ETV Bharat / state

SCERT scam: কেঁচু খান্দোতে ওলাইছে সাপ ! সাংবাদিকৰ পৰা আৰ টি আই কৰ্মীলৈ নামিছে ব্লেকমেইলিঙত

author img

By

Published : May 31, 2023, 9:05 PM IST

বহু বিতৰ্কিত SCERT কেলেংকাৰীত নাম সাঙোৰ খোৱা দুগৰাকী সাংবাদিক আৰু দুগৰাকী আৰ টি আই কৰ্মীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ কিন্তু আৰু অধিক লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে এই ঘটনা সংক্ৰান্তত (blackmailing nexus of journalist) ৷ এই ব্লেকমেইলিং চক্ৰত আৰু কোন কোন জড়িত হৈ আছে, অচিৰেই পোহৰলৈ আহিব সকলো তথ্য...

blackmailing nexus of journalist
SCERT scam

গুৱাহাটী, ৩১ মে’: আই এ এছ বিষয়া শেৱালি দেৱী শৰ্মাৰ ১০৫ কোটি টকাৰ কেলেংকাৰী আৰু আৰটিআই কৰ্মী, সাংবাদিককৰ্মীসহ ৪ জনৰ গ্ৰেপ্তাৰে সমগ্ৰ ৰাজ্য তোলপাৰ লগাইছে ৷ প্ৰতিদিনে সাঙোৰ খাইছে একো একোজন নতুন ব্যক্তিৰ নাম ৷ সমান্তৰালভাৱে পোহৰলৈ আহিছে এক ব্লেকমেইলাৰ চক্ৰ ৷ সাংবাদিক আৰু আৰ টি আই কৰ্মীৰ এক অশুভ চক্ৰই শেৱালি দেৱীক ব্লেকমেইল কৰি কোটিৰ ঘৰত টকা আদায় কৰাৰ কথা পোহৰলৈ আহিছে (Assam SCERT scam) ৷

এই ব্লেকমেইলাৰ চক্ৰটোৰ প্ৰথম চাৰিগৰাকী ইতিমধ্যেই জালত পৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ ৷ মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ আৰক্ষী অধীক্ষক ৰ’জী কলিতাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে এতিয়াও এক বৃহৎ চক্ৰ আৰক্ষীৰ নজৰত আছে ৷ গ্ৰেপ্তাৰ হ’ব পাৰে অধিক সাংবাদিক আৰু আৰ আই টি আই কৰ্মী নামধাৰী ব্লেকমেইলাৰ (Blackmailing nexus of journalist) ৷

কেৱল গ্ৰেপ্তাৰ হোৱা চাৰিজনেই নে ?
SCERT কেলেংকাৰীৰ ধনৰ ভাগ পোৱাৰ অভিযোগত মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই সাংবাদিক ভাস্কৰ হাজৰিকা আৰু পূজামণি দাস ওৰফে হানী কাশ্যপ ৷ লগতে গ্ৰেপ্তাৰ কৰিছে আৰ টি আই কৰ্মী বুলি নিজকে দাবী কৰা ৰবিজিৎ গগৈ আৰু অনুপ শইকীয়া নামৰ আন দুজন লোকক ৷ কেৱল সাংবাদিক পূজা দাস, ভাস্কৰ দাস, আৰ টি আই কৰ্মী অনুপ শইকীয়া আৰু ৰবিজিৎ গগৈয়েই নহয় ৷ এই ব্লেকমেইলাৰ চক্ৰটোত জড়িত আছে ভালে কেইজন সাংবাদিক আৰু আন পেছাদাৰী লোক ৷ মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই ইতিমধ্যে তলব কৰিছে কেইবাজনো আৰটিআই কৰা লোকৰ লগতে কেইবাগৰাকীও সাংবাদিকক (Journalist arrested linked with SCERT scam) ৷ এই কেলেংকাৰীৰ সৈতে সাংবাদিক, আৰ টি আই কৰ্মীসহ 12জন লোক জড়িত বুলি বুধবাৰে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

