গুৱাহাটী, 25 জুনঃ গুৱাহাটী মহানগৰীত আংশিক লক্ ডাউন চলি থকাৰ সময়তে, কৰ'ণা সম্বন্ধীয় নীতি-নিয়ম মানি নচলাৰ অভিযোগত বৃহস্পতিবাৰে, অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হ'ল বেলতলা বজাৰ ৷ বজাৰখনত অহা লোককে ধৰি একাংশ ব্যৱসায়ীয়ে সামাজিক দূৰত্ব নমনাকে ধৰি মাস্ক পৰিধান নকৰাও পৰিলক্ষিত হোৱাৰ পৰিপ্ৰেক্ষিতত, জিলা দণ্ডাধীশে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এক নিৰ্দেনাৰ প্ৰদান কৰে ৷
এনে অসচেতনতাৰ ফলত যাতে সাধাৰণ লোকৰ মাজত সংক্ৰমণ নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি, অনিৰ্দিষ্ট কাললৈ বেলতলা বজাৰ বন্ধ ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰা হয় ৷ দণ্ডাধীশে প্ৰদান কৰা নিৰ্দেশ অনুযায়ী বৃহস্পতিবাৰে দিছপুৰ আৰু বশিষ্ঠ আৰক্ষী চকীৰ সহযোগত সাপ্তাহিক বজাৰখন বন্ধ কৰে জিলা প্ৰশাসনে ৷
লগতে পঢ়কঃ দেশজুৰি ৭৫ লাখ লোকৰ কোভিড-১৯ পৰীক্ষা সম্পন্নঃ ভাৰতীয় স্বাস্থ্য গৱেষণা সংস্থা