ETV Bharat / state

অগপই মিত্ৰতাৰ ধৰ্ম পালন কৰিব পৰা নাইঃ কুইন ওজা - guwahati

আগন্তুক বিধানসভা নিৰ্বাচনত অগপৰ দখলত থকা পশ্চিম গুৱাহাটী সমষ্টিটো বিজেপিৰ দখললৈ যোৱাটো কামনা কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই ৷ বিজেপিয়ে ২০২১ত ১০০খন আসন অতিক্ৰম কৰি দিছপুৰত চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

bjp-mp-queen-ojah-says-on-agp
অগপই মিত্ৰতাৰ ধৰ্ম পালন কৰিব পৰা নাইঃ কুইন ওজা
author img

By

Published : Nov 19, 2020, 4:49 PM IST

আজাৰা,19 নৱেম্বৰ: সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি আধাৰশিলা নিৰ্মাণত ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দলৰ নেতাসকল । ইয়াৰে সমান্তৰাল ভাৱে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই মাজিৰগাঁৱত বিভিন্ন ঠাইত দিনজোৰা কাৰ্যসূচীৰে স্থাপন কৰে কেবাটাও কামৰ আধাৰশিলা। এই আধাৰশিলা স্থাপন অনুষ্ঠানতে উপস্থিত থাকি আগন্তুক নিৰ্বাচনত বিজেপিৰ ঢৌত অন্য ৰাজনৈতিক দলসমুহ উটি ভাহি যাব তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কোৱা ধৰণে বিজেপিয়ে ২০২১ত ১০০খন আসন অতিক্ৰম কৰি দিছপুৰত চৰকাৰ গঠন কৰিব বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

অগপই মিত্ৰতাৰ ধৰ্ম পালন কৰিব পৰা নাইঃ কুইন ওজা

আনহাতে আগন্তুক নিৰ্বাচনত অগপৰ দখলত থকা পশ্চিম গুৱাহাটী সমষ্টিটো বিজেপিৰ দখললৈ যোৱাটো কামনা কৰে সাংসদগৰাকীয়ে। তদপৰি অগপ তথা অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পশ্চিম গুৱাহাটী সমষ্টিত অগপৰ ধৰ্ম পালন নকৰাৰ অভিযোগ কুইন ওজাই ।

লগতে পঢ়ক: কৰ’ণাৰ বিভীষিকাত স্তব্ধ ৰাজ্যৰ পৰ্যটন উদ্যোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.