ETV Bharat / state

7 বজালৈ শীৰ্ষ দহটা খবৰ - 7 বজালৈ শীৰ্ষ দহটা খবৰ

7 বজালৈ শীৰ্ষ দহটা খবৰ

7 বজালৈ শীৰ্ষ দহটা খবৰ
7 বজালৈ শীৰ্ষ দহটা খবৰ
author img

By

Published : May 22, 2020, 9:58 AM IST

Updated : May 22, 2020, 7:01 PM IST

7 বজালৈ দহটা খবৰ-

1.অসমৰ চাহ শ্ৰমিকৰ সেৱাৰ বাবে UNICEF ৰ সৈতে HUL ৰ পাৰ্টনাৰশ্বিপ

হিন্দুস্তান ইউনিলিভাৰ লিমিটেডৰ UNICEF ৰ সৈতে পাৰ্টনাৰশ্বিপ ৷ COVID-19 ৰ বিৰুদ্ধে যুঁজত চাহ শ্ৰমিকসকলক সজাগ কৰিব UNICEF আৰু HUL য়ে ৷

2.আন্তৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ দিৱসঃ আমাৰ সমাধান প্ৰকৃতিৰ মাজত

17 খন জৈৱবৈচিত্ৰৰে ধনী দেশসমূহৰ ভিতৰত ভাৰতবৰ্ষ অন্যতম । বিশ্বৰ 8 শতাংশ প্ৰজাতিয়ে ভাৰতবৰ্ষৰ বুকুত পোৱা যায় । জৈৱ বৈচিত্ৰৰ সৰ্বাধিক ঘনত্ব হিমালয়, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ তথা পশ্চিম ঘাট অঞ্চলসমূহত পোৱা যায় । দুৰ্ভাগ্যৱশতঃ প্ৰায় 70 শতাংশ প্ৰজাতিয়ে প্ৰদূষণৰ বাবে আমি হেৰুৱাই পেলাইছো ।

3.27 বিধ কীটনাশকৰ উৎপাদন বন্ধ কৰা চৰকাৰৰ সিদ্ধান্ত, কি কয় বিশেষজ্ঞই?

বৃহৎ উদ্যোগগোষ্ঠীৰ চাপৰ বাবে পশ্চিমীয়া দেশসমূহে হাইড্ৰ'ক্সিক্ল'ৰকুইনৰ উৎপাদন বন্ধ কৰিছিল । কিন্তু আমাৰ দেশত উৎপাদিত এই ঔষধ কৰ'ণা ভাইৰাছ মহামাৰীৰ সময়ত উদ্ধাৰকৰ্তা হিচাপে আগবাঢ়ি আহিছে । আনকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে উন্নত দেশসমূহো ইয়াৰ বাবে আমাৰ আগত সহায় বিচাৰিবলগীয়া হৈছে ।

4.বিশেষ তদন্তকাৰী গোটলৈ সন্তোষ হোজাই হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব

19 মে’ৰ পৰা সন্তোষ হোজাই হত্যাকাণ্ডক লৈ জিলা ন্যায়িক দণ্ডাধীশে দিয়া দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ সাক্ষাৎ গ্ৰহণ কৰা হৈছে ৷ ডিমা হাছাও জিলাৰ নতুন আৰক্ষী অধীক্ষক জয়ন্ত সিঙে সন্তোষ হোজাইৰ বাসগৃহত উপস্থিত হৈ মৃত সন্তোষ হোজাইৰ পত্নীক আশ্বস্ত কৰি কয় এই কথা ৷

5.বাফটা টেলিভিশ্বন এৱাৰ্ডৰ মনোনয়ন প্ৰক্ৰিয়াৰ তাৰিখ ঘোষণা

বাফটা (BAFTA) টিভি এৱাৰ্ড শ্ব’ৰ আয়োজকে ঘোষণা কৰা অনুসৰি, টিভি ক্ৰাফট এৱাৰ্ড আৰু টিভি এৱাৰ্ডৰ বাবে জুন মাহৰ আৰম্ভণিতে মনোনয়ন প্ৰক্ৰিয়া (nomination) আৰম্ভ কৰা হ’ব ৷ লগতে এই এৱাৰ্ড শ্ব’ৰ স্থান অতি শীঘ্ৰেই বাচনি কৰা হ’ব ৷

