ETV Bharat / state

Assam Police BMI test: BMI পৰীক্ষাৰ ফলাফল ওলাল; ১৭৪৮ গৰাকী আৰক্ষী অনুত্তীৰ্ণ

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 1:47 PM IST

অসম আৰক্ষীৰ মাজত চলা বডী মাছ ইনডেস্ক চমুকৈ বি এম আই টেষ্টিঙৰ ফলাফল ৰাজহুৱা কৰিলে আৰক্ষী সঞ্চালক প্ৰধানে । ১৬ আগষ্টৰ পৰা চলা প্ৰথম পৰ্যায়ত ৭০,১৬১ গৰাকীৰ বি এম আই পৰীক্ষা সম্পন্ন । ১৭৪৮ গৰাকী আৰক্ষী মেদবহুল । মেদবহুল আৰক্ষীৰ চিকিৎসালয়ত হ'ব বিতং পৰীক্ষা । প্ৰয়োজন অনুসৰি যোগান ধৰা হ'ব পুষ্টিকৰ খাদ্য । তিনিমাহ পাছত পুনৰ দিব লাগিব বি এম আই পৰীক্ষা ।

DGP makes BMI test results public
BMI টেষ্টৰ ফলাফল ৰাজহুৱা কৰিলে DGP য়ে

গুৱাহাটী, ২৪ ছেপ্টেম্বৰ: অসম আৰক্ষীক প্ৰকৃতাৰ্থত ফিট ৰখাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ অংশ হিচাপে ১৬ আগষ্টৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছিল বডী মাছ ইনডেস্ক চমুকৈ বি এম আই টেষ্টিং । মেদবহুলতাৰ বাবে অভাৰৱেট হৈ পৰা আৰক্ষীৰ লোকসকলক নিজকে ফিট কৰাৰ বাবে দিয়া সময়সীমাৰ অন্ত পৰাৰ পিছত আৰম্ভ হৈছিল বি এম আই পৰীক্ষা । ৰাজ্যৰ ৩৫ টা স্থানত অসম আৰক্ষীৰ বাবে চলা এই পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ ৩১ আগষ্টত সমাপ্ত হৈছে ।

  • শৰীৰৰ ভৰ সুচাঙ্ক (বি এম আই) পৰীক্ষাৰ প্ৰথম পৰ্যায় সমাপ্তি উপলক্ষে আমাৰ বক্তব্য -@assampolice ৰ বিভিন্ন পৰ্যায়ৰ বি.এম.আই. সম্পাদিত সদস্য সংখ্যা= ৭০১৬১
    মেদ বহুল আৰক্ষীৰ সংখ্যা (৩০ + বি. এম. আই.) = ১৭৪৮ (২.৪৭%)
    মাননীয় @CMOfficeAssam ৰ অনুমোদন মৰ্মে এই আৰক্ষী সকলক অসমৰ বিভিন্ন…

    — GP Singh (@gpsinghips) September 24, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

১৬ আগষ্টত গুৱাহাটীৰ কাহিলিপাৰাস্থ চতুৰ্থ অসম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে নিজে বি এম আই পৰীক্ষাৰ সন্মুখীন হৈ এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিছিল । বি এম আই টেষ্টিঙৰ প্ৰথম পৰ্যায়ৰ সমাপ্তিৰ পাছত দেওবাৰে সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জনোৱা মতে প্ৰথম পৰ্যায়ত অসম আৰক্ষীৰ বিভিন্ন পৰ্যায়ৰ ৭০,১৬১ গৰাকী সদস্যৰ বি এম আই পৰীক্ষা সম্পন্ন কৰা হৈছে ।

ইয়াৰ ভিতৰত ১৭৪৮ গৰাকী সদস্য মেদবহুল । অৰ্থাৎ, ৩০ প্লাছ বি এম আইৰ আৰক্ষীৰ সংখ্যা হৈছে ১৭৪৮ গৰাকী । পৰীক্ষা কৰা আৰক্ষীৰ লোকসকলৰ ভিতৰত ২.৪৭ শতাংশৰ মাজত মেদবহুলতাৰ সমস্যা আছে । আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সদৰী কৰা অনুসৰি মুখ্যমন্ত্রীৰ অনুমোদন মৰ্মে এইসকল আৰক্ষীৰ লোকক অসমৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত এতিয়া বিতংভাৱে পৰীক্ষা কৰি তেওঁলোকৰ কিবা অসুস্থতা আছে নেকি তাৰ বুজ লোৱা হ'ব । তাৰ পাছত প্ৰয়োজন অনুসৰি পুষ্টিকৰ খাদ্য যোগান ধৰা হ'ব ।

পুনৰ তিনিমাহ পাছত তেওঁলোকৰ বি এম আই পৰীক্ষা কৰা হ'ব বুলি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে । আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, অনাগত দিনত অসম আৰক্ষীক অধিক স্বাস্থ্যৱান তথা সবল ৰূপত এই প্ৰক্ৰিয়াৰ দ্বাৰা দেখা পাবলৈ বিচাৰিছো । উল্লেখ্য যে অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে অসম আৰক্ষীত এজনো মেদবহুল বিষয়া-জোৱান থকাটো বিচৰা নাই । অৱশ্যে অসম আৰক্ষীত মেদবহুল আৰক্ষীৰ সংখ্যা তুলনামূলকভাৱে কম ।

উল্লেখ্য যে, বি এম আই পৰীক্ষা উচ্চতা, ওজন আৰু বয়সৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয় । এই পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে আৰক্ষীৰ লোকসকলক তিনি মাহৰ সময় দিয়া হৈছিল আৰু সেই সময়সীমাৰ পাছত বি এম আই পৰীক্ষা আৰম্ভ কৰা হৈছিল । ইয়াৰ বাবে অসম আৰক্ষীৰ এটা ডাটাবেচ বনোৱা হৈছিল । যাতে অসম আৰক্ষীৰ লোকসকলৰ তথ্য মজুত থাকে ।

ইফালে আৰক্ষী সঞ্চালক প্ৰাধানে পূৰ্বতে উল্লেখ কৰা অনুসৰি অহা বছৰৰ পৰা বি এম আইৰ লগত ব্লাড প্ৰেচাৰ আৰু ব্লাড চুগাৰ টেষ্ট কৰাৰ ব্যৱস্থা কৰা হ'ব । ইয়াৰ পৰৱৰ্তী সময়ত চিটি স্কেন, এক্সৰে আৰু আল্ট্ৰাচাউণ্ড কৰাৰ ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব অসম আৰক্ষীয়ে । উল্লেখ্য যে বি এম আই পৰীক্ষাত সকলো আই পি এছ বিষয়া, এ পি এছ বিষয়াকে ধৰি অসম আৰক্ষীৰ অন্যান্য বিষয়াৰ পৰা জোৱানলৈ সকলো অৱতীৰ্ণ হৈছিল ।

লগতে পঢ়ক: Amrit kalash yatra: চিলাপথাৰৰ অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ বিধায়ক ভূৱন পেগুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.