ETV Bharat / state

CM Himanta Biswa : অসমীয়া যুৱক-যুৱতীয়ে কৰ্ম সংস্কৃতিক আদৰিব লাগে : মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 6:22 PM IST

বদৰুদ্দিন আজমলৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অসমীয়া যুৱক-যুৱতীয়ে এইটোৰ পৰা শিকিব লাগে, ইয়াক অপমান বুলি ভাবিব লাগে ৷

CM Himanta Biswa Sarma
মুখ্যমন্ত্ৰীৰ সংবাদমেল
বদৰুদ্দিন আজমলৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 4 নৱেম্বৰ : "মিঞাই তোমাৰ কি খাইছে ? 3 দিন মিঞা নাথাকিলে গুৱাহাটী কবৰস্থান হৈ যায় ৷" AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে কৰা এই বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ গুৱাহাটীত শনিবাৰে অনুষ্ঠিত হোৱা এক সংবাদমেলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীজনে ৷

মুখ্যমন্ত্ৰী শৰ্মাই কয় "এইটো মই মানি লওঁ ৷ দুখজনকভাৱে এইটো সত্য কথা যে, গুৱাহাটীৰ বজাৰ-সমাৰ, উলা-উবেৰ সকলোতে পমুৱা মুছলমান ৷ যিকোনো ক্ষেত্ৰতে, যদি আপোনালোক বাহিৰলৈ ওলাই যায় যাৰেই নাম শুনে দহজনৰ সাতজনেই পমুৱা মুছলমান ৷ অসমীয়া মুছলমানো নহয় ভাৰতীয়ও নহয় ৷"

বদৰুদ্দিন আজমলে সঁচা কথাই কৈ আছে বুলি কৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অসমীয়া যুৱক-যুৱতীয়ে এইটোৰ পৰা শিকিব লাগে ৷ ইয়াক অপমান বুলি ভাবিব লাগে আৰু কৰ্ম সংস্কৃতিক আদৰিব লাগে ৷ লগতে অসমীয়া মানুহৰ কৰ্ম সংস্কৃতিৰ বিকল্প নাই, নহ'লে জাতিটো শেষ হৈ যাব বুলিও মন্তব্য কৰে তেওঁ ৷ আজমলে এয়া একো ভুল কোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ঈদৰ কেইদিন গুৱাহাটীখন খালী হৈ যায় ৷ সেইটো মিছা কথা নহয় ৷

ইফালে অসমৰ মুছলমান সমাজৰ পৰা কংগ্ৰেছ আৰু AIUDFএ ইমান দিনে ভয় খুৱাই ভোট লৈ আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কংগ্ৰেছ আৰু AIUDFৰ মুছলমান সমাজৰ সৈতে কেৱল ভোটৰ সম্পৰ্কহে আছে বুলি উল্লেখ কৰে ড৹ শৰ্মাই ৷ ভোটৰ পিছত লাগি তেওঁলোকে স্কুল-কলেজ, ৰাস্তা, দলং একো নবনায় ৷ কিন্তু চৰকাৰে অসমৰ খিলঞ্জীয়া মুছলমান সকলৰ জীৱনৰ পৰিৱৰ্তন কৰাৰ লক্ষ্য লৈছে ৷ এই ক্ষেত্ৰত চৰকাৰ বহুখিনি আগবাঢ়ি গৈছে আৰু দুই-এদিনতে খিলঞ্জীয়া মুছলমান সকলৰ জৰীপো আৰম্ভ হ’ব বুলি কয় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

লগতে পঢ়ক : Assam Govt to Subsidised Tea : ৰেচন কাৰ্ড থকাসকলে পাব ৰাজসাহায্যযুক্ত চাহ; অসম চৰকাৰৰ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.