ETV Bharat / state

সামৰণি পৰিল কিতাপৰ মহোৎসৱ ‘অসম গ্ৰন্থমেলা 2021’

author img

By

Published : Jan 9, 2022, 10:12 PM IST

Updated : Jan 9, 2022, 10:47 PM IST

১২ দিনৰ অন্তত নিজম পৰিল চানমাৰি অসম গ্ৰন্থমেলাৰ বাকৰি (Concludes of assam book fair 2021) ৷ স্থৱিৰ হ’ল গ্ৰন্থপ্ৰেমীৰ লানি নিছিগা সোঁত ৷

Assam Book Fair 2021
সামৰণি পৰিল কিতাপৰ মহোৎসৱ

গুৱাহাটী, 9 জানুৱাৰী : অৱশেষত ১২ দিনীয়া কাৰ্যসূচীৰে দেওবাৰে সামৰণি পৰিল অসম গ্ৰন্থমেলা 2021 । গ্ৰন্থপ্ৰেমীৰ লানি নিছিগা সোঁত, নতুন কিতাপৰ উন্মোচনী সভা, ভিন্ন বিষয়ৰ মনোজ্ঞ আলোচনা সত্ৰ, বৰ্ণিল সাংস্কৃতিক কার্যসূচী, শিশুৰ ৰং-বিৰং আদি অনুষ্ঠানেৰে উখল-মাখল হৈ থকা অসম গ্ৰন্থমেলাৰ বাকৰি শনিবাৰে নিতাল মাৰিলে (Concludes of assam book fair 2021)।

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে চানমাৰিস্থিত অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা এই গ্ৰন্থমেলাৰ পৰিৱেশে মুগ্ধ কৰা বুলি মন্তব্য কৰে জ্ঞানপীঠ বিজয়ী কোংকনী ভাষাৰ বিশিষ্ট সাহিত্যিক দামোদৰ মাউজোৱে । সুদুৰ গোৱাৰ পৰা আহি অসম গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত সন্মানীয় অতিথিৰ আসন অলংকৃত কৰা মাউজোৱে লগতে কয়, ‘‘গ্ৰন্থমেলা মানেই হৈছে কিতাপৰ মহোৎসৱ । ইয়াত লেখক-পাঠক আৰু প্ৰকাশকৰ মনঃ সংযোগ ঘটে । নতুন ধ্যান-ধাৰণাৰ আদান-প্ৰদান হয় । ফলত ভাষা-সাহিত্যই নতুন দিশৰ উমান ল'ব পাৰে’’ ।

নতুন গ্ৰন্থৰ প্ৰকাশ মানেই নতুন চিন্তাৰ বাট মুকলি কৰা এটা প্ৰক্ৰিয়া বুলি মন্তব্য কৰি মাউজোৱে কয় যে, গ্ৰন্থৰ গুণগত দিশ উচ্চতৰ হোৱাটো জৰুৰী । কিতাপেই মূলতঃ জ্ঞানৰ আনন্দ প্ৰদান কৰে । সেই দিশৰ পৰা গ্ৰন্থমেলা জ্ঞানৰ মহোৎসৱ বুলি ক'ব পাৰি ।

ক'ভিড পৰিস্থিতিয়ে বিশ্ব সভ্যতাৰ পট পৰিৱৰ্তনৰ প্ৰসংগ উত্থাপন কৰি তেওঁ লগতে কয়, ‘‘সমাগত সময়ে কি বিচাৰে সেই কথা লেখক-সাহিত্যিক চিন্তাবিদসকলে বুজি পাব লাগিব । অসহিষ্ণুতা পৃথিৱীৰ বহু প্ৰান্ততে দেখা যায় । অসহিষ্ণুতা চীন, ফৰাচী, জাৰ্মানী আদি সকলো দেশতে আছে । এয়া একপক্ষীয় নহয় । লেখক-সাহিত্যিকসকলে সকলো অন্যায়ৰে প্ৰতিবাদ কৰাৰ সাহস প্ৰদর্শন কৰিব পাৰিব লাগিব । তেতিয়াহে সমাজ-জীৱনে উচিত দিক নিৰ্দেশনা লাভ কৰিব’’ ।

বিশিষ্ট সাহিত্যিক মাউজোক অসম গ্ৰন্থমেলাৰ তৰফৰ পৰা ফুলাম গামোচা, এড়ী চাদৰ আৰু গ্ৰন্থৰ টোপোলাৰে আদৰণি জনায় অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই । অসম গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড৹ ননীগোপাল মহন্তই ।

লগতে পঢ়ক : শীঘ্ৰেই প্ৰকাশ পাব ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নৱতম গ্ৰন্থ 'মুখ্যমন্ত্ৰীৰ ডায়েৰী'

