গুৱাহাটী, ১০ ছেপ্টেম্বৰ : শ্বেখ ব্ৰাদাৰ্ছ - গুৱাহাটীবাসীৰ লগতে সমগ্ৰ ৰাজ্যখনৰে এটা চিনাকি নাম । উন্নতমানৰ আৰু সুস্বাদু বেকাৰী সামগ্ৰীৰ বাবে বিখ্যাত এই প্ৰতিষ্ঠানখন । শতিকাগৰকা শ্বেখ ব্ৰাদাৰ্ছৰো আছে এক অকথিত ইতিহাস । প্ৰায় ১৪০ বছৰৰ আগৰ কথা । সেই সময়ত গুৱাহাটী-শ্বিলং পথটোৰ পুনৰ নিৰ্মাণ কৰা হৈছিল ।
পথটো নিৰ্মাণৰ কাম লাভ কৰিছিল সেই সময়ৰ বিখ্যাত ঠিকাদাৰ মৌলা বক্সে । ঠিকাদাৰজনৰে সহকাৰী হৈ গুৱাহাটীলৈ আহিছিল পশ্চিমবংগৰ হুগলী জিলাৰ শ্বেখ গুলাম ইব্ৰাহিম নামৰ যুৱকজন । কলকাতাৰ মিৰ্জাপুৰ ষ্ট্ৰীটত শ্বেখ গুলাম ইব্ৰাহিমৰ পৰিয়ালৰ এখন বেকাৰী আছিল ।
তেজত ব্যৱসায়ে শিপাই থকা বাবেই নেকি পথ নিৰ্মাণৰ কামত গুৱাহাটীলৈ অহা যুৱকজনে গুৱাহাটীত বেকাৰীৰ ব্যৱসায়ৰ সম্ভাৱনা দেখা পালে । ভাগ্যৰ দুৰ্বিপাকত শ্বেখ গুলাম ইব্ৰাহিমৰ পৰিয়ালৰ কলকাতাত থকা বেকাৰীখনে সেই সময়ত যথেষ্ট লোকচানৰ মুখ দেখিছিল । সেয়া ১৮৮০ চন মানৰ কথা ।
কলিকতাত তেতিয়া প্লেগ মহামাৰীৰ প্ৰাদুৰ্ভাৱ হৈছিল । এনে পৰিস্থিতিতে শ্বেখ গুলাম ইব্ৰাহিমৰ পৰিয়ালে কলকাতাৰ পৰা অসমলৈ অহাৰ সিদ্ধান্ত লৈছিল । ১৮৮১ চনত পৰিয়ালটোৱে গুৱাহাটীলৈ আহি প্ৰথমে চ'ডা পানীৰ ব্যৱসায়ত হাত দিছিল । ইয়াৰ পিচত তেওঁ লোকে গুৱাহাটীত সৰুকৈ এখন বেকাৰী খুলিলে ।
বেকাৰীৰ ব্যৱসায়ত শ্বেখ গুলাম ইব্ৰাহিমৰ দুই ভাতৃ শ্বেখ ছবিৰুদ্দিন আৰু শ্বেখ কবিৰুদ্দিনেও সহযোগিতা কৰিলে আৰু তেওঁলোকৰ প্ৰচেষ্টাত ১৮৮৫ চনত প্ৰতিষ্ঠা হৈছিল শ্বেখ ব্ৰাদাৰ্ছ বেকাৰী । তেতিয়াৰ পৰা এতিয়ালৈকে শ্বেখ ব্ৰাদাৰ্ছৰ ব্যৱসায়িক যাত্ৰা অব্যাহত আছে । শ্বেখ ব্ৰাদাৰ্ছক অসমত বেকাৰী ব্যৱসায়ৰ বাটকটীয়া বুলি ক’ব পাৰি ।
বেকাৰী প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰা বিভিন্ন প্ৰকাৰৰ উন্নত মানৰ বেকাৰী সামগ্ৰীৰ চাহিদা আৰু জনপ্ৰিয়তা আনতকৈ বহু বেছি । একালত অসমৰ ব্ৰিটিছ শাসকৰ পৰা আমোলা, বিষয়া, কৰ্মচাৰীলৈকে সকলো শ্বেখ ব্ৰাদাৰ্ছৰ সামগ্ৰীৰ নিয়মীয়া গ্ৰাহক আছিল ।
