ETV Bharat / state

DAC election result : 22 ৰ পৰিৱৰ্তে 12 যদিও বিজেপি সন্তুষ্ট

author img

By

Published : Nov 10, 2022, 9:01 PM IST

Updated : Nov 10, 2022, 9:30 PM IST

যোৱা 8 নৱেম্বৰত 22 টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হোৱা দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয় আজি (DAC election result) ৷ বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে 22 খন আসনেই দখল কৰাৰ দাবী কৰিছিল যদিও কাৰ্যতঃ সেয়া নহ’ল ৷ বিজেপি মিত্ৰজোঁটে লাভ কৰিলে 12 খন আসন ৷ ইয়াৰ ভিতৰত এখন আসন আছে অগপৰ (DAC election 2022)৷

DAC election result
DAC election result

গুৱাহাটী, 10 নৱেম্বৰ : ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই (Assam BJP president Bhabesh Kalita) সদ্য ঘোষিত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজয় লাভ কৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী সকলক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে । কলিতাই কয়, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ডাবোল ইঞ্জিনৰ চৰকাৰখনৰ প্ৰতি দেউৰী পৰিষদীয় সমষ্টিৰ ৰাইজে সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত বিপুল সংখ্যক সমৰ্থন প্ৰদান কৰিছে ৷ সেয়ে, দেউৰী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ভৱেশ কলিতাই (Bhabesh Kalita racts on DAC election result) ৷

উল্লেখ্য যে, যোৱা 8 নৱেম্বৰত 22 টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হোৱা দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয় আজি (DAC election result) ৷ বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে 22 খন আসনেই দখল কৰাৰ দাবী কৰিছিল যদিও কাৰ্যতঃ সেয়া নহ’ল ৷ বিজেপি মিত্ৰজোঁটে লাভ কৰিলে 12 খন আসন ৷ ইয়াৰ ভিতৰত এখন আসন আছে অগপৰ (DAC election 2022)৷

এই নিৰ্বাচনত আন দল সমূহতকৈ চমকপ্ৰদ ফলাফল দেখুৱালে জেপিপিয়ে ৷ দলটোৱে 22 টা সমষ্টিৰ ভিতৰত 7 টা সমষ্টিত জয়লাভ কৰিছে ৷ কংগ্ৰেছে লাভ কৰিছে মাত্ৰ দুখন আসন ৷ আনহাতে এখন আসন লাভ কৰিছে নিৰ্দলীয়ই (DAC election final result) ৷

মন কৰিবলগীয়া যে, দেউৰী পৰিষদীয় নিৰ্বাচনৰ বাবে সদলবলে যুঁজত নামিছিল বিজেপি দল ৷ মাজুলী, ধেমাজি, লখিমপুৰ আদিত বিজেপিৰ বাঘা বাঘা নেতাই চলাইছিল প্ৰচাৰ ৷ পীযুষ হাজৰিকা, জয়ন্তমল্ল বৰুৱা, ভৱেশ কলিতা, প্ৰদান বৰুৱা, নৱ কুমাৰ দলে আদি সকলোৰে মুখত কেৱল 22 খন আসনত বিজয়ৰ কথা আখৈ ফুটা দি ফুটিছিল ৷ পিছে কাৰ্যতঃ সেয়া নহ’ল ৷ ধেমাজি আৰু মাজুলীত বৰ বেয়াকৈ মুখ থেকেচা খালে বিজেপিয়ে ৷ ধেমাজিৰ 4 খন আসনৰ ভিতৰত এখন আসন বিজেপিয়ে লাভ কৰাৰ বিপৰীতে মাজুলীৰ একমাত্ৰ আসনখনত দলটো পৰাস্ত হয় ৷

অতি সৰু আঞ্চলিক দল হ’লেও জিমছায়া পিপলচ পাৰ্টী চমুকৈ জেপিপিৰ উত্থান কিন্তু ঈৰ্শনীয় ৷ দলটোৱে 7 খনকৈ আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷ ইফালে নিৰ্বাচনৰ পূৰ্বেই একপ্ৰকাৰ হাত দাঙি দিয়া কংগ্ৰেছৰ নাম ৰাখিলে দুজন প্ৰাৰ্থীয়ে ৷ দেউৰী পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠাৰ সময়ত এবাৰো প্ৰচাৰৰ বাবে অহা দেখা নগ’ল এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাক ৷ ভূপেন বৰাৰ গৃহ জিলা লখিমপুৰত 6 টা সমষ্টিৰ ভিতৰত এটাতো জয়ী নহ’ল কংগ্ৰেছ ৷

উল্লেখ্য যে, বিজেপিয়েই গঠন কৰিব দেউৰী স্বায়ত্তশাসিত পৰিষদ ৷ কিন্তু যি ফলাফল লাভৰ বাবে বিজেপি উঠিপৰি লাগিছিল সেই ক্ষেত্ৰত কিন্তু দলটো আশাহত হ’ব লগা হ’ল ৷

লগতে পঢ়ক: DAC poll counting: বিজেপিৰ স্বপ্ন ভংগ; কংগ্ৰেছৰো ফলাফল হতাশজনক

Last Updated : Nov 10, 2022, 9:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.