গুৱাহাটী,28 জুলাইঃ অসমত এটা ৰাষ্ট্ৰীয় দক্ষতা বিকাশ কেন্দ্ৰ স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । দেওবাৰে কেন্দ্ৰীয় দক্ষতা বিকাশ দপ্তৰৰ মন্ত্ৰী মহেন্দ্ৰ নাথ পাণ্ডেক এই অনুৰোধ জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে । উল্লেখ্য যে সম্প্ৰতি অসম ভ্ৰমণত থকা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেওবাৰে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে এক বৈঠকত মিলিত হয় । মুখ্যমন্ত্ৰীৰ এই অনুৰোধক গুৰুত্ব সহকাৰে বিবেচনা কৰাৰ আশ্বাস দিয়ে মন্ত্ৰী পাণ্ডেই ।
আনহাতে উত্তৰ পূৱৰ আঠোখন ৰাজ্যক সামৰি গুৱাহাটীত দক্ষতা বিকাশ কেন্দ্ৰৰ এটা বৃহৎ কাৰ্যালয় স্থাপনৰ বাবে প্ৰয়োজনীয় ভূমিৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীক আহ্বান জনায় । মুখ্যমন্ত্ৰীয়ে অৱশ্যে বৈঠকত এই কথা স্পষ্ট কৰি দিয়ে যে ইতিমধ্যে ৰাজ্য চৰকাৰে ইয়াৰ বাবে পৰ্যাপ্ত ভূমিৰ ব্যৱস্থা কৰিছে ।