ETV Bharat / state

জলসিঞ্চন ব্যৱস্থাৰ পৰা আজিও বঞ্চিত ৰাজ্যৰ চাহ বাগিচাসমূহ - PMKSY assam

ৰাজ্য চৰকাৰৰ নিজাববীয়া আঁচনি নথকাত কেন্দ্ৰীয় চৰকাৰৰ ‘পি এম কে এছ ৱাই’ আঁচনিখনৰ অধীনত অসমৰ চাহ বাগিচাসমূহ সামৰি প্ৰেৰণ কৰা হৈছিল প্ৰকল্প প্ৰস্তাৱ । ২০০ বছৰীয়া ইতিহাস সমৃদ্ধ অসমৰ চাহ বাগিচাত পানী যোগান ধৰাৰ বাবে দাখিল কৰা প্ৰস্তাৱৰ বিপৰীতে কেন্দ্ৰই এই পর্যন্ত মুকলি কৰি দিয়া নাই পুঁজি । কেৱল চাহ বাগিচাৰ জলসিঞ্চন প্ৰকল্পৰ ক্ষেত্ৰতেই নহয় আন কৃষিভূমিত জলসিঞ্চন প্ৰকল্প স্থাপনৰ বাবে দাখিল কৰা প্ৰস্তাৱতো কেন্দ্ৰই জনোৱা নাই পুঁজিৰ অনুমোদন ।

irrigation in Assams tea garden
চাহ বাগিচা জলসিঞ্চন ব্যৱস্থা
author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 3:35 PM IST

গুৱাহাটী, ১৩ ডিচেম্বৰঃ ইতিহাস প্ৰসিদ্ধ অসমৰ চাহ উদ্যোগটো আজিও বিভিন্ন দিশৰ পৰা অৱহেলিত হৈ আহিছে । দুশ বছৰীয়া গৌৰৱ উজ্বল অসমৰ চাহ বাগিচাসমূহ আজিও চৰকাৰী জলসিঞ্চন ব্যৱস্থাৰ পৰা বহু দূৰত আছে ।

অসমৰ চাহে দুশ বছৰত ভৰি দিয়াৰ সময়ত এইবাৰ ৰাজ্যখনৰ চাহ বাগিচাসমূহ চৰকাৰী জলসিঞ্চন ব্যৱস্থাৰ অধীনত সামৰি লোৱাৰ কথা আছিল । ৰাজ্য চৰকাৰৰ নিজাববীয়া আঁচনি নথকাত কেন্দ্ৰীয় চৰকাৰৰ ‘পি এম কে এছ ৱাই’ আঁচনিখনৰ অধীনতে অসমৰ চাহ বাগিচাসমূহ সামৰি ল’বলৈ সিদ্ধান্ত লোৱা হৈছিল । ইতিমধ্যে এইক্ষেত্ৰত সেউজ সংকেত দিছিল কেন্দ্ৰীয় চৰকাৰে । কেন্দ্ৰীয় চৰকাৰৰ সেউজ সংকেত লাভ কৰি অসম চৰকাৰৰ জলসিঞ্চন বিভাগে ৰাজ্যৰ চাহ বাগিচাসমূহত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ বাবে প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিছিল ।

কেবাখনো জিলাৰ চাহ বাগিচাত জলসিঞ্চনৰ জৰিয়তে পানী যোগান ধৰাৰ বাবে প্ৰকল্প প্ৰস্তাৱ প্ৰস্তুত কৰি কেন্দ্ৰৰ ওচৰত দাখিল কৰা হৈছিল । পুঁজি আৱণ্টনৰ বাবে দাখিল কৰা উক্ত প্ৰস্তাৱৰ ইতিমধ্যে বছৰ উকলিল । কিন্তু ২০০ বছৰীয়া ইতিহাসসমৃদ্ধ অসম চাহ বাগিচাত পানী যোগান ধৰাৰ বাবে দাখিল কৰা প্ৰস্তাৱৰ বিপৰীতে কেন্দ্ৰই এই পর্যন্ত পুঁজি মুকলি কৰি দিয়া নাই ।

