীত কৰিছে বিজেপি চৰকাৰে-এই অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ ৷ দেওবাৰে গুৱাহাটীত সম্পন্ন হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এক সংবাদমেল ৷ সংবাদমেলখনত সোণোৱাল চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দলটোৱে ৷ কংগ্ৰেছৰ হৈ ভগীৰথ কৰণ, দুৰ্গা দাস বড়ো আৰু ঋতুপৰ্ণ কোঁৱৰে সম্বোধন কৰে সংবাদমেলখন ৷ ৰাজ্যত চলি থকা সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলন বন্ধ কৰাৰ উদ্দেশ্যে চৰকাৰে ৰাইজক বিভিন্নধৰণে আঁভুৱা ভৰাৰ অভিযোগ কৰে বিৰোধী দলটোৱে ৷ নিজ ৰাজ্যত অসমীয়া ভাষা সংখ্যালঘু হোৱাৰ পৰা উদ্ধাৰ কৰাৰ বিপৰীতে চৰকাৰে আন কথাত মনোনিৱেশ কৰিছে বুলিও সংবাদমেলখনত কয় ৷

বিৰোধী দলটোৰ মতে বিজেপিয়ে বহিৰাগতক ৰঙা দলিচা পাৰি দিছে

শেহতীয়াকৈ চৰকাৰে চাহ জনগোষ্ঠীৰ লোকৰ বাবে কৰা ঘোষণা অসাৰ বুলি কয় কংগ্ৰেছ দলে ৷ কিয়নো ৩ বছৰ পূৰ্বেও চৰকাৰে একেই ঘোষণা কৰিছিল ৷ লগতে চাহ জনগোষ্ঠী লোকসকলৰ উন্নয়নৰ বাবে চৰকাৰে চাউল-চেনীৰ বাহিৰে কোনো সা-সুবিধা প্ৰদান কৰা নাই বুলি উল্লেখ কৰে সংবাদমেলত অংশ লোৱা কংগ্ৰেছৰ বিষয়ববীয়াসকলে ৷

ভুৱা বাজেট গৃহীত কৰিছে বিজেপি চৰকাৰেঃঅসম প্ৰদেশ কংগ্ৰেছ

ইপিনে ভূমি নীতিৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকাক স্পষ্ট কৰিবলৈ বিৰোধী দলটোৱে দাবী উত্থাপন কৰে ৷ আনহাতে, নাগৰিকত্ব সংশোধনী আইন বাতিলকৰণ যে অসমৰ একমাত্ৰ শান্তিৰ পথ তাক বুজিবলৈ চৰকাৰক আহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই ৷

লগতে চাওকঃশ্বিলঙত বাতিল সান্ধ্য আইন, পুনৰ আৰম্ভ ইন্টাৰনেট সেৱা

Intro:অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল ৷
সোণোৱাল চৰকাৰৰ কেবিনেটৰ সিধান্তক লৈ প্ৰতিক্ৰিয়া ৷
ভগীৰথ কৰণ, দুৰ্গা দাস বড়ো আৰু ঋতুপৰ্ণ কোঁৱৰৰ সংবাদমেল সম্বোধনBody:এখন মিছা বাজেট পাছ কৰিছে BJP চৰকাৰে
# CAB ৰ আন্দোলন দবাবৰ কাৰণে Bjp চৰকাৰে যোৱা কালি অসমবাসীৰ আগত টোপ দিছে
# অসমীয়া ভাষা সংখ্যালঘু হোৱাৰ পৰা বচোৱা ব্যৱস্থা নকৰি,চৰকাৰ এই আইনৰ পিছত লাগি আছে।
# চাহ জনগোষ্টীৰ লোকসকলক পুনৰ এই চৰকাৰে মিছা প্ৰতিশ্ৰুতি দিছে, শনিবাৰে কৰা ঘোষণা ৩ বছৰ আগতেও একেই ঘোষণা কৰিছিল।
# চাহ জনগোষ্ঠী লোকসকলৰ উন্নয়নৰ বাবে চৰকাৰে ইমানদিনে চাউল আৰু চেনি দিয়াৰ বাহিৰে একোৱেই প্ৰদান নকৰিলে।
# ভূমি নীতিৰ ক্ষেত্ৰত চৰকাৰে সংবিধানৰ কোন খন আইন আনিব সেইয়া চৰকাৰে স্পষ্ট কৰক।
# Conclusion:CAA ৰ বিৰুদ্ধে ৰাজ্যত অসমৰ জনগণে যিধৰণে ওলাই আহি প্ৰতিবাদ কৰিছে,সেইয়া ৰখাবৰ বাবে যোৱা কালি BJP চৰকাৰে অসমৰ জনগণৰ আগত আভুৱা ভৰিছে।
# এই টোপ দি চৰকাৰে অসমক গোষ্টীগত ভাবে ভাগ কৰিব বিচাৰিছে।
# CAA বাতিলেই অসমৰ শান্তিৰ একমাত্ৰ থল,এই কথা চৰকাৰে বুজা দৰকাৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.