ETV Bharat / state

বিজেপিৰ প্ৰতি থকা সমৰ্থন উঠাই লোৱাৰ সম্ভাৱনা হাগ্ৰামাৰ, লক্ষ্য 'কা' বিৰোধী ভোট - বড়োলেণ্ড

বিটিচিৰ নিৰ্বাচনী ৰাজনীতিত নতুন অংক, যিকোনো মুহূৰ্ততে বিজেপিৰ প্ৰতি থকা সমৰ্থন উঠাই ল'ব পাৰে হাগ্ৰামাই। হিমন্তৰ প্ৰচাৰাভিযানক লৈ অসন্তুষ্ট বিপিএফ। সেয়ে এতিয়া সমৰ্থন উঠাই লৈ 'কা' বিৰোধী ভোটাৰক আকৰ্ষণ কৰাৰ লক্ষ্য।

হাগ্ৰামাই বিজেপিৰ প্ৰতি থকা সমৰ্থন উঠাই লোৱাৰ সম্ভাৱনা, লক্ষ্য 'কা' বিৰোধী ভোট

author img

By

Published : Nov 9, 2020, 4:01 PM IST

গুৱাহাটী ৯ নৱেম্বৰ: এক নতুন নিৰ্বাচনী ৰাজনৈতিক সমীকৰণৰ দিশে আগবাঢ়িছে বড়োলেণ্ড টেৰিট'ৰিয়েল ডিষ্টিক কাউন্সিৰ নিৰ্বাচন। বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই বিপিএফৰ লগত ৰাজ্যিক পৰ্যায়ত মিত্ৰতা থকাৰ পিছতো বিটিচিৰ নিৰ্বাচনী সভাসমূহত দলটোক থকা-সৰকা কৰিছে। যোৱা কেইবাদিনো ধৰি হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বিটিচিৰ নিৰ্বাচনী সভাসমূহত শাসকীয় দল বিপিএফৰ বিত্তীয় কেলেংকাৰীকে ধৰি অন্যান্য অনিয়ম-অনীতিসমূহ উদঙাই দিয়াত হাগ্ৰামা মহিলাৰী স্বাভাৱিকতেই বিপদত পৰিছে।

সেয়ে, এই মূহুৰ্তত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে যিকোনো মুহূৰ্ততে বিজেপিৰ প্ৰতি বিধানসভাৰ নিৰ্বাচন অথবা ৰাজ্যিক পৰ্যায়ত সমৰ্থন উঠাই ল'ব পাৰে বুলি শীৰ্ষ সূত্ৰ এটাই আঙুলিয়াই দিছে। সূত্ৰটোৰ মতে, আজি ওদালগুৰিৰ ধনশ্ৰীঘাটতত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাখনত বিপিএফৰ বিৰূদ্ধে হিমন্ত বিশ্ব শৰ্মা অধিক আক্ৰমণাত্মক হৈ পৰাৰ লগে লগে অধিক ক্ষতি শংকাৰ সন্মুখীন হৈছে বিপিএফ। যদি বিটিচিৰ নিৰ্বাচনত হাগ্ৰামা মহিলাৰীৰ দল হাৰি যায়, তেতিয়াহ'লে বিধানসভাৰ নিৰ্বাচনতো দলটোৱে কেতিয়াও ভাল ফল দেখুৱাব নোৱাৰিব।

গতিকে হাগ্ৰামা মহিলাৰীয়ে সময় থাকোতেই বিজেপিৰ পৰা সমৰ্থন উঠাই লৈ বিটিচিত থকা বিজেপি বিৰোধী ভোট আৰু বিশেষকৈ 'কা' বিৰোধী ভোটাৰসকলক আকৃষ্ট কৰাৰ বাবে সিদ্ধান্ত লৈছে। জানিব পৰা মতে, নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতো যদি বিজেপিৰ লগত বুজাবুজি নহয়, তেতিয়াহ'লে হাগ্ৰামাই বিজেপিৰে সম্পৰ্ক আনুষ্ঠানিকভাৱে এৰি নিজ বাটে বাট বুলিব।

অৱশ্যে, বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ এনে ৰাজনৈতিক প্ৰস্তাৱত তেওঁৰ চন্দন ব্ৰহ্ম, ৰিহন দৈমাৰী, খাম্ফা বৰগয়াৰীৰ দৰে জ্যেষ্ঠ নেতাই সমৰ্থন দিব নে নিদিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। 'কা'ৰ বিৰোধিতা কৰিলে দলটোৱে আকৌ বিটিচিৰ নিৰ্বাচনত প্ৰভাৱ বিস্তাৰ কৰি অহা বঙালী হিন্দুৰ ভোট হেৰুওৱাৰ আশংকাও স্পষ্ট হৈ আছে। এই কথাকে ইতিমধ্যে দলৰ জ্যোষ্ঠ নেতাসকলে হাগ্ৰামা মহিলাৰীক আঙুলিয়াই দিছে বুলি সূত্ৰটোৱে জানিবলৈ দিছে।

লগতে পঢ়ক: পৰিয়াল কেন্দ্ৰিক সংঘাতত আহত এজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.