ETV Bharat / state

নগৰ পৰিকল্পনাৰ ক্ষেত্ৰত প্ৰযোজ্য আধুনিক নিয়ম গ্ৰহণৰ দিশে অসম - transit oriented development

ট্ৰেঞ্জিট অৰিয়েণ্টেড ডেভেলপমেণ্ট (টি অ' ডি) আৰু ট্ৰান্সফাৰেবল ডেভেলপমেণ্ট ৰাইটছৰ (টি ডি আৰ) খচৰা অধিসূচনা সন্দৰ্ভত শুনানি গ্ৰহণ । অংশগ্ৰহণ আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকছাৰ ডেভল'পাৰ্ছ এছ'চিয়েছন চমুকৈ 'এৰিডা'ৰ । এই চৰকাৰী পদক্ষেপক আদৰণি এৰিডাৰ সভাপতি পি কে শৰ্মাৰ ।

Assam towards adoption of modern rules applicable to urban planning
নগৰ পৰিকল্পনাৰ ক্ষেত্ৰত প্ৰযোজ্য আধুনিক নিয়ম গ্ৰহণৰ দিশে অসম
author img

By

Published : Sep 2, 2022, 1:29 PM IST

গুৱাহাটী, ২ চেপ্টেম্বৰ: ৰাজ্য চৰকাৰে শেহতীয়াকৈ গুৱাহাটী মহানগৰীকে ধৰি চহৰাঞ্চলৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিশেষ পদক্ষেপক আদৰণি জনাইছে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকছাৰ ডেভল'পাৰ্ছ এছ'চিয়েছন চমুকৈ 'এৰিডা'ই (Assam Real Estate Infrastructure Developers Association) ।

উল্লেখ যে বুধবাৰে জি এম ডি এৰ প্ৰেক্ষাগৃহত ট্ৰেঞ্জিট অৰিয়েণ্টেড ডেভেলপমেণ্ট (টি অ' ডি) (Transit oriented development) আৰু ট্ৰান্সফাৰেবল ডেভেলপমেণ্ট ৰাইটছ (টি ডি আৰ) অৰ্থাৎ অসম চৰকাৰৰ স্থানান্তৰযোগ্য উন্নয়ন অধিকাৰৰ খচৰা অধিসূচনা সন্দৰ্ভত এক শুনানি অনুষ্ঠিত হয় (Assam towards adoption of modern rules)।

Assam towards adoption of modern rules applicable to urban planning
নগৰ পৰিকল্পনাৰ ক্ষেত্ৰত প্ৰযোজ্য আধুনিক নিয়ম গ্ৰহণৰ দিশে অসম

উক্ত শুনানিত আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকছাৰ ডেভল'পাৰ্ছ এছ'চিয়েছন চমুকৈ 'এৰিডা'ৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে । শুনানিত এৰিডাৰ তৰফৰ পৰা গঠনমূলক পৰামৰ্শৰ লগতে কেতবোৰ মতামত আগবঢ়োৱা হয় । এই সন্দৰ্ভত এৰিডাৰ সভাপতি পি কে শৰ্মাই কয় যে, এৰিডাই চৰকাৰী এই উদ্যোগক আদৰণী জনাইছে । তেওঁ লগতে কয় যে নব্বৈৰ দশকৰ পৰা এই নিয়ম বিশ্বজুৰি নগৰ পৰিকল্পনাৰ ক্ষেত্ৰত প্ৰযোজ্য হৈ আছে । অসমে অৱশেষত আধুনিক এই নিয়মৰ সুবিধা লাভ কৰিব ।

ৰাষ্ট্ৰীয় টি অ' ডি নীতিৰ অধিসূচনা ২০১৭ চনতে জাৰি কৰা হৈছিল আৰু দেশৰ কেইবাখনো চহৰে ইতিমধ্যে ইয়াক গ্ৰহণ কৰিছে । চৰকাৰৰ ওপৰত কোনো বিত্তীয় বোজা অবিহনে পথ প্ৰশস্তকৰণ আৰু অন্যান্য ৰাজহুৱা সুবিধাৰ বাবে ভূমি অধিগ্ৰহণৰ উপায় হিচাপে টি ডি আৰে সমগ্ৰ উদ্দেশ্যটো কাৰ্যত ৰূপায়িত কৰিবলৈ সম্ভৱ কৰি তুলিব ।

