গুৱাহাটী, 9 ফেব্ৰুৱাৰী : অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ইস্তাহাৰ সমিতিৰ সংবাদমেল ৷ প্ৰদেশ কংগ্ৰেছৰ ইস্তাহাৰ সমিতিৰ অধ্যক্ষ সাংসদ গৌৰৱ গগৈয়ে সম্বোধন কৰে সংবাদমেল ৷ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত অসমত মিত্ৰজোঁটৰ চৰকাৰ হ’ব ৷ এই মিত্ৰজোঁটৰ চৰকাৰৰ মুখ্যমন্ত্ৰীজন হ’ব কংগ্ৰেছ দলৰ ৷ এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ ৷
2021 চনৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত উঠিপৰি লাগিছে কংগ্ৰেছ দল ৷ মিত্ৰ দল এ আই ইউ ডি এফকে আদি কৰি আন পাঁচোটা মিত্ৰ দলৰ সৈতে লগ লাগি আৰম্ভ কৰিছে নিৰ্বাচনী ৰণনীতি ৷ বিশেষকৈ এই ৰণনীতিত মিত্ৰজোঁটৰ সেনাপতিৰ দায়িত্বত আছে কংগ্ৰেছ দল ৷ যিকোনো প্ৰকাৰে দিছপুৰৰ পৰা বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত দেহেকেহে খাতিছে কংগ্ৰেছ নেতৃত্ব ৷
সংবাদমেলত গৌৰৱ গগৈয়ে জনোৱা অনুসৰি, মঙলবাৰৰ পৰা কংগ্ৰেছৰ ইস্তাহাৰ সমিতিয়ে আৰম্ভ কৰিছে এক নতুন কৌশল ৷ 'অসম বচাও' শীৰ্ষক শ্ল’গানৰে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ অভিযানত ৰাইজক প্ৰত্যক্ষভাৱে তেওঁলোকৰ মতামত ভিডিঅ’ অথবা আন মাধ্যমেৰে জনাবলৈ আহ্বান জনাইছে কংগ্ৰেছ নেতৃত্বই ৷
লগতে পঢ়ক : ঘৰলৈ উভতাৰ পথত সন্ধানহীন ৰঙিয়াৰ ৰে'ল বিভাগৰ ঠিকাদাৰ
সেই অনুসৰি জনসাধাৰণক আকৰ্ষিত কৰিব পৰাকৈ আৰম্ভ কৰিছে প্ৰতিযোগিতামূলক মতামত গ্ৰহণ ৷ কংগ্ৰেছৰ ইস্তাহাৰত প্ৰকাশ কৰিব পৰাকৈ প্ৰেৰণ কৰা মতামত সমূহৰ পৰা বাচি উলিয়াব শ্ৰেষ্ঠ ভিডিঅ’ আৰু বিজয়ী প্ৰতিযোগিক আকৰ্ষণীয় পুৰস্কাৰেৰে সন্মান জনাব প্ৰদেশ কংগ্ৰেছে ৷
উল্লেখ্য যে, মঙলবাৰৰ সংবাদমেলত সাংসদ গৌৰৱ গগৈক সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তনমন্ত্ৰী অকন বৰা, প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মা ৷
লগতে পঢ়ক : পৰিত্যক্ত অৱস্থাত বাঘবৰৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়