ETV Bharat / state

আমাৰ দেশ ধৰ্মশালা নহয়ঃ শিৱ ৰাজ সিং চৌহান

দুদিনীয়া কাৰ্যসূচীলৈ উত্তৰ-পূব ভ্ৰমণৰ বাবে গুৱাহাটীত উপস্থিত মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী । লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ বাবে কাম কৰাটো মোডী চৰকাৰৰ লক্ষ্য বুলি কলে শিৱ ৰাজ সিঙ চৌহানে ৷

author img

By

Published : Aug 2, 2019, 7:51 PM IST

আমাৰ দেশ ধৰ্মশালা নহয়ঃ শিৱ ৰাজ সিং চৌহান

গুৱাহাটী, 2 আগষ্টঃ " উগ্ৰপন্থীক সম্পূৰ্ণ দমনৰ বাবে NIA ক শক্তিশালী কৰিব বি জে পি চৰকাৰে" ৷ এই মন্তব্য বি জে পিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি শিৱ ৰাজ সিং চৌহানৰ ৷ শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি এনেদৰে মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷

দুদিনীয়া কাৰ্যসূচীলৈ উত্তৰ-পূব ভ্ৰমণৰ বাবে গুৱাহাটীত উপস্থিত মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী । লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ বাবে কাম কৰাটো মোডী চৰকাৰৰ লক্ষ্য বুলি কলে শিৱ ৰাজ সিঙ চৌহানে ৷ লোকসভা নিৰ্বাচনৰ জয়ৰ বাবে অসমবাসীক ধন্যবাদ জনালে উপ-সভাপতি গৰাকীয়ে ৷ সংবাদমেলত চৌহানে কংগ্ৰেছক সমালোচনা কৰাৰ উপৰিও কংগ্ৰেছ চৰকাৰে ভোট বেংকৰ জৰিয়তে ৰাজনীতি কৰি অসমক ধংস কৰাৰ চেষ্টা কৰিছিল বুলিও মন্তব্য কৰে ৷ তাৰোপৰি ৰাহুল গান্ধীকে ধৰি মমতা বেনাৰ্জীকো তীব্ৰ সমালোচনা উপ-সভাপতি গৰাকীৰ ৷

আনহাতে, সাংবাদিকে NRC সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে NRC কেৱল অসমৰ বাবে নহয় ভাৰতবৰ্ষৰ বাবে, NRC হ'ব লাগে লাগে, আমাৰ দেশ ধৰ্মশালা নহয় বুলি মন্তব্য কৰে ৷

মন্তব্য কৰে ৷

Intro:ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ কাৰ্যালয়ত সংবাদমেল ।
সংবাদমেল মেল সম্বোধন কৰিছে বি জে পিৰ ৰাষ্ট্ৰীয় উপ সভাপতি শিৱ ৰাজ সিং চৌহানে।
দুদিনীয়া কাৰ্যসূচী লৈ উত্তৰ পূব ভ্ৰমণৰ বাবে আহিছে মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী।
লোকসভা নিৰ্বাচনৰ জয়ৰ বাবে অসম বাসীক ধন্যবাদ।
লোকসভা নিৰ্বাচনত জয়ী হৈছে ৰাষ্ট্ৰবাদ আৰু বিকাশ বাদ ।
উগ্ৰপন্থী ক সম্পূৰ্ণ দমনৰ বাবে NIA ক শক্তিশালী কৰিব বি জে পি চৰকাৰে।

Body:বি জে পি চৰকাৰৰ জয়ী পিছত অলপো বিশ্ৰাম কৰা নাই দলীয় কৰ্মী সকলে ।
উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ কৰাটো মোদী চৰকাৰৰ লক্ষ্য বুলি কলে শিৱ ৰাজ সিঙ চৌহানে।
এই সংবাদমেলত বি জে পিৰ ৰাষ্ট্ৰীয় উপ সভাপতি শিৱ ৰাজ সিং চৌহানে কংগ্ৰেছক সমালোচনা কৰা দেখা যায়।
কংগ্ৰেছ চৰকাৰে ভোট বেংকৰ জৰিয়তে ৰাজনীতি কৰি অসমক ধংস কৰাৰ চেষ্টা কৰিছিল।
নিৰ্বাচনৰ পিছত কিছু কংগ্ৰেছ নেতাৰ মুখ দেখা নগল।
ৰাহুল গান্ধীক তীব্ৰ সমালোচনা লগতে মমতা বেনাৰ্জী ক তীব্ৰ সমালোচনা প্ৰাক্তন মন্ত্ৰী গৰাকীৰ।

Conclusion:চাহ জনজাতীয় লোকৰ বাবে বিশেষ ব্যৱস্থা কৰিছে চৰকাৰে । খাদ্য সামগ্ৰীৰ পৰা শিক্ষা লৈ জনজাতীয় লোকক সুবিধা প্ৰদান কৰিছে বি জে পি চৰকাৰে ।
সাংবাদিকৰ NRC সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে NRC কেৱল অসমৰ বাবে নহয় ভাৰতবৰ্ষৰ বাবে , NRC হব লাগে লাগে , আমাৰ দেশ ধৰ্মশালা নহয় বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.