ETV Bharat / state

ষষ্ঠ দফাৰ ৰূপায়ণঃ আজি পৰ্যন্ত চৰকাৰে গঠন নকৰিলে আইনজ্ঞ সমিতি - Assam Act.

দিছপুৰত চৰকাৰ সলনি হ'ল, মুখ্যমন্ত্ৰী সলনি হ'ল ঠিকেই, কিন্তু কাৰ্যকৰীকৰণ নহ’ল অসম চুক্তিৰ ছয় নম্বৰ দফা ৷ কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে দিয়া প্ৰতিবেদন এতিয়াও একেদৰেই পৰি আছে দিছপুৰত । চৰকাৰৰ সন্দেহজনক ভূমিকাক লৈ সন্দেহ প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদেও ।

clause-six-legal-part
ষষ্ঠ দফাৰ ৰূপায়ণঃ আজি পৰ্যন্ত চৰকাৰে গঠন নকৰিলে আইনজ্ঞ সমিতি
author img

By

Published : May 27, 2021, 9:59 PM IST

গুৱাহাটী, ২৭ মে': অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে দিয়া প্ৰতিবেদন এতিয়াও একেদৰেই পৰি আছে দিছপুৰত । দিছপুৰত চৰকাৰ সলনি হ'ল, মুখ্যমন্ত্ৰী সলনি হ'ল ঠিকেই, কিন্তু সেই প্ৰতিবেদনে দিছপুৰৰ সীমা পাৰ হৈ দিল্লী পাবগৈ নোৱাৰিলে । খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকৱচ নিৰূপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া এই সমিতিৰ প্ৰতিবেদন অতি ৰহস্যজনকভাবে কেন্দ্ৰয়ো গ্ৰহণ কৰিব নোখোজাত অৱশেষত ন্যায়াধীশ শৰ্মা সমিতিয়ে বাধ্য হৈ সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাততে অৰ্পণ কৰিছিল ।

ষষ্ঠ দফাৰ ৰূপায়ণঃ আজি পৰ্যন্ত চৰকাৰে গঠন নকৰিলে আইনজ্ঞ সমিতি

পৰৱৰ্তী সময়ত তেতিয়াৰ বিত্ত মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে এই প্ৰতিবেদনখনৰ পৰামৰ্শাৱলী মানি লোৱাত চৰকাৰৰ বহুক্ষেত্ৰত আপত্তি আছে । সেয়েহে প্ৰথমে এখন আইনজ্ঞ সমিতি চৰকাৰে গঠন কৰিব আৰু সেই সমিতিয়ে পৰামৰ্শাৱলী পৰ্যালোচনা কৰিব । যদিহে আইনজ্ঞ সমিতিয়ে পৰামৰ্শাৱলী কাৰ্যকৰীকৰণত সাংবিধানিকভাবে কোনো বাধা নাই বুলি কয় তেতিয়াহে চৰকাৰে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব । স্বাভাৱিকতে এয়া আছিল ৰাজ্য চৰকাৰখনৰ এক আভুৱা ভৰা স্থিতি ।

মাহ বাগৰিল, বছৰ বাগৰিল । চৰকাৰে নিজেই ঘোষণা কৰা সেই আইনজ্ঞ সমিতি কিন্তু চৰকাৰে গঠন নকৰিলে । মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্তবিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পিছত ইতিমধ্যে তিনিখনকৈ কেবিনেট বৈঠক অনুষ্ঠিত হৈ গ’ল । কোনো এখনতেই কিন্তু সেই আইনজ্ঞ সমিতি গঠনৰ বিষয়টো উল্থাপন নহ'ল । গতিকে স্বাভাৱিকতে এই গুৰুতৰ বিষয়টোক লৈ চৰকাৰখনৰ‌ স্থিতি সন্দেহজনক হৈ পৰিছে । চৰকাৰৰ এনে ভূমিকাক লৈ সন্দেহ প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদেও । দলটোৰ প্ৰচাৰ সম্পাদক জিয়াউৰ‌ ৰহমানে ইটিভি ভাৰতক কয় যে, খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকৱচৰ সমগ্ৰ বিষয়টোৱেই চৰকাৰে হয়তো এৰাই চলিব বিচাৰিছে । যাৰ বাবে আজিও ন্যায়াধীশ শৰ্মা সমিতিয়ে দাখিল কৰা প্ৰতিবেদন কেন্দ্ৰই গ্ৰহণ নকৰিলে বা সমিতিৰ পৰামৰ্শাৱলী পৰ্যালোচনাৰ বাবে আইনজ্ঞ সমিতিও চৰকাৰে গঠন কৰি নিদিলে ।

লগতে পঢ়ক: বাঘজানৰ অভিশপ্ত অগ্নিকাণ্ডৰ এটা বছৰ সম্পূৰ্ণ: পালন কৰা হৈছে 'ক'লা দিৱস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.