ETV Bharat / state

New Appointments in Assam : নতুন নিযুক্তিৰ ক্ষেত্ৰত আয়োগ গঠনৰ সিদ্ধান্ত চৰকাৰৰ

author img

By

Published : Nov 21, 2021, 1:38 PM IST

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ(Recruitment for 3rd and 4th Grade Jobs)সমূহৰ বাবে এখন নতুন আয়োগ(Committee) গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ ৷ গঠন হ’বলগীয়া এই নিয়োগ আয়োগে প্ৰায় এক লাখ পদত দিবলগীয়া নতুন নিযুক্তি প্ৰক্ৰিয়া (New Appointments in Assam) পৰিচালনা কৰিব । শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma)ৰ নেতৃত্বত অনুষ্ঠিত হোৱা এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

assam-government-decides-to-set-up-a-commission
নতুন নিযুক্তিৰ বাবে আয়োগ গঠনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

গুৱাহাটী, 21 নৱেম্বৰ : ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি দিবলগীয়া (New Appointments in Assam) তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ(Recruitment for 3rd and 4th Grade Jobs)সমূহৰ বাবে এখন নতুন আয়োগ(Commission) গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে । এই নিয়োগ আয়োগে প্ৰায় এক লাখ পদত দিবলগীয়া নতুন নিযুক্তি প্ৰক্ৰিয়াটো পৰিচালনা কৰিব ।

  • 1⃣Recruitment commissions headed by officers in the rank of Additional Chief Secretary for Grade III & IV posts

    2⃣APSC to conduct a combined recruitment exam for various engineering services. 2/2

    — Himanta Biswa Sarma (@himantabiswa) November 20, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

শনিবাৰে কইনাধৰাৰ চৰকাৰী অতিথিশালাত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে অনুষ্ঠিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma)ৰ এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । সমান্তৰালভাৱে বিভিন্ন বিভাগৰ অভিযান্ত্ৰিক পদসমূহ পূৰণৰ বাবে অসম লোকসেৱা আয়োগ(Assam Public Service Commission)ৰ জৰিয়তে অনুষ্ঠিত কৰা হ’ব সংযুক্ত পৰীক্ষা ।

এই বৈঠকত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তিৰ বাবে গঠন কৰিবলগীয়া নিয়োগ আয়োগৰ দায়িত্ব বিভাগ অনুযায়ী একোগৰাকীকৈ অতিৰিক্ত মুখ্য সচিবক‌ ন্যস্ত কৰিবলৈও সিদ্ধান্ত লোৱা হয় । বৈঠকত মুখ্যমন্ত্ৰী আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া-বৰ্গৰ উপৰিও উপস্থিত থাকে লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাজীৱ কুমাৰ বৰা(APSC Chairman Rajiv Kumar Bora), মুখ্য সচিব জিষ্ণু বৰুৱা(Chief Secretary Jishnu Barua) আৰু মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা( Principal Secretary Samir Kumar Sinha) ।

লগতে পঢ়ক : ৰাজ্যত এক লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিত জটিলতা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.