ETV Bharat / state

বি পি এফৰ প্ৰাক্তন কাৰ্যবাহী সদস্যৰ বিজেপিত যােগদান

দৰঙাজুলী পৰিষদীয় সমষ্টিৰ প্ৰাক্তন বি পি এফৰ কাৰ্যবাহী সদস্য (ই.এম) তথা একেৰাহে তিনিবাৰকৈ এম চি এলৰ দায়িত্ব নির্বাহ কৰা বিজিত গৌড়া নাৰ্জাৰীয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যােগদান কৰে । দলৰ ৰাজ্যিক সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্রী ৰণজিৎ কুমাৰ দাসে নাৰ্জাৰীক দললৈ আদৰণি জনায় ।

author img

By

Published : May 28, 2021, 5:09 PM IST

bjp joining programme
বি পি এফৰ প্ৰাক্তন কাৰ্যবাহী সদস্যৰ বিজেপিত যােগদান

গুৱাহাটী, ২৮ মে': ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত শুকুৰবাৰে এক যােগদান কার্যসূচীৰ আয়োজন কৰা হয় । অনুষ্ঠানত দৰঙাজুলী পৰিষদীয় সমষ্টিৰ প্ৰাক্তন বি পি এফৰ কাৰ্যবাহী সদস্য (ই.এম) তথা একেৰাহে তিনিবাৰকৈ এম চি এলৰ দায়িত্ব নির্বাহ কৰা বিজিত গৌড়া নাৰ্জাৰীয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যােগদান কৰে । দলৰ ৰাজ্যিক সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্রী ৰণজিৎ কুমাৰ দাসে নাৰ্জাৰীক দললৈ আদৰণি জনায় ।
অনুষ্ঠানত সভাপতি দাসে কয় যে, ভাৰতীয় জনতা পার্টি কেৱল এটা ৰাজনৈতিক দল নহয় এটা মিছন আৰু এই মিছনৰ লক্ষ্যত উপনীত হােৱা বাবে দলে অবিৰতভাৱে কাম কৰি যাব । শেহতীয়া বিধানসভা নির্বাচন প্রসংগত সভাপতি গৰাকীয়ে কয় যে বি টি এ ডিৰ ১২ টা সমষ্টিত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে । মিত্ৰজোঁটে লাভ কৰা ৮ লাখ ৬২ হাজাৰ ১৮১ টা ভােটৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে ৬ লাখ ৫১ হাজাৰ ৭৩ টা ভােটহে লাভ কৰিবলৈ সক্ষম হয় ।

সভাপতিগৰাকীৰ মতে বি টি এ ডি অঞ্চলত অনাগত দিনত বিকাশৰ ধাৰা আৰু অধিক তৰান্বিত কৰাৰ বাবে ভাৰতীয় জনতা পার্টি দৃঢ় প্রতিশ্রুতিৱদ্ধ । দলে সাংগঠনিক ভেঁটি অধিক শক্তিশালী কৰাৰ বাবে বিভিন্ন কার্যসূচী হাতত লৈছে । তেওঁ লগতে কয় যে, ২০২১ চনৰ বিধানসভা নির্বাচনৰ প্রতিটো বিধানসভা সমষ্টিৰ বুথ ভিত্তিক পর্যালােচনা কৰাৰ বাবে অসমৰ ১৪ টা লােকসভা সমষ্টিত একোগৰাকীকৈ পর্যবেক্ষক নিয়ােগ কৰা হৈছে ।

দলৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক, উপ-সভাপতি, উপ-সভানেত্রী, সাধাৰণ সম্পাদক, সম্পাদক, কোষাধ্যক্ষসকলক এই দায়িত্ব অর্পণ কৰা হৈছে । অনাগত দিনত দলে সাংগঠনিক ভেঁটি আৰু অধিক সুদৃঢ় কৰাৰ বাবে বিভিন্ন কার্যসূচী ৰূপায়ন কৰিব বুলিও তেওঁ উল্লেখ কৰে । ৰাজ্যিক সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱ লােচন দাসে আঁত ধৰা উক্ত অনুষ্ঠানত ৰাজ্যিক উপ-সভাপতিদ্বয় ক্রমে স্বপ্ননীল বৰুৱা আৰু মিহিনেশ্বৰ বসুমতাৰী, প্রাক্তন বিধায়ক বলেন মুছাহাৰীকে ধৰি দলীয় কার্যকর্তাসকল উপস্থিত থাকে ।

লগতে পঢ়ক:লাহৰীঘাট বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.