ETV Bharat / state

Reward to Lovlina Borgohain: লাভলীনালৈ 50 লাখ টকাৰ পুৰস্কাৰ ঘোষণা অসম চৰকাৰৰ - লাভলীনা বৰগোহাঁই

বজ্ৰকন্যা লাভলীনা বৰগোহাঁইলৈ অসম চৰকাৰৰ তৰফৰ পৰা 50 লাখ টকাৰ পুৰস্কাৰ ঘোষণা ৷ লাভলীনা বৰগোহাঁইক লৈ ধন্যবাদ সূচক প্ৰস্তাৱ গ্ৰহণ কৰি এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ কেতিয়াবা খেলুলৈ বিফল হ’লে মনোকষ্ট দিব নালাগে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) ৷

Reward to Lovlina Borgohain
লাভলীনালৈ 50 লাখ টকাৰ পুৰস্কাৰ ঘোষণা অসম চৰকাৰৰ
author img

By

Published : Mar 29, 2023, 7:05 PM IST

লাভলীনালৈ 50 লাখ টকাৰ পুৰষ্কাৰ ঘোষণা অসম চৰকাৰৰ

গুৱাহাটী, 29 মাৰ্চ: অসম বিধানসভাৰ মজিয়াত বিশ্ব বক্সিং চেম্পিয়ন অলিম্পিক বিজয়ী লাভলীনা বৰগোহাঁইক উচ্চ প্ৰশংসা ৷ অসমৰ নাম বিশ্ব বক্সিঙৰ ইতিহাসত সোণালী আখৰেৰে লিখি অসমবাসীক গৌৰৱান্বিত কৰি তোলা লাভলীনালৈ অসম চৰকাৰৰ তৰফৰপৰা 50 লাখ টকাৰ পুৰস্কাৰ ঘোষণা ৷ চলিত বিধানসভাৰ বাজেট অধিৱেশনত সদনত বুধবাৰে লাভলীনা বৰগোহাঁইলৈ 50 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই (Assam govt Reward to Lovlina Borgohain) ৷

বুধবাৰে বিৰোধী কংগ্ৰেছে ৰাহুল গান্ধী প্ৰসংগত উত্তাল কৰাৰ পাচত সদন ত্যাগ কৰে বিৰোধীয়ে ৷ তাৰ পাচতেই বিৰোধী শূন্য সদনৰ মজিয়াত লাভলীনা বৰগোহাঁইৰ বক্সিঙৰ ৰিঙত বিশ্বজয়ক লৈ গৌৰৱান্বিত অসমবাসীৰ হৈ এক ধন্যবাদসূচক প্ৰস্তাৱ আগবঢ়ায় বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৷ ধন্যবাদসূচক প্ৰস্তাৱত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লাভলীনাৰ কৃতিত্ব আৰু ক্ৰীড়া ক্ষেত্ৰলৈ অবিস্মৰণীয় অৱদানক উচ্চ প্ৰশংসা কৰি অসম চৰকাৰৰ তৰফৰ পৰা 50 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰে (Reward to Lovlina Borgohain) ৷

সদনত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় , ‘‘লাভলীনাই যি কৰিছে সেয়া কোনো অসমবাসীয়ে কৰিব পৰা নাই ৷ এতিয়া আমি হিমা আৰু লাভালীনাৰ পৰা বেছি অধিক একো আশা কৰিব নালাগে৷ এতিয়া আমাক নতুন অধিক হিমা আৰু লাভলীনা লাগে (CM Himanta on Lovlina) ৷’’

মুখ্যমন্ত্ৰী শৰ্মাই লগতে সদনৰ মজিয়াৰ পৰা অসমবাসীলৈ আহ্বান জনায় কয়, ‘‘এজন ক্ৰীড়াবিদৰ জীৱনত উত্থান আৰু পতন দুয়োটাই থাকে ৷ উচ্চ স্থানত থাকোতে পদক লাভ কৰিলে আমি তেওঁক অভিনন্দন জনাও, প্ৰশংসাৰে উপচাই পেলাও ৷ এটা কৃতজ্ঞ জাতিয়ে সদায় যিদৰে ক্ৰীড়াবিদৰ সফলতাত অভিনন্দন জনায় একেদৰে বিফল সময়তো কাষত সাহস হৈ থিয় দিয়ে ৷ লাভলীনাই যিদিনাই অলিম্পিকত পদক জয় কৰিলে সেইদিনাই তেওঁ প্ৰথম অলিম্পিক বিজয়ী অসমীয়া ৰূপে ৰেকৰ্ড কৰি ল’লে ৷ অসমবাসী ৰাইজলৈ মোৰ আহ্বান কেতিয়াবা খেলুৱৈ বিফল হ’লে খেলুৱৈক মনোকষ্ট দিব নালাগে ৷’’

লগতে পঢ়ক: Assam Assembly 2023: ৰাহুল গান্ধীৰ প্ৰসংগ উত্থাপন কৰাক লৈ বিৰোধীক অকৰ্মণ্য আখ্যা ৰূপজ্যোতি কুৰ্মীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.