6.দিহিং পাটকাইত 250 বছৰৰ পৰা চলি আহিছে কয়লা খননঃ পৰিমল শুক্লবৈদ্য

যি অঞ্চলসমূহৰ কথা কোৱা হৈছে তাত 2003 বৰ্ষৰ পৰাই খননকাৰ্য চলাই অহা হৈছে । যদি এই অঞ্চল প্ৰকৃততে ৱাইল্ড লাইফৰ হয় তেন্তে কেনেকৈ তাত ইমানদিনে খনন সম্ভৱ হ'ল । আনহাতে, বিজেপি চৰকাৰ অহাৰ পিছতেই বৰ্ষাৰণ্যখনে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু ইতিমধ্যে 43 কোটি টকাৰ জৰিমণা বিহা হৈছে- পৰিমল শুক্লবৈদ্য ।

7.প্ৰাপ্যৰ দাবীৰে ৰাজপথলৈ ওলাই আহিল চাহ শ্ৰমিক

গোলাঘাটৰ ফৰকাটিং চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ন্যায্য প্ৰাপ্তিৰ দাবীত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, চাহ মজদুৰ সংঘ উত্তাল প্ৰতিবাদ ৷ শ্ৰমিকসকলৰ দাবীসমূহ মানি নল'লে অনাগত সময়ত চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তুলিব বুলি সংগঠনৰ নেতাই মন্তব্য কৰে ৷

8.আৰম্ভ হ'ল এয়াৰ ইণ্ডিয়াৰ টিকট পঞ্জীয়ন প্ৰক্ৰিয়া

শেহতীয়াকৈ ভাৰত চৰকাৰৰ পৰা ঘৰুৱা বিমান চলাচলৰ অনুমতি প্ৰদান কৰাৰ পাচতেই 22 মে'ৰ দিনৰ 12.30 বজাৰ পৰা এয়াৰ ইণ্ডিয়া বিমানৰ টিকটৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়া হয় ।

9.কৰ'ণাৰ সন্ত্ৰাসৰ মাজতে বাক্সাৰ গোৰেশ্বৰত বানৰ আতংক

বৃহস্পতিবাৰৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত প্ৰথমটো বানৰ কৱলত পৰিছে পশ্চিম গোৰেশ্বৰৰ বিস্তীৰ্ণ অঞ্চল ৷

10.আজিৰ যুগত তেণ্ডুলকাৰে ১.৩০ লাখ ৰান কৰিলেহেঁতেন : আখতাৰ

বৰ্তমান সময়ত ক্ৰিকেট জগতত প্ৰায়ে বিৰাট কোহলি আৰু বিশ্বৰ মহানতম বেটছমেন শচীন তেণ্ডুলকাৰৰ মাজত তুলনা কৰা দেখা পোৱা যায় । কিন্তু শেহতীয়াকৈ ইয়াৰ বিৰুদ্ধে মন্তব্য় প্ৰকাশ কৰিছে পাকিস্তানৰ ক্ৰিকেটাৰ ছোয়েব আখতাৰে । আখতাৰৰ মতে, যথেষ্ট শক্তিশালী বিৰোধী পক্ষৰ বিৰুদ্ধে বেটিং কৰিছিল শচীনে সেয়েহে দুয়ো খেলুৱৈৰ মাজত তুলনা নহয় বুলি উল্লেখ কৰে ।

লগতে পঢ়ক: সৌৰভ গাংগুলীক আইচিচিৰ পৰৱৰ্তী অধ্যক্ষ ৰূপে চোৱাৰ ইচ্ছা : গ্ৰীম স্মিথ

Last Updated : May 22, 2020, 7:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.