ড৹ মহন্তই ভাষণ প্ৰসংগত কয়, ‘‘অসম গ্ৰন্থমেলাৰ সফল সমাপ্তি বৌদ্ধিক জগতৰ বাবে শুভ সংবাদ । ক’ভিড মহামাৰীৰ প্ৰত্যাহ্বানৰ মাজতে গ্ৰন্থৰ বিক্ৰীয়ে ৫ কোটিৰ ঘৰ স্পৰ্শ কৰিব পৰা বুলি জানি আনন্দিত হৈছো । এই ঘটনাই প্ৰমাণ কৰিছে ৰাজ্যখনত কিতাপ পঢ়াৰ সংস্কৃতি গঢ় লৈ উঠিছে’’ ।

তেওঁ লগতে কয় যে, নতুন প্ৰজন্মৰ আকৰ্ষণৰ সৈতে ৰজিতা খুৱাই সেই ধৰণৰ গ্ৰন্থ প্ৰকাশ কৰি তেওঁলোকৰ মনৰ চাহিদা পূৰণ কৰিব লাগিব । অসম প্ৰকাশন পৰিষদে শেহতীয়াকৈ ইউ টিউবত অসমীয়া যুগজয়ী সাধুকথাবোৰক দৃশ্য-শ্ৰাব্যৰ জৰিয়তে সংৰক্ষণ কৰি আৰু এয়া নতুন প্ৰজন্মৰ বাবে সুলভ কৰাটো এক মহৎ কৰ্ম হৈছে ।

এই ধৰণৰ নতুন চিন্তাৰে আগবাঢ়ি অধ্যয়নৰ সংস্কৃতি গঢ় দিয়া আৰু ইয়াৰ প্ৰসাৰ ঘটোৱা কাম কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে, ৰাজ্য চৰকাৰে ইতিমধ্যে এই ক্ষেত্ৰত আশাব্যঞ্জক পদক্ষেপ গ্ৰহণ কৰিছে । ড৹ মহন্তক ফুলাম গামোচাৰে আদৰণি জনায় সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি ইমৰাণ আহমদে ।

সামৰণি অনুষ্ঠানত (Assam Book Fair 2021) অংশগ্ৰহণ কৰা আন এগৰাকী বিশিষ্ট অতিথি বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে কয় যে, ‘‘অসমীয়া ভাষা বহু উচ্চ পৰ্যায়ৰ । সেই বাবে আমি গৌৰৱান্বিত । ভাষা-সাহিত্যৰ গতিশীলতা থকাৰ বাবেই এনে এখন সফল গ্ৰন্থমেলা অনুষ্ঠিত কৰিব পৰাটো সম্ভৱ হৈ উঠিছে’’ ।

বৰ্তমানৰ ইণ্টাৰনেট যুগে শিকন-পঠনত প্ৰভাৱ পেলোৱা বুলি উল্লেখ কৰি বড়োৱে কয় যে, ই-শিকন, ই-পঠনৰ এই উত্তৰ আধুনিক কালে ছপা মাধ্যমৰ ওপৰত চাপ সৃষ্টি কৰিছে । এয়া অতিক্ৰম কৰিবলৈ কথাবোৰ নতুনকৈ ভাবিব লাগিব । গ্ৰন্থৰ ভৱিষ্যৎ সুৰক্ষিত বুলি উল্লেখ কৰি তেওঁ কয় যে, পৰিৱৰ্তিত সভ্যতাৰ সৈতে খোজ মিলাই গ্ৰন্থৰ জগতখনক জীয়াই ৰাখিব লাগিব আৰু এই জগতখনৰ কোনো দিনে ইতি নপৰে ।

অসম গ্ৰন্থমেলাত কিতাপৰ বিক্ৰীৰ উৎসাহজনক হাৰে প্ৰমাণ কৰিছে ইণ্টাৰনেট যুগতো গ্ৰন্থৰ ভৱিষ্যৎ সুৰক্ষিত, ইয়াৰ পদ্ধতি অৱশ্যে সুকীয়া হ'ব পাৰে । বড়োক ফুলাম গামোচা আৰু কিতাপৰ টোপোলাৰে আদৰণি জনাই অসম গ্ৰন্থমেলা ফালৰ পৰা । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি ইমৰাণ আহমদে কয়, গ্ৰন্থমেলা লেখক-পাঠক আৰু প্ৰকাশকৰ মিলনমেলা । অসম গ্ৰন্থমেলাতো এই কথাই প্ৰতিফলিত হৈছে ।

তেওঁ অসম গ্ৰন্থমেলা সফল কৰাত সহযোগিতা আগবঢ়োৱা সকলো পক্ষকে ধন্যবাদ জ্ঞাপন কৰে । সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই । তেওঁ কয় যে, অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰি এক নতুন ইতিহাস ৰচনা কৰিলে ।

ইয়ে ভাষা-সাহিত্য আৰু গ্ৰন্থ উদ্যোগৰ ক্ষেত্ৰলৈ শুভ বাৰ্তা কঢ়িয়াই আনিছে । অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা অসম গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানটিৰ আঁত ধৰে প্ৰবোধ দাসে ।

লগতে পঢ়ক : আইজনী-জীৱন যুঁজৰ অন্য এক নাম

Last Updated : Jan 9, 2022, 10:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.