ETV Bharat / state

পুনৰ অনাদায় বিদ্যুৎ মাচুলৰ বোজাত APDCL !

ৰাজ্য চৰকাৰে কৰা আবেদনৰ পাচতো বৰ্তমানেও বিদ্যুৎ গ্ৰাহকৰ প্ৰায় 55 শতাংশই সময়মতে আদায় দিয়া নাই মাহিলী বিদ্যুৎ মাচুল ৷ যাৰ বিৰূপ প্ৰভাৱ পৰিছে সমগ্ৰ বিদ্যুৎ ব্যৱস্থাটোৰ ওপৰত । উপভোক্তাৰ অনাদায় বিলে বৃহৎ লোকচানত পেলাইছে অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডক(APDCL) ৷ চাওক এই বিশেষ প্ৰতিবেদন...

apdcl-in-the-burden-of-unpaid-bills
পুনৰ অনাদায় বিদ্যুৎ মাচুলৰ বোজাত APDCL
author img

By

Published : Sep 12, 2021, 7:05 AM IST

Updated : Sep 12, 2021, 9:00 PM IST

গুৱাহাটী, 12 ছেপ্তেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) নেতৃত্বাধীন বিজেপি চৰকাৰখনে বিগত সময়ত বিদ্যুৎ খণ্ডৰ সংস্কাৰৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰি একপ্ৰকাৰে চমক সৃষ্টি কৰিছিল । বিদ্যুৎ চুৰিৰ বিৰুদ্ধে ব্যাপক অভিযান চলাইছিল চৰকাৰখনে । আনহাতে অনাদায় বিল সংগ্ৰহ কৰাৰ বাবেও কঠোৰ পন্থা অৱলম্বন কৰিছিল ।

apdcl-in-the-burden-of-unpaid-bills
পুনৰ অনাদায় বিদ্যুৎ মাচুলৰ বোজাত APDCL

আনকি চৰকাৰী কৰ্মচাৰীক মাচুল আদায় দিয়া বিদ্যুতৰ বিল জমা নিদিলে দৰমহা নিদিয়াৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল । বিদ্যুৎ বিভাগৰ মন্ত্ৰী বিমল বৰাই(Bimal Bora) নিজে অভিযানত নামি পৰিছিল । চৰকাৰী তৎপৰতাৰ বাবে অনাদায় বিল আদায় কৰিবলৈ সক্ষম হৈছিল অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডে(APDCL) ।

বিগত সময়চোৱাত এই বিষয়টো বিশেষভাৱে চৰ্চিত হৈ পৰিছিল । কিন্তু শেহতীয়াকৈ বিষয়টো তল পৰাৰ লগে লগে পূৰ্বৰ স্থিতিলৈ গতি কৰিছে বিল সংগ্ৰহৰ বিষয়টো । উপভোক্তাৰ বিল অনাদায়ৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হোৱা এপিডিচিএলে শেহতীয়াকৈ মাচুল আদায়ক লৈ পুনৰ পিছ হুঁহকিবলগীয়া হৈছে ।

পুনৰ অনাদায় বিদ্যুৎ মাচুলৰ বোজাত APDCL !

প্ৰতি মাহে প্ৰায় 200 কোটি টকাকৈ লোকচানৰ সন্মুখীন হৈ থকা শক্তি বিভাগটোক(Power Department) টনকিয়াল কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাৰ উদ্যোগত বিল আদায়ক লৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছিল । বিশেষকৈ চৰকাৰী কর্মচাৰীক বিল আদায় নিদিলে দৰমহা বন্ধ কৰি ৰাখিব বুলি ৰাজ্য চৰকাৰে নিৰ্দেশ জাৰি কৰি উপভোক্তাৰ বিল আদায় নিয়মীয়া কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও একাংশ গ্ৰাহকৰ মাচুল আদায় কৰিব পৰা নাই এপিডিচিএলে ।

বিদ্যুৎ বিতৰক সংস্থাটোৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বিগত আগষ্ট মাহলৈকে অনাদায় হৈ থকা 2,100 কোটি টকা আদায় কৰিবলৈ সক্ষম নহ’ল এপিডিচিএলে । অর্থাৎ আগষ্ট মাহলৈকে অনাদায় হৈ থকা মাচুলৰ পৰিমাণ 2,100 কোটি টকা । ইয়াৰে ঘৰুৱা উপভোক্তাই আদায় দিবলৈ বাকী আছে 1,700 কোটি টকা ।

apdcl-in-the-burden-of-unpaid-bills
পুনৰ অনাদায় বিদ্যুৎ মাচুলৰ বোজাত APDCL

আনহাতে, বিভিন্ন আইনী মেৰপাক আৰু অন্যান্য কাৰণত অনাদায় হৈ আছে প্ৰায় 400 কোটি টকা । জানিব পৰা মতে, এপিডিচিএলৰ অন্তর্গত 92 শতাংশ গ্ৰাহকে সময়মতে এতিয়াও বিল আদায় নিদিয়ে । জুলাই মাহৰ শেষৰ ভাগলৈ এপিডিচিএলৰ মাচুলৰ বাবদ পাবলগীয়া ধন আছিল 2,086 কোটি টকা । আগষ্টৰ শেষভাগত অনাদায় হৈ থকা বিদ্যুৎ মাচুলৰ পৰিমাণ 2,100 কোটি টকা ।

ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহলৈকে এই পৰিমাণ হৈছে 2,352 কোটি টকা । পৰিতাপৰ বিষয় এয়ে যে, চৰকাৰৰ নিৰ্দেশনাৰ পাচতো একাংশ ঘৰুৱা গ্ৰাহকে বিভিন্ন অজুহাতত এতিয়াও আদায় দিয়া নাই বিদ্যুৎ মাচুল । অৱশ্যে পূৰ্বতকৈ চৰকাৰী কর্মচাৰীৰ বিল আদায়ৰ পৰিমাণ বৃদ্ধি পাইছে যদিও ব্যক্তিগত প্ৰতিষ্ঠান বা ব্যৱসায়িকভাৱে জড়িত 50 শতাংশতকৈও অধিক গ্ৰাহকে এতিয়াও সময়মতে বিদ্যুৎ মাচুল আদায় দিয়া নাই ।

ইয়াৰ ফলস্বৰূপে প্ৰতিমাহে এপিডিচিএলৰ অনাদায় বিলৰ পৰিমাণ 300 কোটি টকা হৈছেগৈ । সূত্ৰটোৱে জনোৱা মতে, আদায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰ পাচতে মাচুল আদায় বৃদ্ধি পাইছিল যদিও শেহতীয়াকৈ পুনৰ প্ৰক্ৰিয়াটো লেহেমীয়া হ’বলৈ ধৰিছে । ইতিমধ্যে এপিডিচিএলে বিগত 100 দিনত বিল আদায় নিদিয়া 2,69,403 গৰাকী উপভোক্তাৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিছে ।

পুনৰ সংযোগ স্থাপনৰ জৰিয়তে জৰিমনা হিচাপে এপিডিচিএলে 92.28 কোটি টকা আদায় কৰিবলৈ সক্ষম হৈছে । এপিডিচিএলক ধাৰৰ বোজাৰ পৰা উদ্ধাৰ কৰিবলৈ ৰাজ্য চৰকাৰে বিল আদায়ৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিয়াৰ সময়তে প্ৰতিমাহে বিল আদায়ৰ নামত সংগ্ৰহ হৈছিল 450 কোটি টকা ।

জুলাই মাহত এপিডিচিএলে আদায় কৰিছিল 735.16 কোটি টকা । ইয়াৰ বিপৰীতে জুন মাহত আদায় কৰিছিল 555 কোটি টকা । লক্ষণীয়ভাৱে এই সংখ্যাৰ বিপৰীতে জানুৱাৰী মাহত এপিডিচিএলৰ ৰাজহ আদায়ৰ পৰিমাণ আছিল 382 কোটি টকা, ফেব্রুৱাৰী মাহত 320 কোটি টকা, মার্চ মাহত 319 কোটি টকা আৰু এপ্ৰিল মাহত 336 কোটি টকা ।

ৰাজ্য চৰকাৰৰ তৎপৰতা আৰু মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাচত এপিডিচিএলে বিদ্যুৎ মাচুল আদায়ৰ ক্ষেত্ৰত কিছু সকাহ পাব বুলি ধাৰণা কৰা হৈছিল যদিও একাংশ গ্ৰাহকে বিল আদায়ৰ ক্ষেত্ৰত দেখুওৱা গুৰুত্বহীনতাই পুনৰ বিদ্যুৎ বিতৰক সংস্থাটোক লোকচানৰ দিশলৈ ঠেলি দিছে ।

এপিডিচিএলক প্ৰতিবছৰে বিদ্যুৎ ক্ৰয় আৰু কর্মচাৰীৰ দৰমহাৰ বাবদ আৱশ্যক হয় 6,825 কোটি টকা । ইয়াৰে 6 হাজাৰ কোটি টকা বিদ্যুৎ ক্ৰয়ৰ বাবদ প্ৰয়োজন হয় । আনহাতে প্ৰায় 700 কোটি টকা ব্যয় হয় কর্মচাৰীৰ দৰমহাৰ বাবদ । মাচুল আদায়ক লৈ এপিডিচিএলে চলাই থকা এনে তৎপৰতাৰ বিপৰীতে কিন্তু বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত এতিয়াও শক্তিহীন বিভাগটো ।

বর্তমান প্ৰতিদিনে বিদ্যুতৰ চাহিদা হয় 1,948 মেগাৱাট । কিন্তু এপিডিচিএলে ৰাজ্যত উৎপাদন কৰি আছে মাত্ৰ 313 মেগাৱাট বিদ্যুতহে । ইফালে আচাম ষ্টেট ইলেক্ট্ৰিচিটি চাপ্লাই ৱর্কার্ছ ইউনিয়নে(Assam State Electricity Supply Workers Union) ৰাজ্যৰ প্ৰায় 64 লাখ গ্ৰাহকক সময়মতে বিদ্যুৎ বিল আদায় দিয়াৰ আহ্বান জনাইছে ।

উল্লেখ্য যে, ৰাজ্যৰ মুঠ বিদ্যুৎ গ্ৰাহকৰ প্ৰায় 92 শতাংশ গ্ৰাহক হ’ল ঘৰুৱা শ্ৰেণীৰ বিদ্যুৎ গ্ৰাহক । কিন্তু এই গ্ৰাহকসকলৰ অধিকাংশই সময়মতে আদায় নিদিয়ে বিদ্যুৎ মাচুল । ৰাজ্য চৰকাৰৰ আবেদনৰ পাচতো এতিয়াও মুঠ বিদ্যুৎ গ্ৰাহকৰ প্ৰায় 55 শতাংশই প্ৰতিমাহৰ বিদ্যুতৰ বিল সময়মতে আদায় নিদিয়ে । যাৰ বিৰূপ প্ৰভাৱ পৰিছে সমগ্ৰ বিদ্যুৎ ব্যৱস্থাটোৰ ওপৰত ।

লগতে পঢ়ক: ডিফুত ৰাষ্ট্ৰীয় লোক আদালত নিষ্পত্তি হ'ল 177 টা গোচৰ

Last Updated : Sep 12, 2021, 9:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.