ETV Bharat / state

ক'ভিড নিয়ন্ত্ৰণ: মাজুলীৰ দায়িত্ব ল’লে হিমন্তই, কোন মন্ত্ৰীৰ ভাগত কোন জিলা - নতুন মন্ত্ৰীসকলক জিলাসমূহ ভগাই দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই

ক'ভিডৰ জটিল পৰিস্থিতি পৰ্যালোচনাৰ বাবে নতুন মন্ত্ৰীসকলক জিলাসমূহ ভগাই দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি মাজুলী জিলাৰ দায়িত্ব স্বয়ং মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মূৰ পাতি লৈছে ।

Himanta Biswa sarmah
ক'ভিড নিয়ন্ত্ৰণৰ বাবে মাজুলীৰ দায়িত্ব ল'লে হিমন্তই, কোন মন্ত্ৰীৰ ভাগত কোন জিলা
author img

By

Published : May 12, 2021, 4:13 PM IST

গুৱাহাটী,১২ মে': মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰখনৰ প্ৰথমখন কেবিনেট বৈঠকতে মঙলবাৰে সিদ্ধান্ত লৈছিল যে, ক'ভিডৰ জটিল পৰিস্থিতি পৰ্যালোচনাৰ বাবে নতুন মন্ত্ৰীসকলক জিলাসমূহ ভগাই দিয়া হ'ব । প্ৰতিখন জিলাৰ দায়িত্বত থাকিব সংশ্লিষ্ট মন্ত্ৰীসকল । সেই অনুসৰি, বুধবাৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰতিগৰাকী মন্ত্ৰীক নিজা নিজা দায়িত্বত থাকিবলগীয়া জিলাসমূহ ভগাই দিয়ে ।

Himanta Biswa sarmah
ক'ভিড নিয়ন্ত্ৰণৰ বাবে মাজুলীৰ দায়িত্ব ল'লে হিমন্তই, কোন মন্ত্ৰীৰ ভাগত কোন জিলা

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি মাজুলী জিলাৰ দায়িত্ব স্বয়ং মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মূৰ পাতি লৈছে । তেনেদৰে বৰপেটা, বজালী আৰু বঙাইগাঁৱৰ দায়িত্ব দিয়া হৈছে মন্ত্ৰী ৰণজিৎ দাসক । মন্ত্ৰী অতুল বৰাক দায়িত্ব দিয়া হৈছে যোৰহাট আৰু গোলাঘাট জিলাত । কোকৰাঝাৰ, চিৰাং আৰু বাক্সাৰ দায়িত্ব অৰ্পণ কৰা হৈছে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মক ।

একেদৰে, নলবাৰী, কামৰূপ আৰু ওদালগুৰিৰ দায়িত্ব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক দিয়া হৈছে । কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জৰ দায়িত্ব মন্ত্ৰী পৰিমল শুক্লবৈদ্যক, নগাঁও আৰু হোজাইৰ দায়িত্ব মন্ত্ৰী কেশৱ মহন্তক, ধেমাজি আৰু লখিমপুৰৰ দায়িত্ব মন্ত্ৰী ডাঃ ৰণোজ পেগুক, শোণিতপুৰ, দৰং আৰু বিশ্বনাথৰ দায়িত্ব মন্ত্ৰী অশোক সিংঘালক অৰ্পণ কৰা হৈছে ।

অনুৰূপভাৱে পূৱ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওৰ দায়িত্ব মন্ত্ৰী যোগেন মহনক, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ দায়িত্ব মন্ত্ৰী সঞ্জয় কিষাণক দিয়া হৈছে । মন্ত্ৰী অজন্তা নেওগক ধুবুৰীৰ দায়িত্ব দিয়া হৈছে । মন্ত্ৰী পীযুষ হাজৰিকাক মৰিগাঁও আৰু গোৱালপাৰাৰ দায়িত্ব দিয়াৰ লগতে আনগৰাকী মন্ত্ৰী বিমল বৰাক চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ দায়িত্ব অৰ্পণ কৰা হৈছে ।

লগতে পঢ়ক: কৰ'ণাত আক্ৰান্ত হৈ বৰপেটাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা আব্দুল কায়েমৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.