ETV Bharat / state

Guwahati doctor couple case: তোলনীয়া সন্তানক নিৰ্যাতন চলোৱা চিকিৎসক দম্পতীৰ ঘটনাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ - Assam doctor couple case

তোলনীয়া সন্তানক যৌন পুতলা (Sex toy) হিচাবে ব্যৱহাৰ কৰা গুৱাহাটীৰ চিকিৎসক দম্পতীৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া অব্যাত আছে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ছমাহৰ ভিতৰত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ নিৰ্দেশ (Guwahati doctor couple case) ৷

Guwahati doctor couple case
Guwahati doctor couple case
author img

By

Published : May 8, 2023, 9:07 PM IST

চিকিৎসক দম্পতী কাণ্ডত মুখ্যমন্ত্ৰীৰ হস্পক্ষেপ

গুৱাহাটী, 8 মে’: অবৈধভাৱে তুলি লোৱা দুই কণমানি শিশুৰ ওপৰত চিকিৎসক দম্পতীয়ে বৰ্বৰ নিৰ্যাতন চলোৱা ঘটনাত হস্তক্ষেপ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সোমবাৰে জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ঘটনটোৰ সন্দৰ্ভত 45 দিনৰ ভিতৰত আৰক্ষীক অভিযোগনামা দাখিলৰ নিৰ্দেশ দিয়া হৈছে ৷ লগতে গোচৰটো যাতে ছমাহৰ ভিতৰত সম্পূৰ্ণ হৈ দোষীয়ে শাস্তি পায় তাৰবাবে সকলো আইনগত ব্যবস্থা গ্ৰহণৰ পদক্ষেপ লোৱা হ'ব (CM on doctor couple case) ৷

মুখ্যমন্ত্ৰীয়ে কয় যে, গোচৰটো যাতে ক্ষীপ্ৰতাৰে চলে তাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰা হ’ব ৷ ইফালে সোমাবাৰে গুৱাহাটীত অনুষ্ঠিত আন এখন‌ সংবাদমেলত অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয় যে, চিকিৎসক দম্পতীয়ে তুলি লোৱা দুই শিশুৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ স্পষ্ট প্ৰমাণ চিকিৎসকে লাভ কৰিছে ৷ তেওঁ জনায় যে ঘটনটোৰ সন্দৰ্ভত দোষী যাতে সাৰি যাব নোৱাৰে তাৰ সকলো পদক্ষেপ আৰক্ষীয়ে গ্ৰহণ কৰিব (Doctor arrested for assault adopted child) ৷

উল্লেখ্য যে, দেৱশিশুৰ ওপৰত পাশৱিক আচৰণ কৰা ধৃত চিকিৎসক দম্পতীটো হৈছে মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্ত আৰু তেওঁৰ চিকিৎসক স্বামী ডাঃ ৱালিউল ইছলাম ৷ ইতিমধ্যেই এই পাষাণ দম্পতীক 5 দিনৰ আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰা হৈছে ৷ ডাঃ সংগীতা দত্তক পানবজাৰ মহিলা আৰক্ষী থানাত আৰু ডাঃ ৱালিউল ইছলামক পল্টনবজাৰ আৰক্ষী থানাত ৰখা হৈছে ৷

চিকিৎসক ৱালিউল ইছলামক গ্ৰেপ্তাৰ কৰাৰ পিচতে শনিবাৰৰ নিশা অভিযান চলাই খানাপাৰৰ পাহাৰৰ জুপুৰীত লুকাই থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে ডাঃ সংগীতা দত্তক ৷ মূল অভিযুক্তক দুগৰাকীৰ লগতে গ্ৰেপ্তাৰ বনকৰা মহিলা লক্ষী ৰায়ক ইতিমধ্যে জে’ললৈ প্ৰেৰণ কৰা হৈছে (Assam doctor couple case) ৷

শিশুদুটি ক’ৰ পৰা আনিছিল, কোনে আনি দিছিল সেই সন্দৰ্ভতো তদন্ত অব্যাহত আছে ৷ কি কাৰণে শিশু দুটিক নিৰ্যাতন চলাইছিল তাৰ কাৰণ বৰ্তমানো পোহৰলৈ অহা নাই ৷ সমগ্ৰ গোচৰটো POCSO ধাৰা লগোৱা হৈছে বুলিও মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চিকিৎসক দম্পতীৰ ঘৰত কাম কৰা আন এগৰাকী মহিলাক সোমবাৰে আটক কৰি সোধা-পোচা কৰি আছে (Doctor couple case update) ৷

লগতে পঢ়ক: Dr Sangeeta Dutta case : গ্ৰেপ্তাৰ হ’ল পলাতক চিকিৎসক ডাঃ সংগীতা দত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.