ETV Bharat / state

অসমীয়াৰ ওচৰত ক্ষমা বিচাৰিলে অভিজিৎ শৰ্মাই !

author img

By

Published : Aug 31, 2019, 4:10 PM IST

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাচতে নিজৰ ক্ষোভ ব্যক্ত কৰি অভিজিৎ শৰ্মাই কয় যে, প্ৰতীক হাজেলাক মূৰত বহুৱাই লোৱাৰ বাবেই  অসমীয়া জাতি আজি ধ্বংস হ'ল  ৷ এই এন আৰ চিক লৈ বৰপেটাত পাইলট প্ৰজেক্ট ধ্বংস কৰা আমছুৱে ফূৰ্তিত ফটকা ফুটাইছে ৷ তেখেতে ইয়াৰ লগতে, যিটো ছফ্টৱেৰ ব্যৱহাৰ হৈছিল সেইটো তৃতীয় পক্ষৰ দ্বাৰা কিয় পৰীক্ষা কৰা নহ'ল বুলিও প্ৰশ্ন কৰে ৷

অসমীয়া জাতি আজি ধ্বংস হ'ল

গুৱাহাটী, আগষ্ট 31 : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ ক্ষোভ প্ৰকাশ আসাম পাব্লিক ওৱৰ্কচৰ সভাপতি অভিজিৎ শৰ্মাৰ ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাচতে নিজৰ ক্ষোভ ব্যক্ত কৰি অভিজিৎ শৰ্মাই কয় যে,

''প্ৰতীক হাজেলাক মূৰত বহুৱাই লোৱাৰ বাবেই অসমীয়া জাতি আজি ধ্বংস হ'ল ৷ এই এন আৰ চিক লৈ বৰপেটাত পাইলট প্ৰজেক্ট ধ্বংস কৰা আমছুৱে ফূৰ্তিত ফটকা ফুটাইছে ৷ তেখেতে ইয়াৰ লগতে, যিটো ছফ্টৱেৰ ব্যৱহাৰ হৈছিল সেইটো তৃতীয় পক্ষৰ দ্বাৰা কিয় পৰীক্ষা কৰা নহ'ল বুলিও প্ৰশ্ন কৰে ৷ এন আৰ চি সন্দৰ্ভত পুনৰ উচ্চতম ন্যায়ালৰ দ্বাৰস্থ হোৱাৰ লগতে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ওচৰলৈও যোৱা হ'ব বুলি মত প্ৰকাশ কৰে অভিজিৎ শৰ্মাই ৷ ''

অসমীয়া জাতি আজি ধ্বংস হ'ল

WIPRO-ক তথ্য সন্নিবিষ্ট কৰিবলৈ দিয়াটো এটা ডাঙৰ ভুল আৰু ইয়াৰ এশ শতাংশ পুনৰীক্ষণৰ দাবী তোলে অভিজিৎ শৰ্মাই ৷ এন আৰ চিৰ বাবে খৰচ হোৱা 16শ কোটি টকাৰ হিচাপ দাখিল কৰিবলৈ আহ্বান জনাই আসাম পাব্লিক ওৱৰ্কচে ৷ ইয়াৰোপৰি অভিজিৎ শৰ্মাই কয় যে, প্ৰতীক হাজেলাৰ ওপৰত আগৰ পৰাই থকা সন্দেহ এতিয়া সঁচা প্ৰমাণিত হ'ল ৷ বিদেশী চিনাক্তকৰণৰ পৰিৱৰ্তে এন আৰ চিয়ে বিদেশীক স্বদেশীহে সজালে বুলি মন্তব্য কৰে অভিজিৎ শৰ্মাই ৷ 19 লাখ মানুহৰ ভিতৰত তিনি লাখে আৱেদনেই কৰা নাছিল, আনহাতে একাংশই এন আৰ চিৰ নামত দালালি কৰিলে ৷ যাৰ ফলত 855 জন শ্বহীদৰ ত্যাগ অথলে গ'ল বুলিও মন্তব্য কৰে অভিজিৎ শৰ্মাই ৷