লগতে পঢ়ক : Advocate turns Blacksmith : জীৱনৰ ছন্দ বিচাৰি কোৰ্টৰ মজিয়াৰ পৰা কমাৰশাললৈ এজন ব্যক্তিৰ পৰিক্ৰমা
১৯২৩ চনৰ ২৪ নৱেম্বৰত অসমৰ তদানীন্তন ব্ৰিটিছ গৱৰ্ণৰ জন হেনৰী কেৰে নিজৰ ডায়েৰীত লিখা এটা টোকাৰ পৰা ইয়াৰ প্ৰমাণ পোৱা যায় । তেতিয়া অসমৰ ৰাজধানী আছিল শ্বিলং । ব্ৰিটিছ গৱৰ্ণৰ হেনৰী কেৰে ডায়েৰীত লিখিছিল- "পথ মেৰামতিৰ কাম চলি থকাৰ বাবে আজি গুৱাহাটীৰ বেকাৰীৰ পৰা ব্ৰেডৰ যোগান নহ’ল । শ্বিলঙত পোৱা ব্ৰেডবোৰ বৰ টান আৰু আঠালেটিয়া । গুৱাহাটীৰ পৰা অহা ব্ৰেডবোৰ কোমল আৰু খাবলৈ ভাল" ।
সেই সময়ত শ্বিলঙত থকা অসমৰ গৱৰ্ণৰজনক শ্বেখ ব্ৰাদাৰ্ছৰ পৰাই ব্ৰেড যোগান ধৰা হৈছিল । ব্ৰিটিছ চৰকাৰৰ দিনৰ এটা ফাইলত উল্লিখিত তথ্য অনুসৰি শ্বেখ ব্ৰাদাৰ্ছে যোগান ধৰা ব্ৰেডেৰে ব্ৰিটিছ গৱৰ্ণৰে বৰদিনৰ পাৰ্টিৰ আয়োজন কৰিছিল । অকল ব্ৰিটিছেই নে ! প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰো প্ৰিয় আছিল শ্বেখ ব্ৰাদাৰ্ছে প্ৰস্তুত কৰা 'ছিজ ষ্ট্ৰছ' ।
জৱাহৰলাল নেহৰু গুৱাহাটীলৈ আহোতে শ্বেখ ব্ৰাদাৰ্ছত প্ৰস্তুত কৰা ব্ৰেড তপতে তপতে লৈ যাবলৈকে বেকাৰীৰ চৌকাৰ সন্মুখত নিৰাপত্তাৰক্ষীৰ সৈতে অপেক্ষা কৰি আছিল নেহৰু কন্যা ইন্দিৰা গান্ধী । তেতিয়াৰ পৰা এতিয়ালেকে শ্বেখ ব্ৰাদাৰ্ছৰ সামগ্ৰীৰ মান আৰু সুনাম অক্ষুণ্ণ আছে ।
অতীতৰ গৰিমা ম্লান হ’বলৈ নিদিয়াকৈ এতিয়াও প্ৰতিষ্ঠানখন চলাই আছে শ্বেখ গুলাম ইব্ৰাহিমৰ তৃতীয়টো প্ৰজন্মই । শ্বেখ ব্ৰাদাৰ্ছৰ বৰ্তমানৰ গৰাকীজন হৈছে শ্বেখ গুলাম ইব্ৰাহিমৰ সুযোগ্য নাতি এছ এম নাৱাজ । বেকাৰী ব্যৱসায়ৰ সমান্তৰালভাৱে তেওঁ ওকালতিও কৰে । পুত্ৰৰ সহযোগিতাত এছ এম নাৱাজে শতিকা গৰকা শ্বেখ ব্ৰাদাৰ্ছক আগুৱাই লৈ গৈ আছে । তেওঁলোকৰ প্ৰচেষ্টাতেই অসমত বেকাৰী ব্যৱসায়ৰ বাটকটীয়া প্ৰতিষ্ঠানখনৰ জনপ্ৰিয়তা অটুট আছে ।
