গুৱাহাটী, 10 ফেব্ৰুৱাৰী : 'কুইপ'ৰ দুই বিষয়াৰ অপহৰণ সন্দৰ্ভত অৰুণাচল প্ৰদেশ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিছে ৷ এই বিষয়টো অসম আৰক্ষীয়ে কোনো ক্ষেত্ৰতে হস্তক্ষেপ কৰিব নোৱোৰে ৷ অসম আৰক্ষীয়ে যিমান পাৰে অৰুণাচল আৰক্ষীক সহায় কৰিছে ৷'
বুধবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা অসম আৰক্ষীৰ এক বিশেষ প্ৰশিক্ষণ শিবিৰত উপস্থিত হৈ অপহৃত কুইপ'ৰ দুই বিষয়াৰ প্ৰসংগত এই মন্তব্য কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷ 'সংবেদনশীল আৰক্ষী সতৰ্ক সমাজ' শীৰ্ষক প্ৰশিক্ষণ অনুষ্ঠানত অংশ গ্ৰহণ কৰি ডিজিপি মহন্তই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷
ইফালে অসম আৰু মিজোৰাম সীমান্তত সৃষ্টি হোৱা পৰিস্থিতিক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সঞ্চালক প্ৰধান গৰাকীয়ে ৷ সীমান্তত সংঘটিত হোৱা সমগ্ৰ ঘটনাত অসম আৰু মিজোৰাম দুয়ো পক্ষৰে ভুল আছে ৷ অসমৰ মানুহে আক্ৰমণ কৰিছে বাবে সিহঁতৰ মানুহেও প্ৰত্যাক্ৰমণ কৰিছে ৷ বিষয়টো গুৰুত্ব বুজি সীমান্তলৈ অসম আৰক্ষীয়ে বিশেষ বাহিনী প্ৰেৰণ কৰিছে ৷ ভাস্কৰজ্যোতি মহন্তই কয় ৷
ইয়াৰ সমান্তৰালভাৱে ভাস্কৰজ্যোতি মহন্তই চাইবাৰ ক্ৰাইমৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে বিশেষ ব্যৱস্থা কৰাৰ কথাও সদৰি কৰে ৷ চাইবাৰ ক্ৰাইম ৰোধ কৰাৰ লগতে অপৰাধীক ধৰিবলৈ অসম আৰক্ষীয়ে ইতিমধ্যে Cyber forensic Laboratory সাজু কৰিছে বুলি ভাস্কৰজ্যোতি মহন্তই জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: অখিল গগৈৰ মাতৃৰ বিয়োগ বুলি সামাজিক মাধ্যমত ভুৱা প্ৰচাৰ একাংশৰ