ETV Bharat / state

অচিনাকী লোকক সহায় কৰোঁতে সাৱধানঃঘটিব পাৰে অঘটন - কৰ্মসংস্থাপনহীন

অসহায় তথা কৰ্মসংস্থাপনহীন দুই যুৱকক নিজৰ ঘৰত বনকৰা ল'ৰা হিচাপে ৰাখিছিল এলবাৰ্ট আলী নামৰ ব্যক্তিগৰাকীয়ে ৷ কিন্তু কিছুদিনৰ পিছতে ওলাই পৰিল জোলোঙাৰ মেকুৰী ৷ বৃহস্পতিবাৰে নিশা ৰাহুল ওৰাং আৰু প্ৰকাশ নামৰ দুয়োগৰাকী যুৱকে চুৰি কৰি লৈ যায় এখন পালচাৰ বাইক ৷ ইপিনে চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল বাসগৃহৰ চৌহদত সংস্থাপিত CCTV কেমেৰাত ৷

Beware of helping strangers
অচিনাকী লোকক সহায় কৰোঁতে সাৱধানঃঘটিব পাৰে অঘটন
author img

By

Published : Aug 20, 2020, 9:17 PM IST

গুৱাহাটী,20আগষ্টঃ আপুনি বাৰু অচিনাকী লোকক সহায় কৰে নেকি ? এতিয়াৰে পৰা অচিনাকী লোকক সহায় কৰাৰ আগত এশবাৰ ভাৱক ৷ কাৰণ আপুনি নভৱাকৈয়ে সেই অচিনাকী লোকে হঠাৎ ঘটাব পাৰে অঘটন ৷

অচিনাকী লোকক সহায় কৰোঁতে সাৱধানঃঘটিব পাৰে অঘটন

তেনে এক ঘটনা সংঘটিত হৈছে মহানগৰীৰ গুৱাহাটীৰ গাড়ীগাঁৱত ৷ লক্ ডাউনৰ সময়চোৱাত অসহায় যুৱকক সহায় কৰি বিপদত পৰিল অঞ্চলটোৰ এলবাৰ্ট আলী নামৰ এজন ব্যক্তি ৷ জানিব পৰা মতে, লক্ ডাউনৰ ফলত ৰাহুল ওৰাং আৰু প্ৰকাশ নামৰ দুজন যুৱকক পূৰ্বৰ কামৰ পৰা উলিয়াই দিছিল ৷

Beware of helping strangers
চুৰি কৰি লৈ যায় এখন পালচাৰ বাইক

তাৰে পৰিপ্ৰেক্ষিতত অসহায় তথা কৰ্মসংস্থাপনহীন দুই যুৱকক নিজৰ ঘৰত বনকৰা ল'ৰা হিচাপে ৰাখিছিল এলবাৰ্ট আলী নামৰ ব্যক্তিগৰাকীয়ে ৷ কিন্তু কিছুদিনৰ পিছতে ওলাই পৰিল জোলোঙাৰ মেকুৰী ৷ বৃহস্পতিবাৰে নিশা ৰাহুল ওৰাং আৰু প্ৰকাশ নামৰ দুয়োগৰাকী যুৱকে চুৰি কৰি লৈ যায় পৰিয়ালটোৰ এখন পালচাৰ বাইক ৷ ইপিনে চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰ'ল বাসগৃহৰ চৌহদত সংস্থাপিত CCTV কেমেৰাত ৷

Beware of helping strangers
চুৰি কৰি লৈ যায় এখন পালচাৰ বাইক

ইপিনে ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে । উক্ত এজাহাৰৰ ভিত্তিত এতিয়া জালুকবাৰী আৰক্ষী চোৰৰ সন্ধানত নামি পৰিছে ।

Beware of helping strangers
জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল

লগতে পঢ়কঃ৭৬ সংখ্যক জন্ম বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক স্মৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.