ETV Bharat / state

Sradhanjali flyover: বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব শ্ৰদ্ধাঞ্জলি উৰণ সেতু

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 9:05 PM IST

Updated : Oct 19, 2023, 3:03 PM IST

বহু প্ৰতীক্ষাৰ অন্তত বৃহস্পতিবাৰে মুকলি কৰা হ'ব উত্তৰ-পূবৰ ভিতৰতে দ্বিতীয়খন দীঘলীয়া উৰণ সেতু হিচাপে পৰিগণিত হোৱা গুৱাহাটীৰ ৰাধাগোৱিন্দ বৰুৱা পথৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতু । শাৰদীয় দুৰ্গা পূজাৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব উৰণ সেতুখন ।

CM to inaugurate Sradhanjali flyover tomorrow
কাইলৈ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব শ্ৰদ্ধাঞ্জলি উৰণ সেতু

গুৱাহাটী,১৮ অক্টোবৰ: কেইটামান ঘন্টাৰ পিছতে মুকলি হ'ব উত্তৰ-পূবৰ ভিতৰতে দ্বিতীয়খন দীঘলীয়া উৰণ সেতু হিচাপে পৰিগণিত হোৱা ৰাধাগোবিন্দ বৰুৱা পথৰ গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ সমীপৰ পৰা গণেশগুৰি উৰণ সেতুৰ সমীপলৈ সংযোগী ২.৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ তিনিলেনযুক্ত শ্ৰদ্ধাঞ্জলি উৰণ সেতুখন । ইতিপূৰ্বে মুকলি হোৱা নীলাচল উৰণ সেতুখনৰ দৈৰ্ঘ্য হৈছে ২.৬৩ কিলোমিটাৰ ।

শাৰদীয় দুৰ্গা পূজাৰ প্ৰাকক্ষণত বৃহস্পতিবাৰে ৰাধা গোবিন্দ বৰুৱা পথৰ নৱনিৰ্মিত উৰণ সেতুখন ৰাইজৰ যাতায়াতৰ বাবে মুকলি কৰা হ'ব । প্ৰায় ৩১৬ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে উৰণ সেতুখন । উৰণ সেতুখন মুকলি হোৱাৰ পিছত আৰ জি বৰুৱা পথৰ যানজঁট কমিব বুলি ৰাইজে আশা কৰিছে যদিও উৰণ সেতুখনৰ বাবে সেই পথচোৱাৰ কাষৰ ব্যৱসায়ীসকল ক্ষতিগ্ৰস্ত হ'ব বুলি আশংকা কৰিছে বহুতে । উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰে পৰা সেই পথৰ ব্যৱসায়িক প্ৰতিষ্ঠানবোৰৰ ৫০% ব্যৱসায় হ্ৰাস পাইছে বুলি উল্লেখ কৰে ব্যৱসায়ী সকলে ।

উৰণ সেতুখন মুকলি হোৱাৰ পাছতো যে ব্যৱসায় বৃদ্ধি হ'ব তাক আশা কৰা নাই বুলি মন্তব্য কৰে ব্যৱসায়ীসকলে । উল্লেখ্য যে উৰণ সেতুখনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে কামৰূপৰ মিৰ্জাৰ অনিল দাস কনষ্ট্ৰাকছন প্রাইভেট লিমিটেডে । ইয়াৰ পূৰ্বে অনিল দাসে দিছপুৰ ছুপাৰ মাৰ্কেটৰ উৰণ সেতুখন নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল । সেই উৰণ সেতুখন নিৰ্ধাৰিত সময়ৰ ১৪ মাহ পূৰ্বতেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগত তেঁও এক বিৰল অভিলেখ স্থাপন কৰিছিল ।

আৰ জি বৰুৱা পথৰো শ্ৰদ্ধাঞ্জলি উৰণ সেতুখন নিৰ্ধাৰিত সময়ৰ প্ৰায় ১০ মাহ পূৰ্বেই সম্পূৰ্ণ কৰিছে নিৰ্মাণৰ ঠিকা লাভ কৰা অনিল দাসে । ২০২২ চনৰ পহিলা ফেব্ৰুৱাৰীত আধাৰশিলা স্থাপন কৰা উৰণীয়া সেতুখনৰ নিৰ্মাণ সম্পুৰ্ণ কৰাৰ বাবে ৩০ মাহৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল । কিন্তু মাত্ৰ ২০ মাহৰ ভিতৰতেই উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলা হয় ।