কেৱল চাহ বাগিচাৰ জলসিঞ্চন প্ৰকল্পৰ ক্ষেত্ৰতেই নহয়, আন কৃষিভূমিতো জলসিঞ্চন প্ৰকল্প স্থাপনৰ বাবে দাখিল কৰা প্ৰস্তাৱতো কেন্দ্ৰই পুঁজিৰ অনুমোদন জনোৱা নাই । লক্ষ্যণীয় বিষয় যে দেশৰ সকলো কৃষি ভূমিত পানী যোগান ধৰাৰ লক্ষ্য লৈ ২০১৫ চনত কেন্দ্ৰীয় চৰকাৰে ‘পি এম কে এছ ৱাই’ আঁচনিখন গ্ৰহণ কৰিছিল ।

উক্ত আঁচনিখনৰ অধীনত সকলো ৰাজ্যক পৰ্যায়ক্ৰমে পুঁজিৰ আৱণ্টন দি আহিছে । অসমকো এতিয়ালৈ দুটা পৰ্যায়ত ৫০০ কোটিকৈ মুঠ এহেজাৰ কোটি টকাৰ আঁচনিত অনুমোদন জনাইছিল । দুটা পৰ্যায়ত অনুমোদন জনোৱা আঁচনিসমূহৰ ৰূপায়ণ ইতিমধ্যে সম্পন্ন হৈছে । দুটা পৰ্যায়ত অনুমোদন জনোৱা আঁচনিসমূহৰ ৰূপায়ণ সম্পন্ন হোৱাৰ পাছত জলসিঞ্চন বিভাগে তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ আঁচনিত অনুমোদনৰ বাবে বিগত এটা বছৰ পূৰ্বেই কেন্দ্ৰৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছিল ।

ইয়াৰে তৃতীয় পৰ্যায়ত কেৱল চাহ বাগিচাৰ বাবে আঁচনি যুগুত কৰি দাখিল কৰা হৈছিল । কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল । অসমৰ চাহে দুশ বছৰ অতিক্ৰম কৰাৰ সময়তো চাহ বাগিচাসমূহত জলসিঞ্চনৰ ব্যৱস্থা কৰাত চৰকাৰ ব্যৰ্থ হয় ।

অসমত ধান খেতিৰ সমান্তৰালকৈ চাহ খেতিয়ে কেবাখনো জিলাৰ অৰ্থনীতিত বৰঙণি যোগাই আহিছে । বিশেষকৈ উজনি অসমৰ বহু ক্ষুদ্ৰ খেতিয়কে চাহ খেতিক নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰি আহিছে । এনেক্ষেত্ৰত চাহ বাগিচাসমূহত জলসিঞ্চনৰ ব্যৱস্থা কৰাটো অতি জৰুৰী ।

দেশৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে পি এম কে এছ ৱাই আঁচনিখনৰ অধীনত সকলোধৰণৰ কৃষিভূমি সামৰি লোৱাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে । বিহাৰ, উত্তৰ প্ৰদেশ, তেলেংগানা, পঞ্জাব, হাৰিয়ানা আদিত ধানৰ লগতে কুঁহিয়াৰ, মৰাপাট আদিৰ খেতিপথাৰতো পি এম কে এছৱাই আঁচনিখনৰ অধীনত ক্ষুদ্ৰ ক্ষুদ্ৰ জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে ।

কিন্তু অসমৰ ক্ষেত্ৰত চাহ খেতিয়ে কেবাখনো জিলা সামৰি থকাৰ সময়ত আজিপর্যন্ত চৰকাৰী জলসিঞ্চনৰ ব্যৱস্থা সুচল হৈ নুঠিল । যাৰ পৰিপ্ৰেক্ষিতত ক্ষুদ্ৰ চাহ খেতিয়কসকল সমস্যাৰ সন্মুখীন হৈ আহিছে ।

লগতে পঢ়ক: অসম চুক্তি; নাগৰিকত্ব আইনৰ ধাৰা ৬এৰ ওপৰত ৰায় সংৰক্ষিত উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.