ETV Bharat / state

Assamese artists in London art exhibition: লণ্ডনস্থিত নেহৰু চেণ্টাৰত অসমৰ শিল্পীৰ চিত্ৰ প্ৰদৰ্শনী

author img

By

Published : Apr 6, 2023, 10:00 PM IST

বিদেশত সমাদৃত হৈছে অসমৰ কেইজনমান চিত্ৰশিল্পীৰ চিত্ৰকলা ৷ লণ্ডনৰ আন্তৰ্জাতিক চিত্ৰকলা মহোৎসৱত ভাগ লৈ প্ৰশংসা লাভ কৰিছে এইকেইজন চিত্ৰশিল্পীয়ে (London art exhibitio) ৷

assamese artists showcase their arts in london art exhibition
অসমৰ শিল্পীৰ চিত্ৰ প্ৰদৰ্শনী

গুৱাহাটী, ৬ এপ্ৰিল : সুদূৰ লণ্ডনত অসমৰ বিশিষ্ট চিত্ৰ শিল্পী তথা কাৰ্টুনিষ্ট প্ৰদীপ নাথসহ কেইগৰাকীমান বিশিষ্ট শিল্পীৰ চিত্ৰ প্ৰদৰ্শনীয়ে লাভ কৰিছে কলামোডীসকলৰ সমাদৰ ৷ যোৱা ৩ এপ্ৰিলৰ পৰা ৬ এপ্ৰিললৈকে ভাৰতৰ 'স্বাধীনতাৰ অমৃত মহোৎসৱ'ৰ সৈতে সংগতি ৰাখি লণ্ডনস্থিত ভাৰতৰ হাই-কমিছন আৰু এচ.এম.ডি ফাউণ্ডেশ্যনৰ দ্বাৰা আয়োজিত আন্তৰ্জাতিক চিত্ৰকলা মহোৎসৱত অংশগ্ৰহণ কৰিছে অসমৰ চিত্ৰশিল্পী কেইগৰাকীয়ে (London art exhibition) ৷

যোৱা তিনি এপ্ৰিলত এই প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে লণ্ডনস্থিত ভাৰতীয় হাইকমিচনৰ ডেপুটি ডাইৰেক্টৰ সঞ্জয় কুমাৰ শৰ্মাই ৷ তাত অংশগ্ৰহণ কৰা অসমৰ চিত্ৰ শিল্পীসকল হ’ল প্ৰদীপ নাথ, মিণ্টু ডেকা, মুকুল দুৱৰা আৰু সুজিত দাস ৷ আটাইকেইজনে অসমৰ শিল্পকলা জগতৰ পৰিচিত নাম ৷ ইতিপূৰ্বে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আটাইকেইগৰাকী শিল্পীয়ে লাভ কৰিছে বিশেষ সমাদৰ (Assamese artists in London art exhibition) ৷

প্ৰায় দুটা দশকৰো অধিক কাল ধৰি শিল্পকলাৰ সাধনাত জড়িত অসমৰ আগশাৰীৰ কাৰ্টুনিষ্ট প্ৰদীপ নাথে এতিয়ালৈ সহস্ৰাধিক কাৰ্টুন সৃষ্টি কৰিছে আৰু বাতৰি কাকতত প্ৰকাশিত কাৰ্টুনসমূহে পাঠক সমাজৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷ সমান্তৰালভাৱে নাথে কৰি আহিছে চিত্ৰ কলাৰ সাধনা ৷ প্ৰদীপ নাথৰ চিত্ৰকলাই চিত্ৰপ্ৰেমীৰ মাজত বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷

আনহাতে নগাঁৱৰ বাসিন্দা সুজিত দাসেও চিত্ৰ কলাত নতুন নতুন সম্পৰীক্ষা প্ৰয়োগ কৰি এক বিশেষ সুনাম লাভ কৰিবলৈ সক্ষম হৈছে ৷ পুথি চিত্রশিল্পী হিচাবে বিশেষকৈ সুজিত দাসে খ্যাতি লাভ কৰিছে ৷ দেশ-বিদেশত এই সূত্ৰে সমাদৰো লাভ কৰিছে সুজিত দাসে ৷ চক পেঞ্চিলত ক্ষুদ্ৰতম 3D মূৰ্তি গঢ়ি প্ৰায় এক দশকৰ আগতেই সুজিত দাসে অভিলেখো গঢ়িছিল ৷ ইতিমধ্যে বিশ্বৰ প্ৰায় ত্ৰিশখন দেশত প্ৰদৰ্শিত হৈছে শিল্পী সুজিত দাসৰ চিত্ৰকলা ৷ আনহাতে মিণ্টু ডেকা, মুকুল দুৱৰা দুয়োগৰাকীয়েই আন্তৰ্জাৰ্তিক খ্যাতিসম্পন্ন চিত্ৰশিল্পী (Assamese artists ) ৷

লণ্ডনৰ নেহৰু চেণ্টাৰত অনুষ্ঠিত এই প্ৰদৰ্শনীত অসমৰ উপৰিও ভাৰতৰ দিল্লী আৰু কলিকতাৰো ভালে গৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰে ৷ কলকতাৰ পৰা শংকৰি মিত্ৰ, বিশ্বনাথ দাস, বিনয় ডালভি, ইন্দ্ৰনীল দাস, জয়দীপ ঘোষ আৰু দীপা ঘোষে অংশগ্ৰহণ কৰে ৷ লগতে অংশগ্ৰহণ কৰে দিল্লীৰ ডা° নিলীমে ৷ ইয়াৰ উপৰিও প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে লেবাননৰ গেব্লিলা কানন নামৰ এগৰাকী শিল্পীৰ লগতে ইউ এছ এৰ চাহিয়া টেল’ কথিয়া, টাইৱানৰ চিয়া লিং চাং আৰু জাৰবেন বাঙে ৷

লগতে পঢ়ক : Assam Police: পূৰ্ণাংগ আৰক্ষীত পৰিণত হ’ল নৱ নিযুক্ত 1715 গৰাকী জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.