গুৱাহাটী, 4 অক্টোবৰ: পল্টনবজাৰ আৰক্ষীৰ জালত গভাইত বাইক চোৰ ৷ দেওবাৰে গোপন সূত্ৰৰ পম খেদি মঙ্গলদৈত এক অভিযান চলাই পল্টনবজাৰ আৰক্ষীয়ে চুৰি বাইক সহ হুচেইন আলি নামৰ চোৰটোক গ্ৰেপ্তাৰ কৰে ৷ বিগত এমাহ পূৰ্বে পিয়লি ফুকন পথৰ পৰা চোৰ হোৱা এখন নতুন পালচাৰ বাইকৰ সন্ধানত আৰক্ষীয়ে চলোৱা অভিযানত চোৰটোক কৰায়ত্ব কৰাত পল্টনবজাৰ আৰক্ষী সক্ষম হয় ৷
উল্লেখ্য যে মহানগৰীত দিনক দিনে বৃদ্ধি পোৱা চুৰি ডকাইতিৰ দৰে দুষ্কাৰ্যৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ সেই অনুসৰিয়েই পিয়লি ফুকন পথৰ পৰা পালচাৰ বাইক চুৰি কাণ্ড সন্দৰ্ভত আৰক্ষীয়ে পল্টনবজাৰ আৰক্ষী থানাত ৬১৯/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত কৰি আছিল ৷ অৱশেষত প্ৰায় এমাহ পাছত আৰক্ষীয়ে দেওবাৰে চোৰটোক কৰায়ত্ব কৰে ৷
লগতে পঢ়ক:পথৰ দাঁতিৰ জংঘলত নিমখৰ মাজত ৰাখি যোৱা নৱজাতক উদ্ধাৰ