অথলে গ'ল 855 জন শ্বহীদৰ বলিদান

পাইলট প্ৰজেক্ট বন্ধ কৰা আমছুৱে এন আৰ চিক আদৰণি জনালে কি বুজিম বুলি আক্ষেপ কৰি, অসমবাসীৰ ওচৰত ক্ষমা খুজিলে অভিজিৎ শৰ্মাই ৷ গোচৰ তৰিবলৈ আৰ্থিকভাৱে সহায় কৰা প্ৰদীপ ভূঞা-বন্তী ভূঞাৰ দম্পতী আৰু জয়ন্ত বৰুৱাৰ ওচৰতো আসাম পাব্লিক ওৱৰ্কচৰ হৈ ক্ষমা বিচাৰিলে অভিজিৎ ভূঞাই ৷

Intro:অভিজিত শৰ্মাৰ ক্ষোভ নাগৰিক পঞ্জীক লৈBody:ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পুনাংগ খচৰা প্ৰকাশৰ পাছতে ক্ষোভ উজাৰিছে অসম পাব্লিক ৱৰ্কছে ৷ সংগঠনটোৰ সভাপতি অভিজিত শৰ্মাই কয় যে অসমীয়া জাতি ধ্বংস হল। প্ৰতীক হাজেলাক আৰু মূৰৰ ওপৰত বহুৱাওক। এই NRC ত আজি অামছুয়ে ফুৰ্তি কৰিছে। যিয়ে বৰপেটা পাইলত প্ৰজেক্ট যিয়ে ধ্বংস কৰিছিল, সেইসকলে আজি ফুৰ্তি পাইছে। ফটকা ফুটাইছে । যিটো ছফ্টৱেৰ ব্যৱহাৰ কৰিছিল সেইটো তৃতীয় পক্ষৰে পৰীক্ষা কিয় কৰা নহল বুলি প্ৰশ্ন কৰে ৷ লগতে কয় আমি উচ্চতম ন্যায়ালয় লৈ পুনৰ যাম। ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী, মুখ্যমন্ত্ৰী ওচৰলৈ যাম ৷
Wippro ক দাতা এণ্টৰী কৰিব দিয়াটোৱে ডাঙৰ ভুল।আমি বিচাৰো এশ শতাংশ পুনৰ পৰীক্ষা হওঁক৷ NRCৰ বাবে খৰছ হোৱা ১৬শ কোটি টকাৰ হিচাপ লাগে APWক ৷ প্ৰতীক হাজেলাৰ ওপৰত সন্দেহ আগৰে পৰা আছিল এতিয়া এই সন্দেহ সচা প্ৰমান হ'ল ৷ বিদেশী চিনাক্তকৰণৰ সলনি বিদেশীক স্বদেশী কৰিলে NRCএ ৷ ১৯লাখৰ ভিতৰত তিনি লাখে আবেদনেই কৰা নাছিল ৷ বহুতে বিদেশীৰ নামত দালালীয়েই কৰিলে ৷ আজি যি সকলে আনন্দ কৰিব সেই সকল বিদেশীৰ ৰক্ষক ৷ জীৱনৰ দহটা বছৰ অথলে গ'ল আমাৰ ৷ পাইলট প্ৰজেক্ট বন্ধ কৰা আমছুৱে আদৰণি জনালে, কি বুজিম? ৮৫৫জন শ্বহীদৰ বলিদান অথলে গ'ল ৷ NRCৰ নামত টকা খোৱা সকলে মৰাৰ আগত হ'লেও বমী কৰিব লাগিব ৷ অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে APWএ ৷ ক্ষমা বিচাৰিলে গোচৰ তৰাত ধন দিয়া প্ৰদীপ ভূঞা,বন্তি ভূঞা,জয়ন্ত বৰুৱাৰ ওচৰত
৪০বছৰীয়া অপেক্ষাৰ পিছত অৰ্থহীন এই NRC
ৰাজ্য চৰকাৰ,কেন্দ্ৰীয় চৰকাৰক কিয় আঁতৰাই ৰাখিছিল প্ৰশ্ন অভিজিৎ শৰ্মাৰConclusion:লিপিকা ডেকা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.