কোন এই ব্লেকমেইলাৰ সাংবাদিক পূজা দাস ?
ব্লেকমেইল কৰি শেৱালি দেৱী শৰ্মা পৰা বৃহৎ ধন আদায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা তেনেই কণিষ্ঠ সাংবাদিক পূজা দাস ওৰফে হানী কাশ্যপ এটা পৰ্টেলৰ (আচলতে ফেচবুক পেজ) সৈতে জড়িত আছিল দুদিন আগলৈকে । তাৰ পূৰ্বে এটা ছেটেলাইট নিউজ চেনেলৰ সৈতে চিটি ৰিপৰ্টাৰ হিচাবে ২০২০ চনৰপৰা প্ৰায় ডেৰ বছৰ জড়িত আছিল ৷ অভিযোগ মতে এই সময় চোৱাতে শেৱালি দেৱীৰ শৰ্মাক ব্লেকমেইল কৰা আৰম্ভ কৰিছিল পূজাই ৷ মিৰ্জাৰ সমীপত ঘৰ পূজাৰ (Journalist Pujamoni Das arrested) ৷

লগতে পঢ়ক: SCERT scam: দীঘল হোৱাৰ সম্ভাৱনা কেলেংকাৰীত জড়িত লোকৰ নামৰ তালিকা

পৰৱৰ্তী সময়ত কেইবাটাও পৰ্যায়ত পূজাই SCERT কেলেংকাৰীৰ মূল অভিযুক্ত শেৱালীৰ পৰা নগদ আৰু একাউণ্টযোগে বৃহৎ পৰিমাণৰ ধন লৈছিল বুলি বিশেষ সূত্ৰে প্ৰকাশ ৷ পূজা দাসে ৮ লাখ ৭০ হাজাৰ টকা আত্মীয়ৰ বেংক একাউণ্টযোগে লৈছিল ৷ এই প্ৰাৰম্ভিক প্ৰমাণৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰি পূজা দাসৰ জেৰা অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই (Bhaskar Hazarika arrest news) ৷

অভিযুক্ত পূজাৰ লগত শেৱালি দেৱীক ব্লেকমেইলত কোন কোন সহযোগী আছিল তাৰো তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ তথ্যমতে পূজাই প্ৰায় ১৪ লাখ টকাৰে এখন বিলাসী বাহন ক্ৰয় কৰি ব্যৱহাৰ কৰিছিল ৷ লগতে আত্মীয়ৰ নামতো সম্পত্তি ক্ৰয় কৰিছিল ৷ এই সকলোখিনিৰ আয়ৰ উৎস বিচাৰি আৰক্ষীয়ে তদন্ত আগবঢ়াই নিছে (Journalist Puja Das linked with SCERT scam) ৷

সাংবাদিক ভাস্কৰ হাজৰিকাই লৈছিলনে টকা ?

একেই অভিযোগত গ্ৰেপ্তাৰ হোৱা ভাস্কৰ হাজৰিকা নামৰ সাংবাদিকজন সম্প্ৰতি এটা ৰাষ্ট্ৰীয় টিভি নেটৱৰ্কৰ গুৱাহাটীস্থিত অসমীয়া সম্প্ৰচাৰণৰ সাংবাদিক ৷ তাৰ পূৰ্বে দুটা টিভি চেনেলতো সাংবাদিক হিচাবে কাম কৰিছিল হাজৰিকাই ৷ তথ্যমতে নিজৰ বেংক একাউণ্টযোগে ভাস্কৰ হাজৰিকাই ৪ লাখ টকা লৈছিল ৷ SCERTৰ একাউণ্টৰ পৰা ভাস্কৰৰ বেংক একাউণ্টত এই ধনখিনি শেৱালি দেৱী শৰ্মাই ভৰাই দিয়া প্ৰমাণৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

ভাস্কৰ আৰু তথাকথিত আৰ টি আই কৰ্মী অনুপ শইকীয়া দুয়ো একেলগে এই অভিযানত নামিছিল বুলি আৰক্ষীৰ সন্দেহ প্ৰকাশ ৷ ইয়াৰ উপৰিও শেৱালি দেৱী শৰ্মাৰ পৰা নগদ ধন নাইবা সম্পত্তি ৰূপত সংগ্ৰহ কৰিছিল নেকি, যদি সংগ্ৰহ কৰিছিল কিমান ধন লৈছিল তাৰো তদন্ত কৰিছে আৰক্ষীয়ে (Reporter Bhaskar Hazarika arrested) ৷

জাতীয়তাবাদীৰ পোচাক পিন্ধি ব্লেকমেইলৰ বজাৰ পাতিছিল নেকি অনুপ শইকীয়াই !

