ETV Bharat / state

"ন্যায়পালিকাৰ উৰ্ধত নেকি প্ৰতীক হাজেলা ?"-বিজন মহাজন

author img

By

Published : Jul 26, 2019, 8:54 PM IST

বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ বিজন মহাজনৰ সংবাদমেল । প্ৰতীক হাজেলাক সমালোচনা কৰাৰ লক্ষ্যৰে অনুষ্ঠিত সংবামেলত উপস্থিত থাকে বিজন মহাজনৰ লগতে মমিনুল আৱাল ।

"ন্যায়পালিকাৰ উৰ্ধত নেকি প্ৰতীক হাজেলা ?"-বিজন মহাজন

গুৱাহাটী,26জুলাইঃ "আজিৰ তাৰিখত এনআৰচিৰ প্ৰক্ৰিয়াক লৈ এটা প্ৰতিযোগিতাৰ আৰম্ভ হৈছে । আবক্ষ মূৰ্তি প্ৰতিষ্ঠা হোৱাৰ প্ৰতিযোগিতা । এখন এন আৰ চি ওলাব লাগে আৰু তেতিয়া দ্ৰষ্টা-স্ৰষ্টাসকলৰ আবক্ষ মূৰ্তি স্থাপিত হ'ব । কিন্তু এখন শুদ্ধ এন আৰ চি প্ৰকাশ হোৱাটো নিবিচাৰে এই দ্ৰষ্টা-স্ৰষ্টা সকলৰ বহুতেই ।"- শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি এই মন্তব্য বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ বিজন মহাজনৰ ৷ এই সংবাদমেলত বিজন মহাজনে প্ৰতীক হাজেলাক সমালোচনাৰ লক্ষ্য কৰি লয় ৷ বিশেষকৈ প্ৰতীক হাজেলাৰ নেতৃত্বত চলি থকা এনআৰচিৰ কাম কাজসমূহ ভাৰতৰ আন ৰাজ্যৰ এনআৰচিৰ কামৰ সৈতে অমিল হোৱাৰ কথা ব্যক্ত কৰে । লগতে যি সময়ত অসমৰ ঘৰে ঘৰে গৈ সমল সংগ্ৰহ কৰিব লাগিছিল তেনে সময়ত প্ৰতীক হাজেলাৰ নেতৃত্বত ঘৰে ঘৰে গৈ সমল সংগ্ৰহ কৰা হোৱা নাই বুলিও বিজন মহাজনে সংবাদমেলত অভিযোগ উত্থাপন কৰে ।

"ন্যায়পালিকাৰ উৰ্ধত নেকি প্ৰতীক হাজেলা ?"-বিজন মহাজন

ইপিনে উচ্চতম ন্যায়ালয়ে হুকুম নিদিয়াকৈ কেনেকৈ হাজেলাই 27 শতাংশ লোকৰ পুনৰীক্ষণ কৰিলে বুলি হাজেলাক সংবাদমেলৰ পৰায়ে প্ৰশ্নৰ উত্তৰ বিচাৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ বিজন মহাজনে ৷ আনহাতে অসমত এনআৰচিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত যিহেতু সময়সীমা নিৰ্ধাৰিত কৰা হৈছে গতিকে জালিয়াটি কৰাৰ সুযোগ থাকিব বুলিও সংবাদমেলত মত ব্যক্ত কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে ।

Intro:বি জে পিৰ ৰাজ্যিক মুখপাত্ৰ বিজন মহাজনৰ সংবাদমেল।
প্ৰতীক হাজেলাক সমালোচনা কৰাৰ লক্ষ্যৰে অনুষ্ঠিত সংবামেলত উপস্থিত থাকে বিজন মহাজনৰ লগতে মমিনুল আৱাল।
প্ৰতীক হাজেলাৰ নেতৃত্বত হৈ থকা NRC কাম কাজ সমূহ ভাৰতৰ আন ৰাজ্যৰ NRC ৰ কামৰ সৈতে অমিল হোৱাৰ কথা ব্যক্ত কৰিলে বিজন মহাজনে।
যি সময়ত অসমৰ ঘৰে ঘৰে গৈ সমল সংগ্ৰহ কৰিব লাগে তেনে ক্ষেত্ৰত প্ৰতীক হাজেলা নেতৃত্বত ঘৰে ঘৰে গৈ সমল সংগ্ৰহ কৰা হোৱা নাই।
অসমত NRC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত যিহেতু সময়সীমা নিৰ্ধাৰিত কৰা হৈছে গতিকে জালিয়াটি কৰাৰ সুযোগ থাকিব বুলি কলে বিজন মহাজনে।
2018 বৰ্ষৰ আগষ্ট 28 ত উচ্চতম ন্যায়ালয়ে হাজেলাক প্ৰশ্ন কৰিছিল 10 শতাংশ পুনঃনিৰীক্ষণ বাবে কিমান সময় সীমা লাগিব আৰু কি কি তথ্য দিব পাৰিব ? কিন্তু হাজেলা ই পত্ৰ দখল কৰিলে নে নাই ন্যায়ালয়ক সেয়া অৱগত হোৱা নাই।

Body:কোনো বিষয়াই নিজা ববীয়াকৈ NRC প্ৰক্ৰিয়া চলাব নোৱাৰে । কিন্তু উচ্চতম ন্যায়ালয়ে হুকুম নিদিয়াকৈ কেনেকৈ হাজেলাই 27 শতাংশ লোকৰ পুনৰীক্ষণ কৰিলে ? হাজেলাই 36 লাখ আবেদন আৰু 2 লাখ অভিযোগ দিবলৈ মুঠ 80 লাখ মানুহৰ পুনৰীক্ষণ হৈ গৈছে বুলি দাখিল কৰিলে ন্যায়ালয়ত। কি ভিত্তিত তেওঁ উচ্চতম ন্যায়ালয়ৰ উৰ্ধত হল সেই উত্তৰ বিচাৰিলে বিজন মহাজনে।
হাজেলা কাৰ্যক গৰিহণা যোগ্য আখ্যা বিজন মহাজনৰ।
ন্যায়পালিকাৰ উৰ্ধত নেকি প্ৰতীক হাজেলা?
অসমৰ ৰাইজৰ প্ৰশ্ন উত্থাপন কৰিলে বিজন মহাজনে প্ৰতীক হাজেলালৈ
automatic recertification কি?
এইটো কেতিয়া আৰম্ভ হৈছিল আৰু কেতিয়া শেষ কৰিছিল।

Conclusion:বিজন মহাজনৰ বোধেৰে আজিৰ তাৰিখত NRC প্ৰক্ৰিয়া লৈ এটা প্ৰতিযোগিতাৰ আৰম্ভ হৈছে।
আবক্ষ মূৰ্তি প্ৰতিষ্ঠা হোৱাৰ প্ৰতিযোগিতা ।
এখন এন আৰ চি ওলাব লাগে আৰু দ্ৰষ্টা স্ৰষ্টা সকলৰ আবক্ষ মূৰ্তি স্থাপিত হব।
এখন শুদ্ধ এন আৰ চি হোৱাটো নিবিচাৰে দ্ৰষ্টা স্ৰষ্টা সকলৰ বহুতেই।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.