গুৱাহাটী,4 ফেব্ৰুৱাৰীঃ মঙলবাৰে আৰ টি আই কৰ্মী দুলাল বৰাৰ 118 নম্বৰ বাসগৃহত পুনৰ অভিযান চলায় চি আই ডি, গড়কাপ্তানি বিভাগ আৰু বশিষ্ঠ আৰক্ষীয়ে ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ 7 ডিচেম্বৰত যান-বাহন পৰিদৰ্শক নাইমুদ্দিন আহমেদৰ এটা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল দুলাল বৰাক ৷ পৰৱৰ্তী সময়ত বহুটো চৰকাৰী বিষয়াক ধনদাবী কৰা বুলি চি আই ডিত গোচৰ ৰুজু কৰা হৈছিল বৰাৰ বিৰুদ্ধে ৷ ইয়াৰ পূৰ্বেও তেখেতৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰা হৈছিল বহু স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ লগতে এখন ইন’ভা বাহন ৷ আনহাতে, অট্টালিকা অনুমতিৰ কিছু আসোঁৱাহ থকাৰ বাবেই অভিযন্তাই জোখ মাখ চলাইছে বুলি জানিব দিয়ে ৷
লগতে পঢ়ক-নিৰ্বাচনৰ তিনিদিন পূৰ্বে AAP ৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি