ETV Bharat / state

থানবান হ’ব অসমৰ বিৰোধী ঐক্য মঞ্চ! মন্ত্ৰী পীযুষ হাজৰীকাৰ ভৱিষ্যদ্বাণী - Pijush Hazarika slams Akhil Gogoi

বিৰোধী ঐক্যক পুনৰ আক্ৰমণ মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ বিৰোধী ঐক্য থানবান হ’ব বুলি এক প্ৰকাৰ ভৱিষ্যদ্বাণী কৰিলে মন্ত্ৰীগৰাকীয়ে ৷

Minister Pijush Hazarika slams opposition unity

author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 9:52 PM IST

মন্ত্ৰী পীযুষ হাজৰীকাৰ ভৱিষ্যদ্বাণী

গুৱাহাটী, ২১ নৱেম্বৰ : “আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে বিৰোধী ঐক্য মঞ্চৰ সহযোগী দলক কেৱল এখন আসনহে এৰি দিব । সেইদিনাই থানবান হৈ যাব বিৰোধী ঐক্য মঞ্চ ।” লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অসমৰ বিৰোধী ঐক্যমঞ্চক উদ্দেশ্যি এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ । দলৰ স্থিতি শক্তিশালী কৰাৰ উদ্দেশ্যে উজনি অসম ভ্ৰমণ কৰা মন্ত্ৰীগৰাকীয়ে সোণাৰিত এই মন্তব্য কৰে মঙলবাৰে ৷

তেওঁ কয়, “ৰাইজে তেওঁলোকক কেতিয়াও নিবিচাৰে । গুৱাহাটীৰ হোটেলত বহি খানা খোৱাত ব্যস্ত বিৰোধী মিত্ৰজোঁট । ইয়াৰ পৰা ৰাইজৰ একো উন্নতি নহয় ।” সোমবাৰে শিৱসাগৰ জিলাত আৰু মঙলবাৰে চৰাইদেউ জিলাৰ সোণাৰি, সাপেখাটী আদি কেইবাঠাইতো বিভিন্ন কাৰ্যসূচীত ব্যস্ত থকা মন্ত্ৰী পীযুষ হাজৰীকাই সাংবাদিকৰে হোৱা কথা-বতৰাত এনদৰেই কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চক কটাক্ষ কৰে ৷

তেওঁ লগতে কয় যে অখিল গগৈ তথা ৰাইজৰ দলৰ ৰাইজৰ মাজলৈ যাত্ৰা কাৰ্যসূচীত জন সমৰ্থন মুঠেই সন্তোষজনক নহয় । অখিল গগৈৰ দৰে নেতাৰ প্ৰতি এনে কম জনসমৰ্থন আশা কৰা নাযায় । ইয়াৰ উপৰিও আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ১২ খন আসনত জয়ী হ’ব বুলি পুনৰ এবাৰ দাবী কৰে মন্ত্ৰীগৰাকীয়ে ।

কেৱল অখিল গগৈকে নহয় লুৰীণজ্যোতি গগৈ আৰু অসম জাতীয় পৰিষদকো সমালোচনা পীযুষ হাজৰীকাৰ ৷ অসম জাতীয় পৰিষদে য’তেই নিৰ্বাচন নেখেলক কিয় ৪ লাখ ভোটৰ ব্যৱধানত হাৰিব বুলি এক প্ৰকাৰ ভৱিষ্যদ্বাণী কৰে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, কংগ্ৰেছৰ নেতৃত্বত দেশত যিদৰে বিজেপি বিৰোধী শক্তিয়ে I.N.D.I.A. গঠন কৰিছে ঠিক তেনেদৰে অসমতো 15 টা বিজেপি বিৰোধী দল লগ হৈছে লোকসভা নিৰ্বাচনৰ পূৰ্বে ৷ ইয়াৰ ভিতৰত কংগ্ৰেছ, অজাপ, ৰাইজৰ দল, চিপিআই(এম) অন্যতম ৷ তাৰ লগতে আছে তৃণমূল কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ অসম গোট ৷ সকলোৱে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত একেলগেই নিৰ্বাচন খেলাৰ বাবে যো-জা চলোৱা পৰিলক্ষিত হৈছে ৷

বিৰোধী একলগ হ’লেও বিজেপিৰ কোনো ক্ষতি কৰিব নোৱাৰে বুলি বাৰম্বাৰ কৈ তাকিলেও কিন্তু গেৰুৱা বাহিনীটো যে ভিতৰি শংকতি হৈছে সেয়া নিশ্চিত ৷ বিশেষকৈ যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰীণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দিতা কৰিব বুলি চৰ্চা হোৱাৰ লগে লগেই গেৰুৱা দলৰ অংকত খেলি-মেলিৰ সৃষ্টি হৈছে ৷ তথাপিও বিভিন্ন মন্তব্যৰে বিৰোধীক কটাক্ষ কৰি আহিছে বিজেপি দলৰ নেতাসকলে ৷

লগতে পঢ়ক: ৰাইজৰ কাষলৈ যোৱা ৰাইজৰ দলত ৰাইজ দেখা নাই মন্ত্ৰী পীযুষ হাজৰীকাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.