ETV Bharat / state

সুধাকন্ঠৰ সমাধিক্ষেত্ৰত মৃত্যু বাৰ্ষিকী উপলক্ষে বিশেষ অনুষ্ঠান

author img

By

Published : Nov 5, 2021, 8:14 PM IST

জালুকবাৰীস্থিত ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত গীত-কবিতাৰ মাজেৰে বিশ্ববৰেণ্য শিল্পী গৰাকীক স্মৰণ ৷

bhupen-hazarikas-death-anniversary-celebration-in-samadhi-khetra
সুধা কন্ঠৰ সমাধিক্ষেত্ৰত বিশেষ অনুষ্ঠান

গুৱাহাটী , ৫ নৱেম্বৰ : ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ দশম মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি শুকুৰবাৰে জালুকবাৰীস্থিত সমাধিক্ষেত্ৰ চৌহদত ড৹ ভূপেন হাজৰিকা সমন্বয় সত্ৰ আৰু ড৹ ভূপেন হাজৰিকা শাখা সাহিত্য সভাৰ যৌথ উদ্যোগত গীত-কবিতাৰ মাজেৰে বিশ্ববন্দিত শিল্পী গৰাকীক সোঁৱৰণ কৰা হয় ।

bhupen-hazarikas-death-anniversary-celebration-in-samadhi-khetra
সুধাকন্ঠৰ সমাধিক্ষেত্ৰত বিশেষ অনুষ্ঠান

বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা শতাধিক সাংস্কৃতিক আৰু সাহিত্যপ্ৰেমী লোকৰ উপস্থিতিত গীত-কবিতাৰ অনুষ্ঠানটো উদ্ধোধন কৰে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আৰু ড৹ ভূপেন হাজৰিকা শাখা সাহিত্য সভাৰ সভাপতি অধ্যাপক হাচমত আলীয়ে ৷ এই অনুষ্ঠানৰ আঁত ধৰে ড৹ ভূপেন হাজৰিকা সমন্বয় সত্ৰৰ সাধাৰণ সম্পাদক চাদিক আহমেদে ।

অনুষ্ঠানত সমন্বয় সত্ৰৰ সভাপতি প্ৰভাষ শৰ্মা , উপদেষ্টা ৰজত চন্দ্ৰ বৈশ্য, প্ৰমোদ দাস আৰু আছাদুল্লাহ শেখ, মুখ্য সাংস্কৃতিক সম্পাদক ছিদ্দিক আলী ঠাকুৰীয়া, সাংস্কৃতিক সম্পাদক ৰাজীৱ শইকীয়া, সম্পাদক মনোজ কুমাৰ দাসকে ধৰি শাখা সাহিত্য সভা - সমন্বয় সত্ৰৰ কেইবাজনো কৰ্মকর্তা উপস্থিত থাকে ।

আনহাতে বিয়লি দুই বজাৰ পৰা পাঁচ বজালৈ অনুষ্ঠিত গীত-কবিতাৰ এই অনুষ্ঠানটোত কেইবাজনো ন-পুৰণি শিল্পীয়ে বিশ্ববন্দিত শিল্পী গৰাকীৰ কেইবাটাও কালজয়ী গীত পৰিৱেশন কৰে । আনহাতে, এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোকে উদ্যোক্তা সকলৰ তৰফৰ পৰা মানপত্ৰ প্ৰদান কৰা হয় ।

লগতে পঢ়ক : শেষ হ'ব চাৰধাম যাত্ৰা; উত্তৰাখণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.