ETV Bharat / state

BJP Changed State President : 2024ৰ পূৰ্বে সলনি হ’ল 3 ৰাজ্যৰ বিজেপি সভাপতি - State Prsidents of BJP

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কেইবাখনো ৰাজ্যৰ বিজেপিৰ সভাপতি সলনি ৷ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই সোমবাৰে ৩ খন ৰাজ্যত নিযুক্তি দিলে নতুন সভাপতি ৷

BJP Changes State Presidents
সলনি কৰা হৈছে কেইবাখনো ৰাজ্যৰ বিজেপিৰ সভাপতি
author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 5:47 PM IST

গুৱাহাটী, ২৫ ছেপ্টেম্বৰ : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কেইবাখনো ৰাজ্যৰ বিজেপিৰ সভাপতি সলনি কৰা হৈছে ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই সোমবাৰে ৩ খন ৰাজ্যত নিযুক্তি দিলে নতুন সভাপতি ৷ এই তিনিখন ৰাজ্যৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ দুই ৰাজ্য মেঘালয় আৰু নাগালেণ্ডতো ৰাজ্যিক সভাপতি সলনি কৰি হৈছে ৷

চুবুৰীয়া ৰাজ্য মেঘালয় বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব ৰিকমান মমিনক দিয়া হৈছে ৷ ইফালে নাগালেণ্ড বিজেপিৰ সভাপতিৰ দায়িত্ব বেঞ্জামিন য়েপথমিক দিয়া হৈছে ৷ পূৰ্বে নাগালেণ্ড বিজেপিৰ সভাপতি আছিল টেমজেন ইমনা আলং ৷ টেমজেন ইমনা আলং নাগালেণ্ডৰ এজন জনপ্ৰিয় ৰাজনীতিক ৷

BJP Changes State Presidents
সলনি হ’ল নাগালেণ্ড বিজেপিৰ ৰাজ্যিক সভাপতি

2020ৰ জানুৱাৰীৰ পৰা নাগালেণ্ড বিজেপিৰ ৰাজ্যিক সভাপতি ৰূপে টেমজেন ইমনা আলঙে দায়িত্ব পালন কৰি আহিছিল ৷ সদ্যহতে ৰাজ্যখনৰ পৰ্যটন আৰু উচ্চ শিক্ষা বিভাগৰ মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে টেমজেন ইমনাই ৷

BJP Changes State Presidents
সলনি হ’ল মেঘালয় বিজেপিৰ ৰাজ্যিক সভাপতি

ইফালে মেঘালয়ত ২০২০ চনৰ মে’ৰ পৰা বিজেপিৰ ৰাজ্যিক সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰি আহিছিল আৰ্ণেষ্ট মাউৰিয়ে ৷ নৱ নিযুক্ত সভাপতি ৰিকমান মমিনে ২০১৯ৰ লোকসভা নিৰ্বাচনত তুৰা লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দিতা কৰিছিল ৷ ইয়াৰোপৰি বিজেপিয়ে সলনি কৰিছে পুডুচেৰীৰো সভাপতি ৷ পুডুচেৰীত এছ চেলভাগানাবাথিক বিজেপিৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব দিয়া হৈছে ৷

BJP Changes State Presidents
সলনি হ’ল পুডুচেৰী বিজেপিৰ ৰাজ্যিক সভাপতি

উল্লেখযোগ্য যে, সমাগত 2024ৰ লোকসভা নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে বিজেপি দলে ৷ একেৰাহে তৃতীয়বাৰৰ বাবে দিল্লীৰ মচনদ দখলৰ বাবে কুচ-কাৱাজ আৰম্ভ কৰিছে কেন্দ্ৰৰ শাসনাধীষ্ঠ দল বিজেপিয়ে ৷ প্ৰতিখন ৰাজ্যত আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ভাৰতীয় জনতা পাৰ্টীয়ে দলীয় সভা, যোগদান কাৰ্যসূচীকে ধৰি বিভিন্ন সাংগঠনিক কাম-কাজ জোৰদাৰ ৰূপত আগবঢ়াই নিয়া পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Womens Reservation Bill 2023 : মোদী চৰকাৰৰ সোনকালে মহিলাৰ আসন সংৰক্ষণ নিশ্চিত কৰাৰ ইচ্ছা নাই; কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মহিমা সিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.