গুৱাহাটী, 17 মাৰ্চ : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত ‘আলােক প্রভঞ্জন বেলফেয়াৰ ছচাইটীৰ উদ্যোগত আয়ােজিত এক অনুষ্ঠানত বিশিষ্ট সমাজকর্মী শংকৰ দাসৰ মৃত্যুঞ্জয় ভাৰত’ নামৰ এখন গ্রন্থ বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে উন্মােচন কৰে (Cm unveils book of eminent thinker Shankar Das)।
অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ সমাজ-জীৱনৰ পাঁচগৰাকী বিশিষ্ট ব্যক্তি ক্রমে স্বনামধন্য কণ্ঠশিল্পী, সংগীতজ্ঞ সুদক্ষিণা শর্মা, অৰণ্য মানৱ পদ্মশ্রী যাদৱ পায়েং, জ্যেষ্ঠ সাংবাদিক ভবেন ঘিমিৰে, বিশিষ্ট ব্যৱসায়ী পৱন আগৰৱালা আৰু যুৱ উদ্যোগী ৰৱি চৌধুৰীলৈ দৈনন্দিন বার্তা গােষ্ঠীয়ে আগবঢ়োৱা ২০২২ বৰ্ষৰ বঁটাসমূহ প্রদান কৰাৰ লগতে বটা প্রাপকসকলক সম্বর্ধনাও জ্ঞাপন কৰে ।
উল্লেখযােগ্য যে, ‘মৃত্যুঞ্জয় ভাৰত’ গ্রন্থখনত লেখক শংকৰ দাসে প্রাচীন ভাৰতীয় সাহিত্য, সংস্কৃতি, জ্ঞান-বিজ্ঞান পৰম্পৰা, শিল্প-ভাস্কর্য আদিৰ আধুনিক বৈজ্ঞানিক প্রেক্ষাপটত বিশ্লেষণ কৰাৰ প্ৰয়াস কৰিছে । গ্রন্থখনি উন্মােচন কৰি প্ৰদান কৰা বক্তব্যত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, মৃত্যুঞ্জয় ভাৰত হৈছে ৫০০০ বছৰীয়া ভাৰতীয় সভ্যতাৰ অনাৱিস্কৃত মাধূর্যৰ এক মনােৰম বিশ্লেষণ ।
এই গ্রন্থই আমাক নিজৰ গৌৰৱময় অতীতলৈ ঘূৰি চাই নিজকে ন-ৰূপত আৱিস্কাৰ কৰাৰ সুযােগ প্রদান কৰাৰ লগতে আত্মবিশ্লেষণৰাে অৱকাশ দিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, "পশ্চিমীয়া সংস্কৃতিৰ ভাল-বেয়া সকলাে দিশকে চকু মুদি আকোঁৱালি লৈ নিজৰ একো নাই বুলি হীনমন্যতাত ভােগা আমাৰ নতুন প্রজন্মকো গ্রন্থখনিয়ে বহুতাে কথা নতুনকৈ বিশ্লেষণ কৰিবলৈ বাধ্য কৰাব।"
ড° শৰ্মাই লগতে কয় যে, মৃত্যুঞ্জয় ভাৰতৰ দৰে এখন সময়ােপযােগী আৰু মূল্যৱান গ্রন্থ প্রণয়ন কৰি বিশিষ্ট চিন্তাবিদ শংকৰ দাসে এক মহান জাতীয় দায়িত্ব পালন কৰিলে । এই কষ্টকৰ, বিৰল আৰু সাহসী প্রয়াসৰ বাবে তেওঁ গ্রন্থকাৰৰ প্রতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে গ্রন্থখনি আদৰি ল'বলৈ সকলােকে আহ্বান জনায় ।
মাথোঁ অসমৰে নহয়, ভাৰতীয় হিচাপে গর্বিত দেশৰ প্ৰতিগৰাকী নাগৰিকৰ ঘৰে ঘৰে এই গ্রন্থই স্থান পােৱা উচিত । অদূৰ ভৱিষ্যতে সেয়েহে দেশৰ অন্যান্য ভাষাসমূহলৈও এই গ্রন্থ অনুবাদৰ পদক্ষেপ নিশ্চিতভাৱে গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে ।
আলােক প্রভঞ্জন, দৈনন্দিন বার্তা তথা আছাম ৰাইজিং সংবাদ গােষ্ঠীৰ প্ৰতিষ্ঠাপক শংকৰ গােহাঞিয়ে আদৰণী ভাষণ প্রদান কৰা অনুষ্ঠানত বিশিষ্ট চিন্তাবিদ, সমাজকর্মী, লেখক শংকৰ দাসেও ‘মৃত্যুঞ্জয় ভাৰত’ গ্রন্থ ৰচনাৰ আঁৰৰ কথা অৱগত কৰাৰ লগতে ভাৰতীয় সভ্যতা-সংস্কৃতি সন্দৰ্ভত ভাষণ প্রদান কৰে । ইফালে এই অনুষ্ঠানত বিধায়ক তৰংগ গগৈৰ লগতে অন্যান্য বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক : The Kashmir Files : ছুটী লওক আৰু চিনেমা চাওক: চৰকাৰী নিৰ্দেশনা জাৰি