গুৱাহাটী, 20 ফেব্ৰুৱাৰী :ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি 650 গৰাকীতকৈও অধিক লোকে আবেদন জনাইছে । মনকৰিবলগীয়া যে এইসকলৰ ভিতৰত প্ৰায় ৬০ শতাংশই হৈছে যুৱ প্ৰজন্মৰ নতুন মুখ । ইপিনে মহিলা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা হৈছে প্ৰায় 10 শতাংশ । গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে ৰাজ্যৰ ১২টা বিধানসভা সমষ্টিত মাত্ৰ এজনকৈ লোকেহে দলীয় টিকট বিচাৰি আবেদন জনাইছে ।
উদাহৰণস্বৰূপে নাজিৰা সমষ্টিত দেৱব্ৰত শইকীয়া, মৰিয়নীত ৰূপজ্যোতি কুৰ্মী, চামগুৰিত ৰকিবুল হুছেইন, গহপুৰত ৰিপুণ বৰা, উদাৰবন্দত অজিত সিং, যোৰহাটত ৰাণা গোস্বামী হৈছে এনে একমাত্ৰ দাবীদাৰ সকলৰ একাংশ । ইপিনে মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীৰ পৰা কোনো প্ৰভাৱশালী কংগ্ৰেছ নেতাই টিকট বিচৰা নাই । ইয়াৰ বিপৰীতে জালুকবাৰী সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনোৱা দুজন প্ৰাৰ্থিত্ব প্ৰত্যাশী হ'ল ক্ৰমে জিয়াউৰ ৰহমান চহৰীয়া আৰু আজিজুৰ ৰহমান ।
ইপিনে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ সমষ্টি তিতাবৰৰ পৰা টিকট বিচাৰি আবেদন জনাইছে চাৰি গৰাকীয়ে । তেওঁলোক হ'ল ক্ৰমে প্ৰাক্তন সাংসদ দীপ গগৈৰ পত্নী মিতালী গগৈ, বৰ্ণালী শইকীয়া বৰা, প্ৰাণ কুৰ্মী আৰু ভাস্কৰজ্যোতি বৰুৱা ।
ইপিনে লাহৰিঘাট সমষ্টিৰ পৰা প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলামৰ লগতে তেওঁৰ পুত্ৰয়ো টিকট বিচাৰি আবেদন জনাইছে । কংগ্ৰেছৰ পৰা এনেদৰে ব্যাপক হাৰত দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনোৱা প্ৰসংগত মন্তব্য প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি দূৰ্গাদাস বড়োৱে কয় যে এয়া নিশ্চয়কৈ শুভ লক্ষণ । আনকি বি টি আৰৰ ১২টা বিধানসভা সমষ্টিৰ বিপৰীতে ৩৬খন আবেদন দলে লাভ কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে ।
লগতে পঢ়ক: অপহৃত কুইপৰ দুই বিষয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অইলে