গুৱাহাটী, 31 আগষ্ট: এইবাৰ সমুখ-সমৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিজেপিৰ মন্ত্ৰী পীযুষ হাজৰীকা ৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই সীমা চেৰাই গ’লে গাৰ কাপোৰ খুলি যাব বুলি বুধবাৰে কৈছিল মন্ত্ৰী পীযুষ হাজৰীকাই ৷
পীযুষ হাজৰীকাই কৈছিল, ‘‘দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে আৰু কংগ্ৰেছৰ বিৰুদ্ধে আমি মুখ খুলিলে গাৰ কাপোৰ নাথাকিব ৷’’ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ ভূপেন বৰাই কয় যে বস্ত্ৰহৰণ বাজপেয়ী ভৱনতহে হৈছে ৷
ভূপেন বৰাৰ মন্তব্যৰ পাছত পুনৰ সৰৱ হয় মন্ত্ৰী পীযুষ হাজৰীকা ৷ ভূপেন বৰাক প্ৰত্যুত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ভূপেন বৰা হৈছে মহাভাৰতৰ ‘দুৰ্যোধন’ । মই কাৰো নাম কোৱা নাছিলো, কাপোৰ খোলাৰ অপসংস্কৃতি আৰম্ভ কৰিছিল ভূপেন বৰাই । ভূপেন বৰা হৈছে অপসংস্কৃতিৰ বাহক । মই নাম ক’লে বহু পুৰণি নেতাৰ নাম ওলাব । কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে প্ৰাক্তন সতীৰ্থই দিছপুৰ থানাত যৌন নিৰ্যাতনৰ অভিযোগ এজাহাৰ দাখিল কৰিছিল ৷’’
গৰুখুঁটিৰ উচ্ছেদৰ সময়ত ভূপেন বৰাই গাৰ কাপোৰ খুলি অপসংস্কৃতি আৰম্ভ কৰা বুলি মন্তব্য কৰে পীযুষ হাজৰীকাই ৷ ইফালে কংগ্ৰেছৰ ‘বাগানে বাগানে কংগ্ৰেছৰ’ শীৰ্ষক কাৰ্যসূচীকলৈয়ো আক্ৰমণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে কংগ্ৰেছৰ অনুষ্ঠানত 100ৰ পৰা 300তকৈ বেছি মানুহ নহয় ৷ বাগানত চলোৱা কংগ্ৰেছৰ প্ৰচাৰ অভিযানৰ ফটো প্ৰকাশ কৰিবলৈয়ো প্ৰত্যাহ্বান পীযুষ হাজৰীকাৰ ৷ লগতে কয় যে 2026 চনৰ নিৰ্বাচনত কোন পাণ্ডৱ, কোন কৌৰৱ গম পোৱা যাব ৷
বাল্য বিবাহ সম্পৰ্কত পীযুষ হাজৰীকাই কয় যে এজনী পত্নী থকাৰ স্বত্তেও একাংশই বলপূৰ্বক আন বহু কেইগৰাকী বিয়া কৰায় । বাল্য বিবাহ আৰু বহু বিবাহ সমাজৰ কলংক ।
লগতে পঢ়ক: Assam BJP vs Cong: সীমা চেৰাই গ’লে দেৱব্ৰত শইকীয়াৰ গাৰ কাপোৰ খোলাৰ হুংকাৰ পীযুষ হাজৰীকাৰ