গুৱাহাটী, ৭ আগষ্ট: পশ্চিম বংগত ঝাৰখণ্ডৰ তিনিজন বিধায়কৰ গাড়ীত লাখে লাখে টকা উদ্ধাৰ হোৱা ঘটনাই লৈছে নতুন মোৰ (Jharkhand cash seizure case)। উক্ত ঘটনাৰ তদন্তৰ আওতালৈ আহিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ প্ৰসিদ্ধ ব্যৱসায়ী অশোক ধানুকা । আজি পশ্চিমবংগৰ চি আই ডিয়ে ব্যৱসায়ীজনৰ গুৱাহাটীৰ আঠগাঁওস্থিত বাসভৱনলৈ গৈ তদন্ত কৰাৰ লগতে কাইলৈ জেৰাৰ বাবে চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ চমন জাৰি কৰিছে (CID summons businessman Ashok Dhanuka)।
উল্লেখ্য যে, চি আই ডিৰ দলটোৱে ধানুকাৰ বাসভৱনত অসম আৰক্ষীৰ পহৰাৰত এটা বৃহৎ দলৰ মুখামুখি হৈছিল । যিটো ঘটনা বিশেষভাৱে চৰ্চালৈ আহিছে আৰু সমগ্ৰ ঘটনাটোৰ আঁৰত অসমৰ মুখ্যমন্ত্ৰী জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে । এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই (Manjit Mahanta on Jharkhand MLAs cash seizure) ।
নিজৰ প্ৰতিক্ৰিয়াত মহন্তই কয় যে, ঝাৰখণ্ডৰ বিধায়কৰ বাহনত লাখে লাখে টকা উদ্ধাৰ হোৱা ঘটনাৰ জোৰদাৰ তদন্ত চলাই থকা পশ্চিমবংগৰ চি আই ডিৰ তদন্তৰ আওতালৈ আহিছে গুৱাহাটীৰ ব্যৱসায়ী অশোক ধানুকা (Businessman Ashok Dhanuka) । এইজন অশোক ধানুকা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ব্যৱসায়ীক সতীৰ্থ । চি আই ডিৰ দলটোৱে অশোক ধানুকাক জেৰাৰ বাবে চমন জাৰি কৰিছে ।
লগতে তেওঁ কয় যে, চি আই ডিৰ দলটো ধানুকাৰ ঘৰলৈ যোৱাৰ সময়ত তেওঁৰ ঘৰত অসম আৰক্ষীৰ এটা বৃহৎ বাহিনী নিৰাপত্তাত নিযোজিত হৈ আছিল । এজন ব্যৱসায়ীৰ ঘৰত অসম আৰক্ষী নিয়োজিত হৈ থকা ঘটনাটোৰ আঁৰত কি ৰহস্য আছে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে । তেওঁ Ejg কয় যে, ঝাৰখণ্ডৰ বিধায়ক কিনা-বেচাৰ সমস্ত ঘটনাৰ আঁৰত কোন জড়িত হৈ আছে সেই কথা পশ্চিমবংগৰ চি আই ডিৰ তদন্তত পোহৰলৈ আহিব ।
লগতে পঢ়ক: Matiya Police Station ASI Arrest: ঘোচ খোৱা পুলিচক থানাৰ পৰাই উঠাই নিলে দুৰ্নীতি নিবাৰক শাখাই