আনহাতে ট্ৰাঞ্জিট অৰিয়েণ্টেড ডেভেলপমেণ্টৰ লক্ষ্য হৈছে জন পৰিবহন নোডছ আৰু মুখ্য পথৰ ওচৰত উচ্চ ঘনত্বৰ আৱাসিক, বাণিজ্যিক আৰু মিশ্ৰিত ব্যৱহাৰ বিকাশক উৎসাহিত কৰি খোজ কঢ়া দূৰত্বৰ ভিতৰত ৰাজহুৱা পৰিবহনৰ বাবে সহজ উপলব্ধতা বৃদ্ধি কৰা । ইয়াৰ বাবে ৰাষ্ট্ৰীয় নীতি অনুসৰি ফ্ল'ৰ এৰিয়া ৰেচিঅ' ৪০০ লৈকে প্ৰস্তাৱিত কৰা হৈছে । ইয়াৰ দ্বাৰা জনসংখ্যাৰ এক বৃহৎ অংশৰ লোকে তেওঁলোকৰ গন্তব্যস্থানলৈ যাতায়ত কৰাৰ ক্ষেত্ৰত ৰাজহুৱা পৰিবহনৰ সুবিধাসমূহলৈ সহজে যাব পাৰিব ।

টি ডি আৰ (স্থানান্তৰযোগ্য উন্নয়ন অধিকাৰ) হৈছে ৰাজহুৱা লাভালাভৰ বাবে চৰকাৰে অধিগ্ৰহণ কৰা ভূমিৰ ক্ষতিপূৰণ হিচাপে নিৰ্মাণ কৰা এলেকা আৱণ্টন কৰা প্ৰমাণপত্ৰ । গুৱাহাটী মহানগৰী বিশেষভাৱে বিগত কেইবা দশক ধৰি ঠেক পথৰ সমস্যাৰে জৰ্জৰিত ।

লক্ষণীয়ভাৱে মাষ্টাৰ প্লেনে বিগত ৩০ বছৰৰ পৰা বিদ্যমান বা নতুন আৰু বাধ্যতামূলক প্ৰতিটো পথ বহল কৰাৰ প্ৰস্তাৱ দিছে আৰু ইয়াৰ বাবে সকলো অট্টালিকাত সন্মুখৰ মাৰ্জিনৰ উপৰিও ভূমি, মাষ্টাৰ প্লেনত প্ৰস্তাৱিত পথ প্ৰশস্তকৰণৰ বাবে খালী ৰাখিব লগা হৈছে ।

কিন্তু চৰকাৰে পুঁজিৰ অভাৱত কেতিয়াও এই ভূমি অধিগ্ৰহণ কৰি ব্যৱহাৰ কৰিব নোৱাৰিলে । যাৰ পৰিপ্ৰেক্ষিতত কেতিয়াও কোনো পথ বহল হোৱা নাছিল । টি ডি আৰ নীতি জাননী দিয়াৰ পিছত চৰকাৰে প্ৰকৃত আৰ্থিক পৰিশোধ অবিহনে টি ডি আৰ প্ৰমাণপত্ৰৰ দ্বাৰা পাট্টাধাৰীসকলক ক্ষতিপূৰণ দিব পাৰে ।

এই টি ডি আৰ প্ৰমাণপত্ৰই লাভ কৰাসকলক বিদ্যমান প্লট বা আন স্থানত প্লটত অতিৰিক্ত এলেকা নিৰ্মাণ কৰাৰ অধিকাৰ দিব আৰু আনকি প্ৰমাণপত্ৰটো তৃতীয় পক্ষক বিক্ৰী কৰিব পাৰিব । এই ব্যৱস্থা ইতিমধ্যে দেশৰ কেইবাখনো চহৰত কাৰ্যকৰী হৈ আছে বুলি সদৰি কৰি এৰিডাৰ সভাপতি শৰ্মাই কয় যে ইয়াৰ দ্বাৰা চহৰসমূহক অধিক বাসযোগ্য কৰি তুলিবলৈ গুৱাহাটী আৰু অসমৰ অন্যান্য নগৰঅঞ্চলৰ সকলো পথ বহল কৰা হ'ব ।

লগতে পঢ়ক: ৰাজ্যত স্থাপন হ'ব ২০০ মেট্ৰিক টন মিলিং ক্ষমতাৰ ৫০ টা ধান মিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.