গুৱাহাটী,১২আগষ্টঃ স্বৰ্গদেউ চ্যুকাফাৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা কলকাতাৰ তথাকথিত বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীৰ গ্ৰেপ্তাৰৰ নিৰ্দেশনাক বাৰে বাৰে ভেঙুচালি কৰি আহিছে কলকাতা আৰক্ষীয়ে । শেহতীয়াকৈ কলকাতাৰ আৰক্ষী আয়ুক্তক কঠোৰ নিৰ্দেশ দিছে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে । ২৭ আগষ্টৰ ভিতৰত গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰি গুৱাহাটীৰ আদালতত হাজিৰৰ নিৰ্দেশ দিছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২৪ জুন আৰু ৩ জুলাইৰ ভিতৰত চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে । ২৪ জুনত মহানগৰ আৰক্ষীয়ে তথাকথিত বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীৰ গ্ৰেপ্তাৰী পৰোৱানা কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত জমা দিছিল । লগতে কলকাতা আৰক্ষীয়ে সহযোগিতা আগবঢ়োৱা নাই বুলিও অৱগত কৰাইছিল আৰু বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনাইছিল । কিন্তু আদালতৰ নিৰ্দেশক অৱমাননা কৰি পৰোক্ষভাৱে গৰ্গ চেটাৰ্জীক সুৰক্ষা দি আহিছে কলকাতা আৰক্ষীয়ে ।
উল্লেখ্য যে, আহোম স্বৰ্গদেউ চ্যুকাফাই চীনৰ পৰা আহি অসম আক্ৰমণ কৰিছিল বুলি কটু মন্তব্য কৰি অসমীয়া ৰাইজৰ ৰোষত পৰিছিল কলকাতাৰ গৰ্গ চেটাৰ্জী । বৰঅসমৰ ভেঁটি গঢ়োতা স্বৰ্গদেউ চ্যুকাফাক কৰা অপমানৰ পিছতে ক্ষোভিত হৈ পৰিছিল অসমৰ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন।