ETV Bharat / state

আজি সুধাকণ্ঠলৈ ভাৰত ৰত্ন - সুধাকণ্ঠ

দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান " ভাৰত ৰত্ন " লাভ কৰা ডঃ ভূপেন হাজৰিকা হ’ব দ্বিতীয়জন অসমীয়া । ইয়াৰ পূৰ্বে এই সন্মান মৰণোত্তৰভাবে প্ৰদান কৰা হৈছিল গোপীনাথ বৰদলৈক ।

আজি সুধাকণ্ঠলৈ ভাৰত ৰত্ন
author img

By

Published : Aug 8, 2019, 10:25 AM IST

গুৱাহাটী, 8 আগষ্টঃ অসমীয়া জাতিৰ বাবে এটা ঐতিহাসিক তথা স্মৰণীয় দিন হিচাপে পৰিগণিত হ’ব ৮ আগষ্ট অৰ্থাৎ আজিৰ দিনটো । মৰণোত্তৰ ভাবে ডঃ ভূপেন হাজৰিকালৈ আগবঢ়োৱা হ’ব দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান " ভাৰত ৰত্ন "। আজি সন্ধিয়া ৬ বজাত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সুধাকন্ঠলৈ এই সন্মান আগবঢ়াব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে । ডঃ ভূপেন হাজৰিকাৰ হৈ এই সন্মান গ্ৰহণ কৰিব তেওঁৰ পুত্ৰ তেজ হাজৰিকাই ।

উল্লেখ্য যে ডঃ ভূপেন হাজৰিকাক " ভাৰত ৰত্ন " প্ৰদানৰ বাবে তেওঁৰ জীৱিত কালৰে পৰাই অসমৰ বিভিন্ন দল, সংগঠনে দাবী জনায় আহিছিল । কিন্তু পূৰ্বৰ কোনো এখন চৰকাৰেই এই দাবীৰ প্ৰতি সন্মান বা গুৰুত্ব দিয়া নাছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে প্ৰথমটো কাৰ্যকালৰ শেষৰ ফালে ডঃ হাজৰিকাৰ নামটো " ভাৰত ৰত্ন "ৰ বাবে বিবেচনা কৰে ।

দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান " ভাৰত ৰত্ন " লাভ কৰা ডঃ ভূপেন হাজৰিকা হব দ্বিতীয়জন অসমীয়া । ইয়াৰ পূৰ্বে 1999 চনত এই সন্মান মৰণোত্তৰভাবে প্ৰদান কৰা হৈছিল গোপীনাথ বৰদলৈক ।

Intro:Body:

আজি সুধাকণ্ঠলৈ ভাৰত ৰত্ন

দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান " ভাৰত ৰত্ন " লাভ কৰা ডঃ ভূপেন হাজৰিকা হ’ব দ্বিতীয়জন অসমীয়া । ইয়াৰ পূৰ্বে এই সন্মান মৰণোত্তৰভাবে প্ৰদান কৰা হৈছিল গোপীনাথ বৰদলৈক ।

গুৱাহাটী, ৩১ জুলাই: অসমীয়া জাতিৰ বাবে এটা ঐতিহাসিক তথা স্মৰণীয় দিন হিচাপে পৰিগণিত হ’ব ৮ আগষ্ট অৰ্থাৎ আজিৰ দিনটো । মৰণোত্তৰ ভাবে ডঃ ভূপেন হাজৰিকালৈ আগবঢ়োৱা হ’ব দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান " ভাৰত ৰত্ন "। আজি সন্ধিয়া ৬ বজাত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সুধাকন্ঠলৈ এই সন্মান আগবঢ়াব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে । ডঃ ভূপেন হাজৰিকাৰ হৈ এই সন্মান গ্ৰহণ কৰিব তেওঁৰ পুত্ৰ তেজ হাজৰিকাই ।

উল্লেখ্য যে ডঃ ভূপেন হাজৰিকাক " ভাৰত ৰত্ন " প্ৰদানৰ বাবে তেওঁৰ জীৱিত কালৰে পৰাই অসমৰ বিভিন্ন দল, সংগঠনে দাবী জনায় আহিছিল । কিন্তু পূৰ্বৰ কোনো এখন চৰকাৰেই এই দাবীৰ প্ৰতি সন্মান বা গুৰুত্ব দিয়া নাছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে প্ৰথমটো কাৰ্যকালৰ শেষৰ ফালে ডঃ হাজৰিকাৰ নামটো " ভাৰত ৰত্ন "ৰ বাবে বিবেচনা কৰে ।

দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান " ভাৰত ৰত্ন " লাভ কৰা ডঃ ভূপেন হাজৰিকা হব দ্বিতীয়জন অসমীয়া । ইয়াৰ পূৰ্বে 1999 চনত এই সন্মান মৰণোত্তৰভাবে প্ৰদান কৰা হৈছিল গোপীনাথ বৰদলৈক ।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.