ইফালে উৰণীয়া সেতুখনৰ নিৰ্মাণ কাৰ্যৰ তদাৰক কৰি থকা লোকনিৰ্মাণ বিভাগৰ পূব গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডল আৰু দুই নম্বৰ নগৰ উপ-সংমণ্ডলৰ অভিযন্তাসকলে সদৰী কৰা অনুসৰি উৰণ সেতুখন মুকলি হোৱাৰ পাছত গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ দিশৰ পৰা গণেশগুৰি সংযোগী আৰ জি বৰুৱা পথ আৰু গীতামন্দিৰৰ দিশৰ পৰা আৰ জি বৰুৱা পথ সংযোগী মাদাৰ টেৰেছা পথত যাতায়াত ব্যৱস্থাত ব্যাপক পৰিবৰ্তন হ'ব ৷

গুৱাহাটীৰ অন্যতম ব্যস্ত পথ হিচাপে পৰিচিত আৰ জি বৰুৱা পথত চানমাৰীৰ আনন্দৰাম বৰুৱা উৰণ সেতুৰ পৰা গণেশগুৰিলৈ প্ৰায় চাৰে তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশখিনি পাৰ হওতে সর্বাধিক পাঁচ-সাত মিনিটমান সময়ৰ প্ৰয়োজন হ'ব । নিৰ্মাণ কাৰ্যৰ তদাৰকৰ দায়িত্বত থকা অভিযন্তাই উল্লেখ কৰা অনুসৰি গণেশগুৰিৰ দিশত উৰণ সেঁতুখনৰ ওপৰ ভাগত থকা তিনিটা লেনৰ বহল হ'ব ১০.৫ মিটাৰ । মাদাৰ টেৰেছা পথত থকা দুটা লেনৰ বহল হ'ব ৭.৫ মিটাৰ ।

তেনেদৰে আৰ জি বৰুৱা পথ আৰু মাদাৰ টেৰেছা পথত তলৰ অংশখিনিৰ একোটা ফালে বহল হ'ব ৫.৫ মিটাৰ । আৰ জি বৰুৱা পথৰ বাহিনী নদীৰ অংশখিনিক বাদ দি বাকখিনিত পদপথসহ পানী পৰিবাহী নলা নিৰ্মাণ কৰা হৈছে । আনকি উৰণ সেতুৰ তলত পথ নিৰ্মাণ কৰাৰ বাবে ভূমি অধিগ্ৰহণ কৰাও হৈছে । বৃহস্পতিবাৰে উৰণ সেতুখন মুকলি উপলক্ষে বিয়লি পাঁচ বজাত জু-তিনিআলিৰ বৃন্দাবন গাৰ্ডেনত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হ'ব ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উৰণীয়া সেতুখন সন্ধিয়া পাঁচ বজাত মুকলি কৰাৰ পাছতেই উক্ত ৰাজহুৱা সভাত ৰাইজক সম্বোধন কৰিব । ইফালে উৰণ সেতুখনত অসমকে ধৰি উত্তৰ-পূবৰ থলুৱা জাতি-জনগোষ্ঠী সমূহৰ লোক-কলা, লোক-সংস্কৃতি, জীৱ-জন্তু, কৃষ্টি-সংস্কৃতি আদি প্রতিফলিত হয় তাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সৌন্দৰ্যবৰ্দ্ধনৰ বাবে সেই চিত্ৰসমূহ অংকিত কৰাৰ ব্যৱস্থা কৰা হৈছে । উৰণ সেতুখনত মুঠ ৫৮ টা খুটা আছে । ইয়াৰে ৮ টা আছে মাদাৰ টেৰেছা পথত আৰু ৫০ টা আছে আৰ জি বৰুৱা পথত ।

লগতে পঢ়ক: Zoo Road Flyover: পূজাৰ উপহাৰ ! মহাপঞ্চমীৰ দিনা উদ্বোধন হ’ব শ্ৰদ্ধাঞ্জলি উৰণ সেতু

Last Updated : Oct 19, 2023, 3:03 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.