কিছু বছৰ পূৰ্বে অনুপ শইকীয়াৰ পৰিচয় আছিল এজন যুৱ নেতা তথা এজন যুৱ ব্যৱসায়ী ৷ জড়িত আছিল এক যুৱ সংগঠনৰ সৈতে । মাছৰ ব্যৱসায়ৰ সৈতেও জড়িত হৈছিল অনুপ ৷ আৰ টি আইৰ যোগে বিভিন্ন বিষয়ত জড়িত হৈ পৰিছিল তেওঁ ৷ যোৱা ২০২১ ৰ নিৰ্বাচনৰ সময়ত জাতীয়তাবাদীৰ পোচাক পিন্ধি এটা নৱগঠিত ৰাজনৈতিক দলৰ পৰা বিহপুৰীয়া সমষ্টিত নিৰ্বাচনো খেলিছিল অনুপ শইকীয়াই ৷ পিচত নিৰ্বাচনত পৰাজিত হৈ দলটোৰ পৰা ওলাই আহিছিল তেওঁ ৷ দলটোৰ বিৰুদ্ধে আয়োজন কৰিছিল একাধিক সংবাদমেল ৷ SCERT কেলেংকাৰীত অনুপ শইকীয়াই ৩৫ লাখ টকা লোৱাৰ তথ্য ৷ অনুপৰ সহযোগী ৰূপত আছিল ৰবিজিৎ গগৈ নামৰ এজন লোক । অনুপৰ সৈতে সু-সম্পৰ্ক আছিল সাংবাদিক ভাস্কৰ হাজৰিকাৰ ৷

ৰবিজিৎ গগৈৰ ভূমিকা কি ? কোন এই ৰবিজিৎ ?

১০৫ কোটি টকা কেলেংকাৰীৰ ব্লেকমেইলিঙেৰে টকাৰ ভাগ লোৱাৰ অভিযোগত অভিযুক্ত এই ৰবিজিৎ গগৈ কোন ? এগৰাকী প্ৰাক্তন যুৱ কংগ্ৰেছী এই ৰবিজিৎ গগৈ ৷ তদানীন্তন মন্ত্ৰী অকণ বৰাৰ পুত্ৰ মানস বৰাৰ ঘনিষ্ঠ আছিল ৰবিজিৎ গগৈ ৷ ঘৰ ধেমাজি জিলাৰ গোগামুখত ৷ বিজেপি ক্ষমতালৈ অহাৰ পিচত আন বহুতে ৰাজনৈতিক বৰণ সলোৱাৰ দৰে ৰবিজিতেও বৰণ সলাইছিল । তাৰ পিচতেই আৰটিআই কৰ্মীৰূপে আত্মপ্ৰকাশ কৰে ৰবিজিতে ৷ তথ্যমতে শেৱালী দেৱী শৰ্মাৰ পৰা ব্লেকমেইলিঙৰ যোগেদি অনুপ শইকীয়াই লোৱা ৩৫ লাখ টকা ৰবিজিত গগৈৰ লগত ভাগ বতৰা হৈছিল ।

এতিয়া কেঁচু খান্দোতে সাপ ওলাইছে ৷ বুধবাৰেও মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই তলৱ কৰি জেৰা চলাইছে একাধিক আৰ টি আই কৰ্মীক ৷ তদাৰকী শাখাৰ হাতত সাংবাদিকৰ দীঘলীয়া তালিকা ৷ নাম সাঙুৰ খাইছে আপৰ সৈতে জড়িত বিকাশ দত্ত নামৰ এজন আৰ টি আই কৰ্মীৰো ৷ সমগ্ৰ নেক্সাছ পোহৰলৈ অহাৰ বাবে হয়তো আৰু কিছু সময় অপেক্ষা কৰিব লাগিব ৷ চৰ্চিত হৈছে পূজা, ভাস্কৰহঁত পুঠি-খলিহনা ৷ তদন্ত থমকি নৰ’লে জালত পৰিব একাধিক ৰৌ-বৰালী ৷

লগতে পঢ়ক: SCERT Scam: SCERT কেলেংকাৰীত জড়িত থকাৰ অভিযোগত সংবাদিক তথা RTI কৰ্মীসহ ৪ জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.