উল্লেখযোগ্য যে, বেকাৰী প্ৰতিষ্ঠান হিচাবে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো শ্বেখ ব্ৰাদাৰ্ছৰ সুনাম আছে । ব্ৰিটিছ শাসন কালৰে পৰা এতিয়ালৈকে ব্যৱসায় অব্যাহত ৰখা দেশৰ দ্বিতীয়খন বেকাৰী হৈছে শ্বেখ ব্ৰাদাৰ্ছ । বেকাৰীখনৰ বৰ্তমানৰ স্বত্বাধিকাৰী এছ এম নাৱাজে ইটিভি ভাৰতৰ অগত কয়, ‘‘ব্ৰিটিছৰ সময়ত কলকাতাত ব্যৱসায় আছিল আমাৰ পৰিয়ালৰ । ১৮৮২ মানত গুৱাহাটীৰ পাণবজাৰত আহি ব্যৱসায় আৰম্ভ কৰিছিল ককাদেউতাই’’ ।
তেওঁ কয়, ‘‘প্ৰথমে ভাৰতবৰ্ষৰ প্ৰথমটো চ’দা পানীৰ ফেক্টৰী আৰম্ভ কৰিছিল ৷ তাৰ পিচতে ১৮৮৫ চনৰ পৰা বেকাৰীৰ ব্যৱসায় আৰম্ভ কৰিছিল । সেই সময়ত অসমৰ ৰাজধানী শ্বিলঙৰ ব্ৰেড ভাল নোহোৱাৰ বাবে শ্বেখ ব্ৰাদাৰ্ছৰ ব্ৰেড, বাটাৰ বিচাৰি ব্ৰিটিছ গৱৰ্ণৰ হেনৰী কেৰে চিঠি লিখিছিল এতিয়াও সেই চিঠিখন ব্ৰিটিছ মিউজিয়ামত আছে’’ ।
তেওঁ আৰু কয়, ‘‘ব্ৰিটিছ গৱৰ্ণৰ সেই সময়ত হেনৰী কেৰে বিছৰা সামগ্ৰী ব্ৰেড, বাটাৰ আদি নিশাই ঘোঁৰাৰ গাড়ীৰে শ্বিলঙলৈ পঠোৱা হৈছিল । সেই সময়ত বেকাৰীৰ বাবে প্ৰয়োজনীয় কেঁচা সমাগ্ৰী অষ্ট্ৰেলিয়া, বেলজিয়ামৰ পৰা অনা হৈছিল । তেতিয়া দোকানখন ডিপাৰমেন্টেল ষ্টোৰৰ দৰে আছিল। ব্ৰেড বাটাৰ, বিস্কুটৰ লগতে পেন, পেঞ্চিল, চশমা, ড্ৰেচ মেটেৰিয়েল আদিও পোৱা গৈছিল । ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ প্ৰিয় আছিল শ্বেখ ব্ৰাদাৰ্ছৰ 'ছিজ ষ্ট্ৰছ' । ইয়ালৈ আহিলে টেবুলত শ্বেখ ব্ৰাদাৰ্ছৰ 'ছিজ ষ্ট্ৰছ' তেওঁক লাগিছিলেই’’ ।
তেওঁ লগতে কয়, ‘‘বেকাৰীখন আমি কেতিয়াও ব্যৱসায় হিচাপে ভাবি ব্যৱসায় কৰা নাই । গ্ৰাহকক পৰিয়াল বুলি ভাবোঁ । ভাল, ফ্ৰেচ বস্তু দিবলৈ সদায় চেষ্টা কৰোঁ । আমি বেকাৰীৰ সামগ্ৰীৰ মানদণ্ডক লৈ কেতিয়াও আপোচ নকৰোঁ’’ ।
লগতে পঢ়ক : Bhupen Hazarika's birth anniversary: ভূপেন হাজৰিকাক ‘‘মদাৰৰ ফুল’’ জ্ঞান কৰিছে নেকি চৰকাৰে !